বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন কৰ ব্যৱস্থাৰ অধীনত ১২ লাখ টকা পৰ্য্যন্ত বাৰ্ষিক আয়ত আয়কৰ শূন্য

৭৫,০০০ টকাৰ মানক কৰ্তনেৰে দৰমহাপ্ৰাপ্ত কৰদাতাৰ বাবে সীমা হ’ব ১২.৭৫ লাখ টকা

সকলো কৰদাতাকে উপকৃত কৰিবলৈ আয়কৰ শ্লেব আৰু হাৰৰ পৰিৱৰ্তন

কৰ শ্লেবৰ হাৰ হ্ৰাস আৰু ৰেহাইয়ে মধ্যবিত্ত শ্ৰেণীক যথেষ্ট সকাহ দিব, ফলশ্ৰুতিত ঘৰুৱা উপভোগ ব্যয় আৰু বিনিয়োগ বৃদ্ধি পাব

Posted On: 01 FEB 2025 1:28PM by PIB Guwahati

“প্ৰথমে বিশ্বাস, পিছত তদাৰক”, এই দৰ্শনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি কেন্দ্ৰীয় বাজেট, ২০২৫-২৬য়ে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সাধাৰণ কৰদাতাক কৰৰ বোজাৰপৰা সকাহ প্ৰদানৰ প্ৰচেষ্টা অব্যাহত ৰাখে। আজি সংসদত বাজেট দাখিলেৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে সকলো কৰদাতাকে উপকৃত কৰিবলৈ সমগ্ৰ কৰ শ্লেব আৰু হাৰৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায়।

কৰদাতাসকলক এই ভাল খবৰ প্ৰদানেৰে বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “নতুন ব্যৱস্থাৰ অধীনত ১২ লাখ টকা (অৰ্থাৎ মূলধনী লাভৰ দৰে বিশেষ হাৰৰ আয়ৰ বাহিৰে প্ৰতিমাহে গড় আয় ১ লাখ টকা) পৰ্য্যন্ত আয়লৈকে কৰ পৰিশোধ কৰিব নালাগে।“ ৭৫,০০০ টকাৰ মানক কৰ্তনেৰে দৰমহাপ্ৰাপ্ত কৰদাতাৰ বাবে এই সীমা হ’ব ১২.৭৫ লাখ টকা। শ্লেব ৰেট হ্ৰাসৰ উপৰি কৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকে কোনো কৰ প্ৰদান কৰিব নালাগে বুলিও তেওঁ কয়।

শ্ৰীমতী সীতাৰমনে কয়, “এই নতুন গাঁথনিয়ে মধ্যবিত্ত শ্ৰেণীৰ কৰ যথেষ্ট হ্ৰাস কৰিব আৰু তেওঁলোকৰ হাতত অধিক ধন তুলি দিব। ইয়াৰ ফলত পৰিয়ালৰ উপভোগ, সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি পাব।” বিত্তমন্ত্ৰীয়ে এই নতুন কৰ ব্যৱস্থাত কৰৰ হাৰৰ গাঁথনি নিম্ন উল্লেখিত ধৰণেৰে সংশোধনৰ প্ৰস্তাৱ আগবঢ়ায়ঃ

০-৪ লাখ টকা নাই

৪-৮ লাখ টকা              ৫ শতাংশ

৮-১২ লাখ টকা            ১০ শতাংশ

১২-১৬ লাখ টকা         ১৫ শতাংশ

১৬-২০ লাখ টকা         ২০ শতাংশ

২০-২৪ লাখ টকা         ২৫ শতাংশ

২৪ লাখ টকাৰ অধিক              ৩০ শতাংশ

আয়ৰ ভিন্ন স্তৰ সাপেক্ষে শ্লেব হাৰৰ পৰিৱৰ্তন আৰু ৰেহাইৰ মুঠ কৰ সুবিধা তলৰ তালিকাৰ জৰিয়তে দেখুওৱা হৈছেঃ

Tax Analysis.PNG

এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত কৰ সংস্কাৰক অন্যতম মূল সংস্কাৰ হিচাপে উল্লেখেৰে শ্ৰীমতী সীতাৰমনে কয় যে নতুন আয়-কৰ বিধেয়কখনে ‘ন্যায়’ৰ মনোভাৱক আগুৱাই নিব। এই নতুন ব্যৱস্থাটো কৰদাতা আৰু কৰ প্ৰশাসনৰ বাবে বুজিবলৈ সহজ হ’ব, যাৰ ফলত কৰ নিশ্চয়তা আৰু গোচৰ আদি হ্ৰাস পাব বুলিও তেওঁ জনায়।

তিৰুক্কুৰালৰ ৫৪২ নং পদৰ উদ্ধৃতিৰে বিত্তমন্ত্ৰীয়ে কয়, “সকলো জীৱই যেনেকৈ বৰষুণৰ আশা কৰি জীয়াই থাকে, ঠিক সেইদৰে নাগৰিকেও সুশাসনৰ আশাৰে জীয়াই থাকে।” সংস্কাৰ হৈছে জনসাধাৰণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সুশাসন লাভৰ এক মাধ্যম। সুশাসন প্ৰদানৰ মূলতে হৈছে সঁহাৰি জনোৱা। কৰ প্ৰস্তাৱসমূহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতত্বত চৰকাৰে কেনেদৰে আমাৰ নাগৰিকৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ আৰু ইয়াক সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া বিতংভাৱে উল্লেখ কৰা হৈছে বুলি সীতাৰমনে আৰু কয়।

                                                                                                     *****

NB/VM/SB


(Release ID: 2098558) Visitor Counter : 42