প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

খো খো বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় পুৰুষ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 19 JAN 2025 11:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় পুৰুষ দলটোক খো-খো বিশ্বকাপ বিজয়ী হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সাহস আৰু নিষ্ঠাৰ প্ৰশংসা কৰে।

এক্সত এটা পোষ্টত তেওঁ লিখেঃ

‘ভাৰতীয় খো-খোৰ বাবে আজি এটা ডাঙৰ দিন।

খো-খো বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় পুৰুষৰ খো-খো দলক লৈ অতিশয় গৌৰৱ অনুভৱ কৰিছো। তেওঁলোকৰ সাহস আৰু নিষ্ঠা প্ৰশংসনীয়। এই বিজয়ে যুৱক-যুৱতীসকলৰ মাজত খো-খোক অধিক জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগাব।”

***

MJPS/SR/DB


 


(Release ID: 2100312) Visitor Counter : 31