@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

৭৬ ত ৭৬: ৱেভছ কমিকছ ক্ৰিয়েটৰ চেম্পিয়নশ্বিপৰ জৰিয়তে ভাৰতৰ সৃষ্টিশীল বৈচিত্ৰ্যক উদযাপনৰ পদক্ষেপ

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা প্ৰত্যাহ্বানত ৭৬ গৰাকী ছেমি ফাইনেলিষ্ট; ইয়াৰ মাজৰে ৪০ গৰাকী অপেছাদাৰী সমল সৃষ্টিকৰ্তা, ৩০গৰাকী পেছাদাৰী আৰু ৬ গৰাকী বিশেষ উল্লেখৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব চূড়ান্ত প্ৰতিযোগিতাত
ভাৰতীয় কমিক সৃষ্টিকৰ্তাসকলক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সৈতে জড়িত হ’বলৈ আৰু নতুন অংশীদাৰিত্ব গঢ়ি তুলিবলৈ এক মঞ্চ প্ৰদান কৰিছে কমিকছ চেলেঞ্জে


 Posted On: 29 JAN 2025 6:24PM |   Location: PIB Guwahati

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উৎসৱমুখৰ  পৰিবেশৰ মাজতে  ভাৰতীয় কমিকছ এছ’চিয়েশ্যন (আইচিএ)ৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলি  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৱেভছ কমিকছ ক্ৰিয়েটৰ চেম্পিয়নশ্বিপৰ ৭৬ গৰাকী ছেমি ফাইনেলিষ্টৰ কথা ঘোষণা কৰে।

ভাৰতীয় কমিকছৰ বৈচিত্ৰ্যক উদযাপন কৰা

এই গুৰুত্বপূৰ্ণ পদক্ষেপে ভাৰতীয় কমিকছৰ বৈচিত্ৰ্যক উদযাপন কৰিব, দেশৰ বিভিন্ন প্ৰান্তৰ কমিকছ সম্পৰ্কীয় সমল সৃষ্টিকৰ্তাৰ প্ৰতিভাক প্ৰদৰ্শন কৰিব। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ মাজৰ পৰা নিৰ্বাচন কৰা  ছেমি ফাইনেলিষ্টসকলৰ ভৌগোলিক অৱস্থিত  বিশেষভাৱে উল্লেখযোগ্য বিষয় হিচাবে পৰিগণিত হৈছে। ইয়াত ২০খন ৰাজ্য আৰু এনচিআৰৰ ৫০খন চহৰৰ পৰা  সমল সৃষ্টিকৰ্তাসকলক নিৰ্বাচন কৰা হৈছে।

 

এই নিৰ্বাচনত মুম্বাই, দিল্লী, বাংগালুৰুৰ দৰে ডাঙৰ মহানগৰৰ লগতে আনন্দ, বেতুল, কালকা, সমস্তিপুৰৰ দৰে সৰু চহৰ আৰু নগৰৰ পৰাও কমিকছৰ সমল সৃষ্টিকৰ্তা তথা  উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটী আৰু ইম্ফলৰ দৰে চহৰৰ সৃষ্টিকৰ্তাসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাই দেশৰ সকলো চুকে-কোণে প্ৰতিভাৰ প্ৰচাৰৰ ক্ষেত্ৰত  চেম্পিয়নশ্বিপৰ দায়বদ্ধতাকে প্ৰমাণ কৰিছে।

এয়া  ভাৰতৰ জীৱন্ত কমিকছ  সংস্কৃতিৰ এক প্ৰমাণ , কিয়নো ৱেভছ এইখণ্ডৰ  প্ৰতিভাশালী সমল  সৃষ্টিকৰ্তাসকলক উজ্জ্বল কৰি তোলাৰ  বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ১০ ৰ পৰা ৪৯ বছৰ বয়সৰ ছেমি ফাইনেলিষ্টসকলৰ ভিতৰত আছে ৪০ গৰাকী  অপেছাদাৰী  আৰু ৩০ গৰাকী   পেছাদাৰী প্ৰতিযোগী ।

 

ছেমিফাইনেলত  যুৱ শিল্পীসকলৰ বাবে ৬ টা বিশেষ উল্লেখৰ বিষয়ো অন্তৰ্ভুক্ত ককৰা হৈছে, যি পদক্ষেপে  সকলো স্তৰত প্ৰতিভাৰ বিকাশৰ  বাবে চেম্পিয়নশ্বিপৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে। 

 

 

ইণ্ডিয়ান কমিকছ এছ’চিয়েশ্যনৰ সভাপতি অজিতেশ শৰ্মাই কয় যে ভাৰতীয় কমিকছ  এছ’চিয়েশ্যনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্ব কৰি ভাৰতীয় কমিকছক  বিশ্বজুৰি প্ৰচাৰ কৰিবলৈ পাই  আনন্দিত হৈ পৰিছে। তেওঁ  কয় "এই পদক্ষেপ আমাৰ চৰকাৰৰ সৃষ্টিশীল উদ্যোগসমূহক সমৰ্থন আৰু উদীয়মান প্ৰতিভাৰ বাবে সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ এক উজ্জ্বল উদাহৰণ।"

 

ৱেভছ কমিকছ ক্ৰিয়েটৰ চেম্পিয়নশ্বিপ

 

ৱেভছ কমিকছ ক্ৰিয়েটৰ চেম্পিয়নশ্বিপ হৈছে ভাৰতৰ সৃষ্টিশীল উদ্যোগসমূহক বিশ্ব মঞ্চত উজলাই  তোলাৰ  বাবে এমআইবিৰ ‘ক্ৰিয়েট  ইন ইণ্ডিয়া ’ পদক্ষেপক আগুৱাই নিয়া এক ফ্লেগশ্বিপ অনুষ্ঠান । এই চেম্পিয়নশ্বিপে ভাৰতীয় সমল  সৃষ্টিকৰ্তাসকলক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সৈতে জড়িত হোৱাৰ আৰু নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ এক অনন্য মঞ্চ প্ৰদান কৰিছে।

 

এম আই বি আৰু আই চি এয়ে ৭৬ গৰাকী ছেমি ফাইনেলিষ্টক অভিনন্দন জনাইছে আৰু চেম্পিয়নশ্বিপত আগবাঢ়ি যোৱাৰ সময়ত তেওঁলোকক শুভকামনা জনাইছে।


Release ID: (Release ID: 2097816)   |   Visitor Counter: 39