সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাষিনী: বহুভাষিক উদ্ভাৱনৰ জৰিয়তে মহাকুম্ভলৈ ৰূপান্তৰৰ আগমণ

ভাৰতৰ ভাষিক বৈচিত্ৰ্যক একত্ৰিতকৰণ

Posted On: 16 JAN 2025 2:12PM by PIB Guwahati

পাতনি

১২ বছৰৰ মূৰে মূৰে এবাৰ অনুষ্ঠিত হোৱা তীৰ্থযাত্ৰীৰ এক বৃহৎ সমাৱেশ মহা কুম্ভ ভাৰতৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতীক হিচাপে থিয় দিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা ২০২৫ চনৰ সংস্কৰণত দেশৰ লাখ লাখ লোকে প্ৰত্যেকেই বেলেগ বেলেগ ভাষা কয়। এই ভাষিক বৈচিত্ৰ্যৰ প্ৰতি সঁহাৰি জনাই ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত এক অভিনৱ পদক্ষেপ ভাছিনীক ব্যৱহাৰ কৰি মসৃণ যোগাযোগ আৰু সুলভতাৰ সুবিধা প্ৰদান কৰিছে। ১১টা ভাৰতীয় ভাষাত বহুভাষিক সমৰ্থন আগবঢ়াই ভাষিনী (BHASHINI)য়ে এই কীৰ্তিচিহ্নস্বৰূপ অনুষ্ঠানৰ সময়ত তথ্য ভাগ-বতৰা আৰু প্ৰৱেশৰ পদ্ধতিত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে।

ভাষিনীয়ে কেনেকৈ ৰূপান্তৰিত কৰিছে মহাকুম্ভ ২০২৫

অনুষ্ঠানটোৰ বিশাল পৰিসৰ আৰু ইয়াত উপস্থিতসকলৰ ভাষিক বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি মহা কুম্ভই অনন্য লজিষ্টিক আৰু যোগাযোগৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ভাছিনিয়ে এই প্ৰত্যাহ্বানসমূহৰ সৈতে ইয়াৰ উন্নত বহুভাষিক ক্ষমতাৰ সৈতে মোকাবিলা কৰে, যিয়ে বহুতো ভাষাত মসৃণ আৰু ফলপ্ৰসূ যোগাযোগ নিশ্চিত কৰে এইদৰে -

  1. বাস্তৱ সময়ৰ তথ্য প্ৰচাৰ: ভাষিনীয়ে ঘোষণা, অনুষ্ঠানৰ সময়সূচী, আৰু সুৰক্ষা নিৰ্দেশনাৰ বাস্তৱ সময়ৰ অনুবাদ ১১টা ভাৰতীয় ভাষালৈ সুচল ৰূপত কৰি তোলে। ইয়াৰ ফলত সকলো তীৰ্থযাত্ৰীয়ে নিজৰ মাতৃভাষা যিয়েই নহওক কিয়, সমগ্ৰ অনুষ্ঠানটোত অত্যাৱশ্যকীয় তথ্যসমূহ নিৰৱচ্ছিন্নভাৱে লাভ কৰিব পাৰে।
  2. সৰলীকৃত নেভিগেচন: ভাষাৰ বাধাই বৃহৎ সমাৱেশত নেভিগেচন কৰাটো প্ৰত্যাহ্বানজনক কৰি তুলিব পাৰে। BHASHINI এ ইয়াক অতিক্ৰম কৰি স্পিচ-টু-টেক্সট আৰু টেক্সট-টু-স্পীচ সঁজুলিৰ লগতে মোবাইল এপ আৰু কিয়স্কত সংযুক্ত বহুভাষিক চেটবট আগবঢ়ায়। এই বৈশিষ্ট্যসমূহে তীৰ্থযাত্ৰীসকলক তেওঁলোকৰ পছন্দৰ ভাষাত পথ প্ৰদৰ্শন কৰাত সহায় কৰে, যাৰ ফলত তেওঁলোকৰ সামগ্ৰিক অভিজ্ঞতা যথেষ্ট উন্নত হয়।
  3. সুলভ জৰুৰীকালীন সেৱাসমূহ: হেল্পলাইন আৰু জৰুৰীকালীন সেৱাসমূহৰ বহুভাষিক প্ৰৱেশে নিশ্চিত কৰে যে উপস্থিতসকলে ফলপ্ৰসূভাৱে সহায় বিচাৰিব পাৰে, সকলোৰে বাবে এক সুৰক্ষিত পৰিৱেশৰ প্ৰসাৰ ঘটায়। ইউ পি আৰক্ষীৰ সৈতে অংশীদাৰিত্বৰে ভাছিনীৰ CONVERSE বৈশিষ্ট্যই ১১২ জৰুৰীকালীন হেল্পলাইনৰ সৈতে যোগাযোগৰ সুবিধা প্ৰদান কৰে, ভাষাৰ বাধা অতিক্ৰম কৰাত আৰু সময়মতে সহায় আগবঢ়োৱাত তীৰ্থযাত্ৰীসকলক সহায় কৰিবলৈ প্ৰশিক্ষিত বিষয়াসকলৰ সৈতে।
  4. ই-গভৰ্নেন্স সক্ষম কৰা: BHASHINI ৰ সামৰ্থ্যৰ সহায়ত কৰ্তৃপক্ষই বৈচিত্ৰময় দৰ্শকৰ মাজত নিয়ম, নিৰ্দেশনা, আৰু জনসেৱাৰ ঘোষণাসমূহ ফলপ্ৰসূভাৱে যোগাযোগ কৰিব পাৰে। ইয়াৰ ফলত নিৰৱচ্ছিন্ন সমন্বয় নিশ্চিত হয় আৰু অনুষ্ঠানৰ সময়ত ই-গভৰ্নেন্সৰ পদক্ষেপসমূহৰ ৰূপায়ণ বৃদ্ধি পায়।
  5. হেৰুৱা আৰু পোৱা: BHASHINIৰ ‘ডিজিটেল হেৰুৱা আৰু পোৱা সমাধান’ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যাৰ ফলত দৰ্শকে হেৰুৱা বা পোৱা বস্তুসমূহ তেওঁলোকৰ মাতৃভাষাত ভয়েচ ইনপুটৰ জৰিয়তে ৰিপ’ৰ্ট কৰিবলৈ অনুমতি দিয়ে। বাস্তৱ সময়ৰ পাঠ্য আৰু কণ্ঠ অনুবাদে পাৰস্পৰিক ক্ৰিয়া-কলাপ সৰল কৰি তোলে, যাৰ ফলত তীৰ্থযাত্ৰীসকলে সহায় বিচৰা আৰু হেৰুৱা সামগ্ৰী উদ্ধাৰ কৰাটো সহজ হৈ পৰে।

 

কুম্ভ সহায়ক ( Sah'AI'yak) চেটব

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা কুম্ভ সহায়ক হৈছে মহা কুম্ভ ২০২৫ৰ সময়ত লাখ লাখ দৰ্শকক সহায় কৰিবলৈ ডিজাইন কৰা এআই-চালিত, বহুভাষিক, কণ্ঠ-সক্ষম চেটবট। LLAMA LLM ৰ দৰে উন্নত AI প্ৰযুক্তিৰ দ্বাৰা চালিত এই চেটবটৰ লক্ষ্য হৈছে তীৰ্থযাত্ৰীসকলৰ তথ্য আৰু নেভিগেচনৰ প্ৰয়োজনীয়তাক সম্বোধন কৰি তেওঁলোকৰ সহায়ত এক বৈপ্লৱিক পৰিৱৰ্তন অনা, একে সময়তে অনুষ্ঠানত এক অবিস্মৰণীয় অভিজ্ঞতা নিশ্চিত কৰা। কুম্ভ সহায়ক চেটবটে একাধিক ভাষাত নিৰৱচ্ছিন্ন, বাস্তৱ সময়ৰ সহায় আগবঢ়াই দৰ্শকৰ অভিজ্ঞতা বৃদ্ধি কৰে। BHASHINI ৰ ভাষা অনুবাদ ক্ষমতাই হিন্দী, ইংৰাজী, আৰু অন্যান্য ৯টা ভাৰতীয় ভাষাকে ধৰি ১১টা ভাষাত চেটবটক সমৰ্থন কৰে, যাৰ ফলত ইয়াক বৈচিত্ৰময় দৰ্শকৰ বাবে সুলভ কৰি তোলা হয়।

