বিত্ত মন্ত্ৰালয়
সুশাসনৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত প্ৰত্যক্ষ কৰ সংস্কাৰৰ প্ৰস্তাৱ
Posted On:
01 FEB 2025 12:53PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতীনিৰ্মলা সীতাৰমণে সংসদত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে। জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ উন্নয়নৰ বাবে সুশাসন অৰ্জন কৰাৰ লক্ষ্যৰে বাজেটত প্ৰত্যক্ষ কৰ সংস্কাৰৰ কেইবাটাও প্ৰস্তাৱ আগবঢ়োৱা হৈছে ।
প্ৰত্যক্ষ কৰ প্ৰস্তাৱসমূহৰ উদ্দেশ্য হ’ল-
মধ্যবিত্ত শ্ৰেণীক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি ব্যক্তিগত আয়কৰৰ সংস্কাৰ: মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি বাজেটত ব্যক্তিগত আয়কৰৰ সংস্কাৰ ঘটোৱা হৈছে। নতুন ব্যৱস্থাৰ অধীনত ১২ লাখ টকাৰ মুঠ বাৰ্ষিক উপাৰ্জনলৈকে কোনো আয়কৰ পৰিশোধ কৰিব নালাগিব ( বিশেষ হাৰৰ উপাৰ্জন ৰ লগতে প্ৰতি মাহে গড় উপাৰ্জন ১ লাখ টকা পৰ্যন্ত)। এই সীমা হ'ব বেতনভোগী কৰ দাতাসকলৰ বাবে ১২.৭৫ লাখ টকা, এইক্ষেত্ৰত ৭৫,০০০ টকা মানক কৰ্তনৰ বাবে ধৰা হৈছে।

টিডিএছ/টিচিএছৰ যুক্তিসংগতকৰণঃ জ্যেষ্ঠ নাগৰিকৰ সুতৰ ওপৰত কৰ কৰ্তনৰ সীমা বৰ্তমানৰ ৫০ হাজাৰ টকাৰ পৰা দুগুণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এতিয়া এই সীমা ৫০ হাজাৰৰ ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে গ্ৰহণ কৰা প্ৰস্তাৱবোৰৰ ভিতৰত আছে ভাড়াৰ ক্ষেত্ৰত টিডিএছৰ বাবে বাৰ্ষিক ২.৪০ লাখ টকাৰ সীমা ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ই টি.ডি.এছ.-ৰ বাবে দায়বদ্ধ লেনদেনৰ সংখ্যা হ্ৰাস কৰিব, একেদৰে ক্ষুদ্ৰ কৰ দাতাই ক্ষুদ্ৰ হাৰত কৰ পৰিশোধ কৰাৰ সুবিধা লাভ কৰি লাভাৱান্বিত হ'ব। উচ্চ হাৰৰ টি.ডি.এছ. কৰ্তনৰ ব্যৱস্থাবোৰ এতিয়া কেৱল পান নথকাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। লগতে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ লিবাৰেলাইজড ৰেমিটেন্স আঁচনিৰ (এলআৰএছ) অধীনত উৎসত কৰ সংগ্ৰহৰ সীমা ৭ লাখ টকাৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। লগতে, বিবৃতি দাখিল কৰাৰ নিৰ্দিষ্ট তাৰিখলৈকে টিচিএছ পৰিশোধত ঘটিব পৰা বিলম্বক অপৰাধীকৰণৰ যোগ্য বিষয় নহয় বুলি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
স্বেচ্ছামূলক অনুপালনক উৎসাহিত কৰাৰ পদক্ষেপ: যিকোনো মূল্যায়ন বছৰৰ বাবে আপডেট কৰা, আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়সীমা বৰ্তমানৰ দুবছৰৰ পৰা চাৰি বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি ক্ৰিপ্টো-সম্পত্তিৰ লেনদেনৰ সন্দৰ্ভত বিবৃতি প্ৰদান কৰি তথ্য প্ৰদান কৰাটো বাধ্যতামূলক কৰিবলৈ আইনখনত সংশোধন অনাৰ প্ৰস্তাৱ লোৱা হৈছে। সেই অনুসৰি ভাৰ্চুৱেল ডিজিটেল সম্পত্তিৰ সংজ্ঞাও নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
অনুপালনৰ বোজা হ্ৰাস কৰাৰ পদক্ষেপ : ক্ষুদ্ৰ দাতব্য ট্ৰাষ্ট/প্ৰতিষ্ঠানসমূহৰ পঞ্জীয়নৰ সময়সীমা ৫ বছৰৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰি অনুপালনৰ বোজা হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তদুপৰি, কোনো চৰ্ত নোহোৱাকৈ, দুটা স্ব-দখল সম্পত্তিৰ বাৰ্ষিক মূল্য শূন্য বুলি দাবী কৰাৰ সুবিধাৰ অনুমতি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। পঞ্চাশ লাখতকৈ অধিক মূল্যৰ নিৰ্দিষ্ট সামগ্ৰী বিক্ৰী কৰিলে উৎসত কোনো কৰ সংগ্ৰহ কৰা নহ’ব বুলিও বাজেটত প্ৰস্তাৱ দিয়া হৈছে।
ব্যৱসায়ত সহজতা: তিনি বছৰৰ ব্লক সময়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ আৰ্মছ লেংথ মূল্য নিৰ্ধাৰণৰ অৰ্থে প্ৰস্তাৱিত আঁচনি, স্থানান্তৰ মূল্য নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিবলৈ আৰু বছৰেকীয়া পৰীক্ষাৰ বিকল্প প্ৰদান কৰিবলৈ, বিশ্বৰ উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি নানান পদক্ষেপ গ্ৰহণ কৰা হৈছে। গোচৰৰ সংখ্যা হ্ৰাস কৰা আৰু আন্তঃৰাষ্ট্ৰীয় কৰত নিশ্চয়তা প্ৰদানৰ লক্ষ্যৰে উপযুক্ত বিধিৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। অনাবাসীৰ দ্বাৰা ছিকিউৰিটিসমূহ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী মূলধনী লাভ কৰৰ হাৰত সমতা স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। তদুপৰি, ২০২৪ চনৰ ২৯ আগষ্টত বা তাৰ পিছত ব্যক্তিসকলে ৰাষ্ট্ৰীয় সঞ্চয় আঁচনিৰ একাউণ্টৰ পৰা উলিওৱা ধনক কৰ আদিৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। লগতে সামগ্ৰিক সীমাৰ অধীনত এনপিএছ বাৎসল্য একাউণ্টকো এনপিএছ একাউণ্টৰ দৰে সমদৃষ্টিৰে চোৱাৰ প্ৰস্তাৱ দিয়া হৈছে।

নিয়োগ আৰু বিনিয়োগ:
ইলেক্ট্ৰ'নিকছ উৎপাদন আঁচনিৰ বাবে কৰ নিশ্চয়তা: ইলেক্ট্ৰ'নিক্স উৎপাদনৰ সুবিধা স্থাপন বা পৰিচালনা কৰা আৱাসী কোম্পানী এটাক সেৱা প্ৰদান কৰা অনাবাসীৰ বাবে এটা অনুমানিক কৰ ব্যৱস্থা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি নিৰ্দিষ্ট ইলেক্ট্ৰ'নিকছ উৎপাদন গোটসমূহলৈ যোগানৰ বাবে ৰখা উপাদানসমূহ সংৰক্ষণ কৰা অনাবাসীসকলৰ অৰ্থে কৰ নিশ্চয়তাৰ বাবে এটা নিৰাপদ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে।
আভ্যন্তৰীণ ক্ষেত্ৰৰ জাহাজৰ বাবে বিশেষ আঁচনিঃ দেশত আভ্যন্তৰীণ জল পৰিবহণৰ প্ৰসাৰৰ বাবে ভাৰতীয় জাহাজ আইন, ২০২১ৰ অধীনত পঞ্জীয়নভুক্ত আভ্যন্তৰীণ জাহাজলৈ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে আৰু বৰ্তমানৰ টন কৰ আঁচনিৰ সুবিধাসমূহ উপলব্ধ কৰোৱাৰ দিহা কৰা হৈছে।
ষ্টাৰ্ট-আপসমূহৰ সম্প্ৰসাৰণ: ভাৰতীয় ষ্টাৰ্ট-আপ পৰিৱেশ ব্যৱস্থাক সমৰ্থন কৰিবলৈ সংযুক্ত হোৱাৰ সময়সীমা ৫ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছে৷ ০১.০৪.২০৩০ৰ পূৰ্বে অন্তৰ্ভুক্ত হোৱা ষ্টাৰ্ট-আপসমূহৰ বাবে উপলব্ধ সুবিধাৰ ক্ষেত্ৰতো কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷
আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ (আই এফ এছ চি): আই এফ এছ চিত অতিৰিক্ত কাৰ্য্যকলাপ বৃদ্ধি কৰা আৰু সেইবোৰৰ প্ৰচাৰৰ বাবে বাজেটত আই এফ এছ চিৰ অধীনত স্থাপন কৰা বিশ্বব্যাপী কোম্পানীসমূহৰ জাহাজ-লিজিং ইউনিট, বীমা কাৰ্যালয় আৰু কোষাগাৰ কেন্দ্ৰসমূহৰ বাবে নিৰ্দিষ্ট সুবিধাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উপৰি বিভিন্ন সুবিধা দাবী কৰিবলৈ আই এফ এছ চিত কাট অফ তাৰিখো পাঁচ বছৰ বৃদ্ধি কৰি ৩১.০৩.২০৩০ কৰা হৈছে।
বিকল্প বিনিয়োগ পুঁজি (এ আই এফ): আন্তঃগাঁথনি আৰু অন্যান্য খণ্ডত বিনিয়োগ কৰা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ এ আই এফসমূহক ছিকিউৰিটিজৰভিত্তিত কৰ আদায়ৰ নিশ্চয়তা প্ৰদান কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।
ছ’ভাৰেইন আৰু পেঞ্চন ফাণ্ডৰ বাবে বিনিয়োগৰ তাৰিখ বৃদ্ধি: ছ’ভাৰেইন ৱেলথ ফাণ্ড আৰু পেঞ্চন ফাণ্ডৰ পৰা আন্তঃগাঁথনি খণ্ডলৈ পুঁজিৰ প্ৰসাৰৰ বাবে বিনিয়োগ কৰাৰ তাৰিখ আৰু পাঁচ বছৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷ এতিয়া সেয়া ৩১.০৩.২০৩০ লৈ বৃদ্ধি কৰা হৈছে।
এই প্ৰস্তাৱসমূহৰ ফলত প্ৰত্যক্ষ কৰত চৰকাৰে প্ৰায় এক লাখ কোটি টকাৰ ৰাজহ ত্যাগ কৰিব লাগিব বুলি বিত্তমন্ত্ৰীয়ে বাজেট ভাষণৰ সামৰণিত অৱগত কৰে।
(Release ID: 2099469)
Visitor Counter : 49
Read this release in:
English
,
Urdu
,
Hindi
,
Nepali
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam