বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫-২৬ৰ কেন্দ্ৰীয় বাজেট ঔদ্যোগিক সামগ্ৰীৰ সাতটা শুল্কৰ হাৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ

কেন্সাৰ আৰু অন্যান্য বিৰল ৰোগৰ বাবে ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধক শুল্কৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ

ই-মবিলিটিৰ বৃদ্ধি : ইভি বেটাৰী নিৰ্মাণৰ বাবে ৩৫টা অতিৰিক্ত মূলধনী সামগ্ৰী বিচিডিৰ পৰা ৰেহাই দিয়া হৈছে

ৰপ্তানি, বাণিজ্যৰ সুবিধা প্ৰদান আৰু সাধাৰণ মানুহক সকাহ প্ৰদান কৰাৰ লগতে ঘৰুৱা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মূল্য সংযোজনক সমৰ্থন কৰাৰ প্ৰস্তাৱ

Posted On: 01 FEB 2025 12:55PM by PIB Guwahati

 

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰা ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটত শুল্ক গাঁথনি যুক্তিসংগতকৰণ আৰু প্ৰয়োজনত কেতবোৰ শুল্ক প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্ত  মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰস্তাৱসমূহে ঘৰুৱা উৎপাদন আৰু মূল্য সংযোজনৰ ক্ষেত্ৰতো সহায় কৰিব আৰু  ৰপ্তানিৰ প্ৰসাৰ, বাণিজ্যৰ সুবিধা তথা সাধাৰণ মানুহক সকাহ প্ৰদান কৰিব।

২০২৪ চনৰ জুলাই মাহত ঘোষণা কৰা শুল্ক হাৰৰ গাঁথনি পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰি বাজেটখনে ২০২৩-২৪ চনৰ বাজেটত প্ৰত্যাহাৰ কৰা সাতটা শুল্ক হাৰৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰি   ঔদ্যোগিক সামগ্ৰীৰ বাবে সাতটা শুল্ক  হাৰ  প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ লোৱা হয় । ইয়াৰ ফলত এইক্ষেত্ৰত  ‘শূন্য’ হাৰকে ধৰি মাত্ৰ আঠটা শুল্ক হাৰহে অব্যাহত  থাকিব। বাজেটত এটাতকৈ অধিক চেছ বা উপ-কৰ  আৰোপ নকৰাৰো প্ৰস্তাৱ  আগবঢ়োৱা  হৈছে। ইয়াৰ ফলত চেছৰ অধীনত থকা ৮২টা শুল্কৰ অধীনত থকা  সমাজ কল্যাণ বিষয়ক উপ-কৰ ৰেহাই দিয়া হ’ব।

ঔষধ আমদানিৰ ক্ষেত্ৰত সকাহ

বাজেটৰ খণ্ড নিৰ্দিষ্ট প্ৰস্তাৱত ৰোগীৰ  বাবে বিশেষকৈ কেন্সাৰ, বিৰল ৰোগ আৰু অন্যান্য গুৰুতৰ দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্তসকলৰ বাবে এক ডাঙৰ সকাহৰ প্ৰস্তাৱ ৰখা হৈছে।  বাজেটত মৌলিক শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই  দিয়া ঔষধৰ তালিকাত ৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধ  যোগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বাজেটত ৫% ৰেহাইমূলক শুল্কৰ অধীনত আন  ৬টা জীৱন ৰক্ষাকাৰী ঔষধো তালিকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।   একেদৰে অধিক মাত্ৰাত তেনে  ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰতো  ৰেহাইমূলক শুল্ক প্ৰযোজ্য হ’ব।

যদি তেনে  ঔষধসমূহ ৰোগীক বিনামূলীয়াকৈ যোগান ধৰা হয়, তেন্তে ঔষধ কোম্পানীসমূহে পৰিচালনা কৰা ৰোগী সহায় কাৰ্যসূচীৰ অধীনততেনে  নিৰ্দিষ্ট ঔষধসমূহ মৌলিক  শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।  বাজেটত ১৩টা নতুন ৰোগী সাহায্য কাৰ্যসূচীৰ লগতে আৰু ৩৭টা ঔষধ এই তালিকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

ঘৰুৱা উৎপাদন আৰু মূল্য সংযোজনৰ সমৰ্থন

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ  বাজেট ভাষণত কয়- “বাজেটত ইভি বেটাৰী নিৰ্মাণৰ বাবে ৩৫টা অতিৰিক্ত মূলধনী সামগ্ৰী আৰু মোবাইল ফোন বেটাৰী নিৰ্মাণৰ বাবে ২৮টা অতিৰিক্ত মূলধনী সামগ্ৰী ৰেহাইপ্ৰাপ্ত মূলধনী সামগ্ৰীৰ তালিকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ফলত মোবাইল ফোন আৰু ইলেক্ট্ৰিক বাহন উভয়ৰে  বাবে লিথিয়াম-আয়ন বেটাৰীৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাব”

বাজেটত কোবাল্ট পাউদাৰ আৰু আৱৰ্জনা, লিথিয়াম-আয়ন বেটাৰীৰ স্ক্ৰেপ, সীহ, জিংক আৰু আৰু ১২টা জটিল খনিজ পদাৰ্থৰ ওপৰত মৌলিক  শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ প্ৰস্তাৱো দিয়া হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰতত তেনে সামগ্ৰী  উৎপাদনৰ বাবে তেওঁলোকক অনুপ্ৰাণিত  কৰাত সহায়ক হ’ব আৰু আমাৰ যুৱক-যুৱতীসকলৰ বাবে অধিক চাকৰিৰ সুবিধা সৃষ্টি হ’ব। ইয়াৰ উপৰি ২০২৪ চনৰ জুলাই  মাহৰ বাজেটত বিচিডিৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া ২৫টা অতি গুৰুত্বপূৰ্ণ  খনিজ পদাৰ্থকো এইবেলি বাজেটত বিভিন্ন সুবিধাৰে সাংমৰি লোৱা হৈছে।

 

প্ৰতিযোগিতামূলক মূল্যত কৃষি সম্পৰ্কিত  বস্ত্ৰশিল্প, চিকিৎসা সম্পৰ্কিত আৰু জিঅ’ বস্ত্ৰশিল্পৰ দৰে কাৰিকৰী বস্ত্ৰজাত সামগ্ৰীৰ ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰিবলৈ বাজেটত সম্পূৰ্ণ ৰেহাই দিয়া  বস্ত্ৰ প্ৰস্তুতকাৰী  যন্ত্ৰৰ তালিকাত আৰু দুবিধ মাঁকোবিহীন তাঁতশাল যোগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্তমন্ত্ৰীয়ে ভাষণত কয় যে, “মই নটা শুল্কই সামৰি লোৱা বোৱা  কাপোৰৰ বিচিডিৰ হাৰ “১০% বা ২০%” বা ১১৫ টকা প্ৰতি কেজি, যিটো বেছি হয় ” সেয়া  সংশোধন কৰাৰ প্ৰস্তাৱো আগবঢ়াইছো।

 

‘মেক ইন ইণ্ডিয়া’ নীতিৰ সৈতে সংগতি ৰাখি বাজেটত ইন্টাৰেক্টিভ ফ্লেট পেনেল ডিছপ্লে (আই এফ পি ডি)ৰ বি চি ডি ১০%ৰ পৰা ২০%লৈ বৃদ্ধি কৰাৰ লগতে  বেটাৰীৰ দৰে চেল  আৰু অন্যান্য উপাদানসমূহৰ ক্ষেত্ৰত  বি চি ডি ৫%লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে  অৱগত কৰে যে ইয়াৰ দ্বাৰা কৰৰ গাঁথনি শুধৰণি কৰা হ’ব।

জাহাজ নিৰ্মাণৰ দীৰ্ঘ  সময়ছোৱা বিবেচনা কৰি বাজেটত জাহাজ নিৰ্মাণৰ বাবে কেঁচামাল, উপাদান, প্ৰয়োজনীয়  সামগ্ৰী বা  আন অংশৰ ক্ষেত্ৰত বেছিক কাষ্ম ডিউটি (বিচিডি ) ৰেহাই দিয়াৰ লগতে  দহ বছৰৰ বাবে  ইয়াক অব্যাহত ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। বাজেটত জাহাজ ভাঙি যোৱাৰ ক্ষেত্ৰতো একে ধৰণৰ ৰেহাইৰ প্ৰস্তাৱ দিয়া হৈছে,  যাতে  জাহাজ খণ্ডক ইয়াক অধিক প্ৰতিযোগিতামূলক কৰি তুলিব পৰা যায়।

 

বাজেটত কেৰিয়াৰ গ্ৰেড ইথাৰনেট চুইচত বিচিডি ২০%ৰ পৰা ১০%লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱো দিয়া হৈছে যাতে ইয়াক নন-কেৰিয়াৰ গ্ৰেড ইথাৰনেট চুইচৰ  সমতুল্য কৰিব পৰা যায়। বিত্তমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত শ্ৰেণীবিভাজনৰ ফলত সৃষ্টি হোৱা বেমেজালি দূৰ  হ’ব।

 

ৰপ্তানিৰ প্ৰসাৰ

 

বাজেটত ৰপ্তানি প্ৰসাৰিত কৰাৰ বাবে কিছুমান কৰৰ প্ৰস্তাৱো সন্নিবিষ্ট কৰা হৈছে। হস্তশিল্পৰ ৰপ্তানিৰ সুবিধাৰ বাবে ইয়াত ৰপ্তানিৰ সময়সীমা ছমাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, প্ৰয়োজন হ’লে ইয়াক  আৰু তিনিমাহ বৃদ্ধি কৰিব পৰা যাব। বাজেটত শুল্কমুক্ত সামগ্ৰীৰ তালিকাত ৯টা হস্তশিল্পৰ সামগ্ৰীও সংযোজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

 

বাজেটত ক্ষুদ্ৰ উদ্যোগীসকলক  ৰপ্তানিৰ সুবিধাৰ বাবে  চামৰাৰ সামগ্ৰীৰ ক্ষেত্ৰত  ২০% ৰপ্তানি শুল্কৰ পৰা ৰেহাই দিয়াৰ লগতে ঘৰুৱা মূল্য সংযোজন আৰু নিয়োগৰ বাবে আমদানিৰ সুবিধাৰ  অৰ্থে  ৱেট ব্লু চামৰাৰ ওপৰত বিচিডি সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।

 

বিশ্বৰ সাগৰীয় খাদ্যৰ বজাৰত ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে বাজেটত এনে  সামগ্ৰী প্ৰস্তুত আৰু ৰপ্তানিৰ ক্ষেত্ৰত , বিশেষকৈ  ফ্ৰ’জেন ফিচ পেষ্ট (চুৰিমি) আদিৰ ক্ষেত্ৰত  বিচিডি ৩০%ৰ পৰা ৫%লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উপৰি মাছ আৰু মিছামাছৰ  পৰা খাদ্য প্ৰস্তুতৰ  বাবে  মাছৰ হাইড্ৰ’লাইজেটৰ ওপৰত বিচিডি ১৫%ৰ পৰা ৫%লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

 

বিমান আৰু জাহাজ ক্ষেত্ৰ খনত  ঘৰুৱা এম আৰ অ’ৰ উন্নয়নক প্ৰসাৰিত কৰিবলৈ ২০২৪ চনৰ জুলাই মাহৰ বাজেটত মেৰামতিৰ অৰ্থে আমদানি কৰা বিদেশী সামগ্ৰী ৰপ্তানিৰ সময়সীমা ৬ মাহৰ পৰা এবছৰলৈ আৰু অধিক বৃদ্ধি কৰিব পৰাকৈ  প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ২০২৫-২৬ চনৰ বাজেটত ৰে’লৱেৰ সামগ্ৰীৰ ক্ষেত্ৰতো একে ধৰণৰ ৰেহাই বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

 

বাণিজ্যৰ সুবিধা আৰু ব্যৱসায়ত  সহজতা

 

বৰ্তমান শুল্ক আইন, ১৯৬২ত অনিশ্চয়তা আৰু বাণিজ্যৰ খৰচ বৃদ্ধি  কৰা  বিষয়ৰ অস্থায়ী মূল্যায়ন নিৰ্ধাৰণ  কৰাৰ কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। ব্যৱসায়ক সহজ কৰি তোলাৰ বাবে নানান ব্যৱস্থা  প্ৰসাৰিত কৰাৰ পদক্ষেপ হিচাপে বাজেটত এই বিষয়ক  অস্থায়ী মূল্যায়ন চূড়ান্ত কৰাৰ অৰ্থে  দুবছৰৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, ইয়াক পুনৰ  এবছৰ বৃদ্ধি কৰিব পৰা যাব।

 

বাজেটত এনে এক নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱো দিয়া হৈছে, যাৰ ফলত আমদানিকৰ্তা বা ৰপ্তানিকৰ্তাসকলে সামগ্ৰী নিষ্কাশনৰ পিছত স্বেচ্ছাই বস্তুগত তথ্য ঘোষণা কৰিব পাৰিব  শ্ৰীমতী সীতাৰমণে কয় “ইয়াৰ ফলত স্বেচ্ছামূলক জ্ঞাতকৰণক উদগনি যোগোৱা  হ’ব। অৱশ্যে সংশ্লিষ্ট বিভাগে ইতিমধ্যে অডিট কৰা বা তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বিষয়ৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহ’ব”।

 

বাজেটত সংশ্লিষ্ট নিয়মত আমদানিকৃত সামগ্ৰীৰ শেষ ব্যৱহাৰৰ সময়সীমাও  ছমাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ফলত সংশ্লিষ্ট উদ্যোগে নিজৰ আমদানি উন্নত কৰাৰ  পৰিকল্পনা যুগুতাব পাৰিব। এনে পদক্ষেপে  খৰচ আৰু যোগানৰ অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্য্যকৰী নমনীয়তাও প্ৰদান কৰিব। তদুপৰি এনে আমদানিকৰ্তাই  এতিয়া মাহেকীয়া বিবৃতিৰ পৰিৱৰ্তে কেৱল ত্ৰৈমাসিক বিবৃতি দাখিল কৰিব  পাৰিব।


(Release ID: 2099471) Visitor Counter : 33