বিত্ত মন্ত্ৰালয়
সৰু মডিউলাৰ ৰিয়েক্টৰৰ গৱেষণা আৰু উন্নয়নৰ বাবে আৰম্ভ হ’ব পাৰমাণৱিক শক্তি অভিযান: বাজেট ২০২৫-২৬
২০৩৩ চনৰ ভিতৰত দেশত নিৰ্মিত এনে পাঁচটা ৰিয়েক্টৰ কাৰ্যক্ষম হ’ব
Posted On:
01 FEB 2025 12:58PM by PIB Guwahati
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰা ২০২৫-২৬ চনৰ বাজেটত ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰৰ গৱেষণা আৰু বিকাশৰ বাবে পাৰমাণৱিক শক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ বাবে ব্যয় হ’ব ২০ হাজাৰ কোটি টকা। তেওঁ কয় যে ২০৩৩ চনৰ ভিতৰত দেশত নিৰ্মিত এনে পাঁচটা ৰিয়েক্টৰ কাৰ্যক্ষম হ’ব।
শ্ৰীমতী সীতাৰমণে কয় যে শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত ২০৪৭ চনৰ ভিতৰত কমেও ১০০ গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদন কৰাটো অতি প্ৰয়োজনীয়। ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ ইয়াৰ এক গুৰুত্বপূৰ্ণ দিশ। গতিকে পাৰমাণৱিক শক্তি আইন আৰু পাৰমাণৱিক শক্তিৰ ফলত হোৱা ক্ষতিৰ সৈতে মোকাবিলা কৰাৰ বাবে নাগৰিক দায়বদ্ধতা আইন সংশোধন কৰা হ’ব।
বাজেটত উল্লেখ কৰা মতে ৰাজ্যসমূহক বিদ্যুৎ বিতৰণ খণ্ডৰ সংস্কাৰ আৰু আন্তঃৰাজ্যিক সংবহন ব্যৱস্থাপনা আৰু অধিক সম্প্ৰসাৰণৰ বাবে উৎসাহিত কৰা হ’ব। ইয়াৰ ফলত বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ আৰ্থিক অৱস্থা উন্নত হ’ব। এই সংস্কাৰসমূহ আগুৱাই নিবলৈ ৰাজ্যসমূহক তেওঁলোকৰ মুঠ ঘৰুৱা উৎপাদনৰ ০.৫ শতাংশ পৰ্যন্ত অতিৰিক্ত ঋণ দিয়া হ’ব।
.
For related information on Energy Security, Click here -https://pib.gov.in/PressReleasePage.aspx?PRID=2098441
******
NB | VV | BKCV
(Release ID: 2099574)
Visitor Counter : 53
Read this release in:
Odia
,
Hindi
,
English
,
Urdu
,
Marathi
,
Nepali
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam