প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰেমী বঁটা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সংগীতজ্ঞ চন্দ্ৰিকা টেণ্ডনক অভিনন্দন জনায়
Posted On:
03 FEB 2025 2:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে আজি ত্ৰিবেণী এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰা সংগীতজ্ঞ চন্দ্ৰিকা টেণ্ডনক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আগ্ৰহ তথা এগৰাকী উদ্যোগী, জনহিতৈষী আৰু সংগীতজ্ঞ হিচাপে তেওঁৰ কৃতিত্বৰ প্ৰশংসা কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ
"ত্ৰিবেণী এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰাৰ বাবে চন্দ্ৰিকা টেণ্ডনক অভিনন্দন জনাইছো। এগৰাকী উদ্যোগী, জনহিতৈষী তথা সংগীতজ্ঞ হিচাপে তেওঁৰ সাফল্যত আমি অতি গৌৰৱ অনুভৱ কৰো! ভাৰতীয় সংস্কৃতিৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু ইয়াক জনপ্ৰিয় কৰাৰ বাবে তেওঁ কৰি থকা কাম প্ৰশংসনীয়। বহু লোকৰ বাবে তেওঁ অনুপ্ৰেৰণা।
২০২৩ চনত নিউয়ৰ্কত তেওঁক লগ পোৱাৰ কথা মই স্মৰণ কৰো।"
***
MJPS/SR/MK
(Release ID: 2100027)
Read this release in:
Khasi
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam