মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
পৰীক্ষা পে চৰ্চা, ২০২৫
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত ডিডিকে প্ৰমুখ্য কৰি একাধিক প্লেটফৰ্মত সমগ্ৰ ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিব
পৰীক্ষা পে চৰ্চাত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰিব
পিপিচি, ২০২৫ত ছাত্ৰ-ছাত্ৰীসকলক অতিশয় আকৰ্ষণীয় ৰূপত পথ প্ৰদৰ্শন কৰিবলৈ মানসিক স্বাস্থ্যৰপৰা প্ৰযুক্তিলৈকে ভিন্ন ক্ষেত্ৰৰ শীৰ্ষ বিশেষজ্ঞসকলে যোগদান কৰিব
পিপিচি, ২০২৫-য়ে ৰাষ্ট্ৰজুৰি ৫ কোটি অংশগ্ৰহণেৰে অভিলেখ ৰচনা কৰিব
Posted On:
06 FEB 2025 12:08PM by PIB Guwahati
বহু প্ৰতীক্ষিত পৰীক্ষা পে চৰ্চা, ২০২৫ (PPC 2025) ১০ ফেব্ৰুৱাৰীৰ দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময়ৰে পৰীক্ষাৰ প্ৰস্তুতি, মানসিক চাপ নিয়ন্ত্ৰণ আৰু ব্যক্তিগত বিকাশ সম্পৰ্কে অন্তৰ্দৃষ্টি আগবঢ়াব।
এইবাৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ব’ৰ্ড চৰকাৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, সৈনিক বিদ্যালয়, একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, চিবিএছই আৰু নৱোদয় বিদ্যালয়ৰপৰা বাছনি কৰা হৈছে। ইয়াৰে একাংশ প্ৰেৰণা বিদ্যালয় কাৰ্য্যসূচীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, কলা উৎসৱ আৰু বীৰ গাথাৰ বিজয়ী। আগন্তুক সংস্কৰণত ভাৰতৰ বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ প্ৰকৃত প্ৰতিফলন ঘটাই এই ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ বাছনি কৰা হৈছে।
এক নতুন মাত্ৰা যোগেৰে পিপিচি, ২০২৫ আঠটা খণ্ডত বিস্তৃত এক আকৰ্ষণীয় নতুন ৰূপত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে প্ৰাৰম্ভিক মত-বিনিময়ক পোনপটীয়াকৈ দূৰদৰ্শন, স্বয়ম, স্বয়ম প্ৰভা, পিএমঅ’ ইউটিউব চেনেল আৰু শিক্ষা মন্ত্ৰালয় তথা তথ্য আৰু সম্প্ৰচাৰ (I&B) মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া চেনেলত সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ জৰিয়তে সমগ্ৰ ৰাষ্ট্ৰৰ দৰ্শকসকলে এই সমৃদ্ধিশালী অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব।
পিপিচি এক জন আন্দোলন হৈ উঠাৰ লগে-লগে উল্লেখযোগ্য সামূহিক সংযোগেৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক সুস্থতাক সম্বোধন কৰা হৈছে। সেই অনুসৰি, ৮ম সংস্কৰণ অৰ্থাৎ পিপিচি, ২০২৫ত ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। তেওঁলোকে পিপিচিৰ পৰৱৰ্তী ৭ টা খণ্ডত ছাত্ৰ-ছাত্ৰীসকলক জীৱন আৰু শিক্ষণৰ মূল দিশসমূহত পথ প্ৰদৰ্শনেৰে নিজৰ অভিজ্ঞতা আৰু জ্ঞানৰ আদান-প্ৰদান কৰিব। এই অধিবেশনসমূহত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলকো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল, ভিন্ন শৈক্ষিক সংস্থা আৰু ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ বিদ্যালয় প্ৰতিযোগিতাৰপৰা বাছনি কৰা হৈছে। ভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা এই খণ্ডসমূহৰ ভিতৰত আছেঃ
- ক্ৰীড়া আৰু নিয়মানুৱৰ্তিতাঃ এম চি মেৰী কম, অৱনী লেখাৰা আৰু সুহাশ যথিৰাজে লক্ষ্য নিৰ্ধাৰণ, প্ৰাণোচ্ছলতা আৰু নিয়মানুৱৰ্তিতাৰ জৰিয়তে মানসিক চাপ ব্যৱস্থাপনা সম্পৰ্কে মত-বিনিময় কৰিব।
- মানসিক স্বাস্থ্যঃ মানসিক সুস্থতা আৰু আত্ম-প্ৰকাশৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰিব দীপিকা পাডুকনে।
- পুষ্টিঃ সোণালী সভাৰৱাল আৰু ৰুজুতা দিৱেকাৰে স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু শৈক্ষিক সফলতাত গভীৰ নিদ্ৰাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰিব। ফুড ফাৰ্মাৰ নামেৰে পৰিচিত ৰেৱন্ত হিমতসিংকাই এটি সুস্থ জীৱনশৈলী গঢ়ি তোলা সন্দৰ্ভত অন্তৰ্দৃষ্টি প্ৰদান কৰিব।
- প্ৰযুক্তি আৰু বিত্তঃ গৌৰৱ চৌধাৰী (টেকনিকেল গুৰুজী) আৰু ৰাধিকা গুপ্তাই স্মাৰ্ট শিক্ষণ আৰু বিত্তীয় সাক্ষৰতাৰ আহিলা হিচাপে প্ৰযুক্তিৰ ভূমিকাত আলোকপাত কৰিব।
- ক্ৰিয়েটিভিটি আৰু পজিটিভিটিঃ বিক্ৰান্ত মেছি আৰু ভূমি পেডনেকাৰে ছাত্ৰ-ছাত্ৰীসকলক নেতিবাচক চিন্তা পৰিহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব, ইতিবাচক মানসিকতাৰ পোষকতা কৰিব।
- মননশীলতা আৰু মানসিক শান্তিঃ ছাত্ৰ-ছাত্ৰীসকলক মানসিক প্ৰাঞ্জলতা আৰু মনোযোগ অক্ষুণ্ণ ৰখাত সহায় কৰিবলৈ সদগুৰুৱে ব্যৱহাৰিক মননশীল কৌশলসমূহৰ সম্পৰ্কে ব্যক্ত কৰিব।
- সফলতাৰ কাহিনীঃ ইউপিএছচি, আইআইটি-জেইই, চিএলএটি, চিবিএছই, এনডিএ, আইচিএছই আদি ভিন্ন পৰীক্ষাৰ টপাৰসকলৰ লগতে পিপিচি-ৰ পূৰ্বৰ সংস্কৰণৰ অংশগ্ৰহণকাৰীসকলে পৰীক্ষা পে চৰ্চাই তেওঁলোকৰ প্ৰস্তুতি কৌশলত কেনে প্ৰভাৱ পেলাইছিল আৰু তেওঁলোকক কেনেকৈ অনুপ্ৰাণিত কৰিছিল, সেই সম্পৰ্কে ব্যক্ত কৰিব।
২০১৮ত আৰম্ভ হোৱাৰেপৰাই পৰীক্ষা পে চৰ্চা এক দেশজোৰা আন্দোলনত পৰিণত হৈছে আৰু আগন্তুক সংস্কৰণ ৫ কোটিৰো অধিকৰ অংশগ্ৰহণেৰে পূৰ্বৰ অভিলেখ ভংগৰে আজিলৈকে আটাইতকৈ আকৰ্ষণীয় আৰু প্ৰভাৱশালী সংস্কৰণ হিচাপে পৰিগণিত হ’ব।
এই মঞ্চত সকলো পটভূমিৰ ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণ নিশ্চিতকৰণৰ অৰ্থে শিক্ষা মন্ত্ৰালয়ে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলশ্ৰুতিত পৰীক্ষা পে চৰ্চা ছাত্ৰ-ছাত্ৰীসকলৰ মনক লালন-পালন কৰা, শৈক্ষিক সফলতা আৰু ব্যক্তিগত বিকাশৰ দিশত পথ প্ৰদৰ্শনকাৰী এক ৰূপান্তৰশীল পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
লাইভ আপডেট, অংশগ্ৰহণৰ বিৱৰণ আৰু এক্সক্লুছিভ অন্তৰ্দৃষ্টিৰ বাবে, শিক্ষা মন্ত্ৰালয় আৰু আইএণ্ডবি মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে সংযুক্ত হৈ থাকক।
*****
MV/AK/SB
(Release ID: 2100268)
Visitor Counter : 14
Read this release in:
English
,
Khasi
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam