বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অহা ৫ বছৰত চৰকাৰী বিদ্যালয়ত স্থাপন হ’ব ৫০,০০০ অটল টিংকাৰিং লেব

Posted On: 01 FEB 2025 1:09PM by PIB Guwahati

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উদ্ভাৱনৰ প্ৰচেষ্টাক উৎসাহিত কৰাৰ বাবে কেইবাটাও উন্নয়নমুখী ব্যৱস্থাৰ কথা ঘোষণা কৰে।

আজি সংসদত বাজেট দাখিল কৰি তেওঁ ঘোষণা কৰে যে আগন্তুক পাঁচ বছৰত সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়সমূহত ৫০,০০০ অটল টিংকাৰিং লেব স্থাপন কৰা হ’ব। ইয়াৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ কৌতুহল বৃদ্ধি আৰু তেওঁলোকৰ উদ্ভাৱনী প্ৰচেষ্টাক উৎসাহিত কৰা। কেৱল ইমানেই নহয়, আন এক উদ্দেশ্য হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত এক বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা। এইবাৰৰ বাজেটত ভাৰত নেট প্ৰকল্পৰ অধীনত চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহলৈ ব্ৰ’ডবেণ্ড সংযোগ সম্প্ৰসাৰণৰ প্ৰস্তাৱো আছে।

আনহাতে, ২০২৫-২৬ বৰ্ষৰ বাজেট ভাষণত উচ্চ শিক্ষাৰ সন্দৰ্ভত কোৱা হৈছে যে যোৱা ১০ বছৰত দেশৰ ২৩টা আইআইটিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১০০ শতাংশ বৃদ্ধি পাই ৬৫ হাজাৰৰ পৰা ১,৩৫,০০০লৈ বৃদ্ধি পাইছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ পিছত স্থাপন কৰা পাঁচখন আই আই টিত অতিৰিক্ত আন্তঃগাঁথনিৰ সুবিধাও সম্প্ৰসাৰণ কৰা হ’ব।তদুপৰি, আই আই টি সমূহত হোষ্টেলকে ধৰি অন্যান্য আন্তঃগাঁথনিৰ সুবিধাসমূহো সম্প্ৰসাৰণ কৰা হ’ব।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে ভাৰতীয় ভাষাৰ গ্ৰন্থ কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তাৱ আগবঢ়াইছে যাতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিষয়সমূহ ভালদৰে আয়ত্ত কৰিব পাৰে। বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বাবে ভাৰতীয় ভাষাত প্ৰকাশিত গ্ৰন্থসমূহ ডিজিটেল ৰূপত প্ৰকাশ কৰা হ’ব বুলিও তেওঁ কয়।

বাজেট ঘোষণাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দক্ষতা বিকাশৰ বাবে পাঁচটা ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱো আগবঢ়ায়। এই উৎকৰ্ষ কেন্দ্ৰসমূহে ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণত বিশেষভাৱে সহায়ক হ’ব। পাঠ্যক্ৰম নিৰ্ধাৰণ, প্ৰশিক্ষকৰ প্ৰশিক্ষণ, দক্ষতা বিকাশৰ প্ৰমাণপত্ৰ আদিৰ বাবেও এক বিশেষ কাঠামো প্ৰস্তুত কৰা হ’ব। এইবাৰৰ কেন্দ্ৰীয় বাজেটতো সময়ে সময়ে সমগ্ৰ বিষয়টো পুনৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

এইবাৰৰ বাজেটত শিক্ষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱো আছে। ইয়াৰ বাবে ৫০০ কোটি টকা ধাৰ্য কৰা হ’ব।

 

আজি সংসদত বাজেট দাখিল কৰি শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে ব্যক্তিগত খণ্ডত গৱেষণা, উন্নয়ন আৰু উদ্ভাৱনৰ প্ৰচেষ্টাক উৎসাহিত কৰিবলৈ ২০ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হ’ব। তেওঁ আগন্তুক পাঁচ বছৰত প্ৰধানমন্ত্ৰীৰ গৱেষণা ফেল’শ্বিপ কাৰ্যসূচীৰ অধীনত আই আই টি আৰু আই আই এছ চিৰ কাৰিকৰী গৱেষণাৰ বাবে ১০ হাজাৰ ফেল’শ্বিপ প্ৰদানৰ ব্যৱস্থাও ঘোষণা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰয়োজন সাপেক্ষে আৰ্থিক সাহায্যৰ স্তৰ আৰু অধিক বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে।

দক্ষতা বিকাশৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক - https://pib.gov.in/PressReleasePage.aspx?PRID=2098551

****

NB/KS/AS/DB


(Release ID: 2098716) Visitor Counter : 22