বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

‘বাজেট ২০২৫-২৬’-য়ে বাণিজ্য সুবিধাক প্ৰাথমিকতা প্ৰদান কৰিছে: ‘জিএছটি’ সংশোধনৰ প্ৰস্তাৱ

১ এপ্ৰিল, ২০২৫ তাৰিখৰ পৰা আন্তঃৰাজ্যিক যোগানৰ ক্ষেত্ৰত ‘ইনপুট টেক্স ক্ৰেডিট’ বিতৰণ কৰা হ’ব

‘ট্ৰেক এণ্ড ট্ৰেচ মেকানিজম’-ৰ বাবে একক চিনাক্তকৰণ চিহ্ন নিৰ্ধাৰণ কৰিবলৈ নতুন ধাৰা

যোগানকৰ্তাৰ কৰ দায়বদ্ধতা হ্ৰাস কৰাৰ ব্যৱস্থা

Posted On: 01 FEB 2025 12:51PM by PIB Guwahati

 

আজি সংসদত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট ২০২৫-২৬ উত্থাপন কৰে। বাজেটত বাণিজ্য সুবিধা নিশ্চিত কৰাৰ বাবে ‘জিএছটি আইন’ত পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। এই প্ৰস্তাৱিত সংশোধনীবোৰৰ ভিতৰত আছে:

  • আন্তঃৰাজ্যিক যোগান সন্দৰ্ভত ‘ইনপুট সেৱা বিতৰক’ৰ দ্বাৰা ‘ইনপুট টেক্স ক্ৰেডিট’ বিতৰণৰ ব্যৱস্থা, যাৰ ওপৰত ১ এপ্ৰিল, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘ৰিভাৰ্চ চাৰ্জ’ আধাৰত কৰ পৰিশোধ কৰিব লাগিব।
  • ‘ট্ৰেক এণ্ড ট্ৰেচ মেকানিজম’ ৰূপায়ণৰ বাবে ‘ইউনিক আইডেণ্টিফিকেশ্যন মাৰ্কিং’-ৰ সংজ্ঞা প্ৰদান কৰাৰ বাবে এটা নতুন ধাৰা সন্নিৱিষ্ট কৰা হৈছে।
  • যোগানকৰ্তাৰ কৰ দায়বদ্ধতা হ্ৰাস কৰাৰ উদ্দেশ্যে ‘ক্ৰেডিট-নোট’ সন্দৰ্ভত প্ৰয়োজনীয় সংশ্লিষ্ট ‘ইনপুট টেক্স ক্ৰেডিট’ বিপৰীত কৰাৰ ব্যৱস্থা, যদি প্ৰাপ্ত কৰা হয়।
  • কৰৰ কোনো দাবী অবিহনে কেৱল জৰিমনা দাবী কৰা গোচৰত আপীল কৰ্তৃপক্ষৰ সন্মুখত আপীলৰ বাবে জৰিমনা পৰিমাণৰ ১০%  পূৰ্ব-জমা বাধ্যতামূলক হ’ব।
  • ‘ট্ৰেক এণ্ড ট্ৰেচ মেকানিজম’ সম্পৰ্কীয় ব্যৱস্থাউলংঘনৰ বাবে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হব।
  • ‘চিজিএছটি আইন, ২০১৭’-ৰ ‘অনুসূচী ৩’-ত ব্যৱস্থা উল্লেখ কৰা হৈছে যে ৰপ্তানিৰ বাবে অনুমোদন জনোৱাৰ আগতে বা ঘৰুৱা শুল্ক এলেকালৈ যিকোনো ব্যক্তিক বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত বা মুক্ত বাণিজ্য পণ্যাগাৰ মণ্ডলত গুদামত ৰখা সামগ্ৰীৰ যোগানক সামগ্ৰীৰ যোগান বা সেৱাৰ যোগান হিচাপে গণ্য কৰা নহ'ব। লগতে এনে লেনদেনৰ বাবে ইতিমধ্যে পৰিশোধ কৰা কৰৰ কোনো ধন ঘূৰাই দিয়া নাযাব। এইটো ০১.৭.২০১৭ তাৰিপখৰ পৰা প্ৰযোজ্য হ'ব।
  • "স্থানীয় কৰ্তৃপক্ষ"ৰ সংজ্ঞাত ব্যৱহৃত 'স্থানীয় পুঁজি' আৰু 'পৌৰ নিধি'ৰ সংজ্ঞা অন্তৰ্ভুক্ত কৰা হ’ব।
  • কিছুমান চৰ্ত আৰু ‘ৰিটাৰ্ণ’ দাখিলৰ বাবে সীমাবদ্ধতা অন্তৰ্ভুক্ত কৰিব লাগিব।

 

‘জিএছটি পৰিষদ’-ৰ পৰামৰ্শ অনুসৰি, ৰাজ্যসমূহৰ সৈতে সমন্বয় সাধনেৰে অধিসূচনা কৰিব লগা তাৰিখৰ পৰা এই পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰা হ'ব বুলি বাজেটত কোৱা হৈছে।

 

****

NB/VV/GS/KB


(Release ID: 2099476) Visitor Counter : 60