তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৱেভছ ২০২৫ "ৰিল মেকিং" প্ৰত্যহ্বান

গল্প কথনৰ  ভৱিষ্যত গঢ় দিয়ক, এটা সময়ত এটা ৰিল

Posted On: 11 FEB 2025 3:48PM by PIB Guwahati


 

পাতনি

ৱেভছ ২০২৫ "ৰিল মেকিং" চেলেঞ্জ হৈছে এক অনন্য প্ৰতিযোগিতা যিয়ে সমল সৃষ্টিকৰ্তা আৰু এই বিষয়ত উৎসাহীসকলক মেটাৰ সঁজুলি ব্যৱহাৰ কৰি তেওঁলোকৰ গল্প  কথনৰ  দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰি তুলিব।  এটা সংক্ষিপ্ত ৩০-৯০  ছেকেণ্ডৰ চলচ্চিত্ৰ আৰ্হিৰ জৰিয়তে তেওঁলোকে এই দক্ষতা প্ৰদৰ্শন কৰিব । ইণ্ডিয়ান ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েশ্যনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ  অংশীদাৰিত্বৰে আয়োজন কৰা এই প্ৰত্যাহ্বানটোৱে বিপুল  সঁহাৰি লাভ কৰিছে। লক্ষ্যণীয়ভাবে  ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰীলৈকে সমগ্ৰ ভাৰত আৰু ২০খন দেশৰ পৰা ৩,৩৭৯টা পঞ্জীয়ন লাভ কৰা হৈছে।

এই প্ৰত্যাহ্বান মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ  আৰু  জিঅ’ ৱৰ্ল্ড গাৰ্ডেনছত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES)ৰ অধীনত এক ফ্লেগশ্বিপ পদক্ষেপ ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ অংশ হিচাবে অনুষ্ঠিত কৰা হৈছে। ৱেভছ হৈছে মিডিয়া আৰু মনোৰঞ্জন উদ্যোগত আলোচনা, সহযোগিতা আৰু উদ্ভাৱনক লাভাৱান্বিত কৰা এটা  অগ্ৰণী গ্লোবেল প্লেটফৰ্ম।  সংশ্লিষ্ট উদ্যোগৰ শীৰ্ষ ব্যক্তি  আৰু অংশীদাৰসকলক একত্ৰিত কৰি এই সন্মিলনে উদীয়মান সুযোগসমূহৰ সন্ধান কৰিব, প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব, আৰু বিশ্বৰ সৃষ্টিশীল কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰি তুলিব। ৩১খন প্ৰতিযোগিতাত ৭০,০০০ৰো অধিক পঞ্জীয়নৰ সৈতে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জে সৃষ্টিশীলতা, প্ৰতিভা, আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ পৰা  প্ৰতিযোগিৰ অংশগ্ৰহণক উৎসাহিত কৰি আহিছে।

 

 

ৱেভছ ২০২৫: বিশ্বব্যাপী সৃষ্টিকৰ্তাসকলক একত্ৰিত কৰা

 

ৱেভছ ২০২৫ ৰ অধীনত এক মূল পদক্ষেপ হিচাপে আৰম্ভ কৰা "ৰিল মেকিং" চেলেঞ্জ-এ ভাৰতৰ ডিজিটেল সমল সৃষ্টিকৰ্তা খণ্ডৰ অৰ্থনীতিৰ দ্ৰুত বৃদ্ধিৰ প্ৰতিফলন ঘটোৱাৰ  সমান্তৰালভাৱে সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থানৰ  বিষয়ক  আলোকপাত কৰিছে। ই ভাৰত চৰকাৰৰ "ক্ৰিয়েট ইন ইণ্ডিয়া" দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে  দেশৰ বাহিৰৰ প্ৰতিভাকো  উৎসাহিত কৰিছে।

 

এই প্ৰত্যাহ্বানত আফগানিস্তান, আলবেনিয়া, আমেৰিকা, এণ্ডোৰা, এন্টিগুৱা আৰু বাৰ্বুডা, বাংলাদেশ, ইউ এ ই, অষ্ট্ৰেলিয়া তথা  জাৰ্মানীকে ধৰি অন্যান্য দেশসমূহৰ পৰা   আন্তঃৰাষ্ট্ৰীয় স্তৰত  অংশগ্ৰহণকাৰীক  আকৰ্ষণ কৰিছে। এই বিশ্বব্যাপী প্ৰসাৰে সৃষ্টিশীল খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু বিশ্বজুৰি  সমল সৃষ্টিৰ ক্ষেত্ৰত  অগ্ৰণী প্লেটফৰ্ম হিচাপে ৱেভছৰ ক্ৰমবৰ্ধমান আবেদনক অধিক  উজ্জ্বল কৰি তুলিছে।

 

ঘৰুৱাভাৱে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থান  আৰু দূৰৱৰ্তী স্থানৰ পৰা  প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে  টাৱাং (অৰুণাচল প্ৰদেশ), ডিমাপুৰ (নাগালেণ্ড), কাৰ্গিল (লাডাখ), লেহ, শ্বপিয়ান (কাশ্মীৰ), প’ৰ্ট ব্লেয়াৰ (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ), তেলিয়ামুৰা (ত্ৰিপুৰা), কাছাৰাগোড (কেৰালা), আৰু গেংটক (চিকিম)ৰ দৰে স্থানৰ পৰা অহা প্ৰতিযোগী। সৰু চহৰ আৰু উদীয়মান সৃষ্টিশীল কেন্দ্ৰৰ পৰা  লাভ কৰা  লক্ষ্যণীয় সঁহাৰিয়ে ভাৰতৰ চহকী গল্প কথনৰ  পৰম্পৰা আৰু সমৃদ্ধিশালী ডিজিটেল পৰিৱেশ তন্ত্ৰক  প্ৰতিফলিত কৰিছে।

 

২০ বছৰৰ ওপৰৰ অংশগ্ৰহণকাৰীসকলে ভাৰতৰ প্ৰযুক্তিগত আৰু আন্তঃগাঁথনিৰ উন্নতিৰ বিষয়ত আলোকপাত কৰি "বিকশিত ভাৰত" আৰু "ভাৰত @ ২০৪৭" আদি বিষয়বস্তুৰ ওপৰত ৰিল তৈয়াৰ কৰিব লাগিব। এই বিষয়বস্তুসমূহে গল্প বৰ্ণনা কৰাসকলক ভাৰতৰ উদ্ভাৱনী যাত্ৰাক ধৰি ৰাখিবলৈ এক মঞ্চ প্ৰদান কৰিব, দেশৰ প্ৰগতিৰ বাবে তেওঁলোকৰ সৃষ্টিশীলতা আৰু দৃষ্টিভংগী প্ৰদৰ্শন কৰাৰ সুযোগ দিব।

 

 

 

বিষয়বস্তু সমূহ

 

  • খাদ্য: পথৰ খাদ্যৰ আনন্দ লাভৰ  পৰা আৰম্ভ কৰি আঞ্চলিক  ভিত্তিক বিশেষ খাদ্যলৈকে ভাৰতৰ চহকী ৰন্ধন ঐতিহ্যক উদযাপন কৰা হ'ব ।
  • ভ্ৰমণ: ভাৰতৰ নিৰ্মল বতাহেৰে পৰিপূৰ্ণ  প্ৰাকৃতিক দৃশ্য, ঐতিহ্যমণ্ডিত স্মাৰক আৰু সুপ্ত  ৰত্নসমূহক উদ্ভাসিত কৰা ৷
  • ফেশ্বন: পৰম্পৰাগত আৰু আধুনিক ভাৰতীয় ফেশ্বনৰ সংযোজন অন্বেষণ কৰা।
  • নৃত্য আৰু সংগীত: শাস্ত্ৰীয় পৰিবেশনৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময় লৈকে ভাৰতৰ সংস্কৃতিৰ স্পন্দনশীল ছন্দসমূহ প্ৰদৰ্শন কৰা।
  • গেমিং: ভাৰতৰ বিকশিত গেমিং সংস্কৃতি আৰু মনোৰঞ্জনত ইয়াৰ প্ৰভাৱক প্ৰতিফলিত কৰা৷
  • যোগ আৰু সুস্থতা: যোগ, আয়ুৰ্বেদ আৰু সুস্থতা অভ্যাসৰ জৰিয়তে সামগ্ৰিক জীৱন-যাপনৰ সাৰমৰ্মক উজ্জ্বল কৰি তোলা।
  • ৰোড ট্ৰিপ: ভাৰতীয় ৰোড ট্ৰিপ, দৃশ্যমান পথ  আৰু ভ্ৰমণৰ  দুঃসাহসিক অভিযানৰ ৰোমাঞ্চৰ  কথা প্ৰচাৰ কৰা৷
  • টেক: ভৱিষ্যতক গঢ় দিয়া এ আৰ, ভি আৰ আৰু ডিজিটেল উদ্ভাৱনৰ সৈতে সৃষ্টিশীলতাৰ দুৱাৰ  মুকলি কৰা।

 

নিয়মাৱলী

 

 

ৰিল সম্পৰ্কীয়  গাইডলাইন

 

পুৰস্কাৰ আৰু স্বীকৃতি

 

২০২৫ চনত মেটা-আয়োজিত ইভেণ্ট আৰু ৰিলছ মাষ্টাৰক্লাছলৈ আমন্ত্ৰণ।

 

 

ৱেভছ ইভেণ্টলৈ অহাৰ বাবে  সকলো খা-খৰচ প্ৰদান

 

 

ৱেভছ হল ফেম , অফিচিয়েল ৱেবছাইট, আৰু ছ’চিয়েল মিডিয়াত  বিজয়ীসকলৰ ৰিল প্ৰদৰ্শনৰ ব্যৱস্থা।

 

 

গ্লোবেল কন্টেন্ট ক্ৰিয়েটৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চূড়ান্ত প্ৰতিযোগীসকলৰ বাবে মন্ত্ৰালয়ৰ পূৰ্ণ সমৰ্থন।

 

তথ্যসূত্ৰ:

 

https://wavesindia.org/challenges-2025

https://eventsites.iamai.in/Waves/reelmaking/

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2099990

 Click here to download PDF


(Release ID: 2102142) Visitor Counter : 14