কি এই ভাষিনী

BHASHINI বা ভাৰতৰ বাবে BHASHa ইন্টাৰফেচ হৈছে ভাষা নিৰ্বিশেষে ডিজিটেল বিষয়বস্তু আৰু সেৱাসমূহ সকলোৰে বাবে সুলভ কৰি তোলাৰ বাবে ডিজাইন কৰা এক অগ্ৰণী পদক্ষেপ। ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি ভাষিনীয়ে সমগ্ৰ দেশতে ভাষিক বিভাজন দূৰ কৰি অন্তৰ্ভুক্তি আৰু সুলভতাক প্ৰসাৰিত কৰে। ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানৰ অংশ হিচাপে ভাছিনিয়ে অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (এনএলপি) প্ৰযুক্তিৰ সহায় লৈ ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ পছন্দৰ ভাষাত ডিজিটেল বিষয়বস্তু আৰু সেৱাসমূহ প্ৰৱেশ কৰিবলৈ সক্ষম কৰে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ধাৰা ৮ কোম্পানী ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্যনৰ ভিতৰৰ এটা ইউনিট ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগে এই পৰিৱৰ্তনশীল পদক্ষেপ ৰূপায়ণৰ বাবে দায়বদ্ধ।

 ভাষিনীৰ উদ্দেশ্য

  • বহনক্ষম ভাৰতীয় ভাষা প্ৰযুক্তি, সমাধান আৰু পৰিৱেশ তন্ত্ৰ প্ৰযুক্তি বিকাশৰ বাবে দীৰ্ঘম্যাদী কৌশল।
  • ভাৰতীয় ভাষা প্ৰযুক্তি গ্ৰহণ, ইণ্টাৰনেটৰ সুলভ ব্যৱহাৰ।
  • ইণ্টাৰনেটৰ জৰিয়তে ভাৰতীয় ভাষাৰ বিষয়বস্তু আৰু প্ৰযুক্তিৰ বিকাশ।
  • ভাৰতীয় ভাষাৰ প্ৰযুক্তি, সমাধান, প্ৰয়োগ ডাটা ছেট আৰু (এআই) মডেলত পৰিসৰৰ অৰ্থনীতিৰ ব্যৱহাৰ।
  • IL প্ৰযুক্তিৰ পৰিৱৰ্তনশীল আৰু বৈপ্লৱিক প্ৰযুক্তিৰ অত্যাধুনিক গৱেষণা সক্ষম কৰা।
  • থলুৱা বৌদ্ধিক সম্পত্তি (আই পি) প্ৰজন্মৰ প্ৰসাৰ আৰু সুবিধা প্ৰদান কৰা।
  • প্ৰযুক্তি হস্তান্তৰ (ToT)ক উৎসাহিত, সক্ষম আৰু প্ৰৰোচনা কৰা।
  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সহযোগিতা আৰু অংশীদাৰিত্ব কাৰ্যসূচী সক্ষম কৰা।
  • সহযোগিতামূলক গৱেষণা, বাণিজ্যিকীকৰণ সজাগতা, আৰু সামৰ্থ্য বিকাশৰ অনুঘটক হিচাপে কাম কৰা।
  • মিছনৰ বাবে তথ্য নীতি গ্ৰহণ আৰু কাৰ্যকৰী কৰণ।

 

ভাষিনী (BHASHINI) এপ্লিকেশ্য়নছ

ভাষিনী (BHASHINI) অৰ্পন এপ্লিকেশ্যনছ

  • অনুবাদ (Web Service Text Translation): এটা অভিনৱ প্ৰযুক্তি, যিয়ে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখা নিৰৱচ্ছিন্নভাৱে ৰূপান্তৰিত কৰে।
  • চিত্ৰানুবাদ (ভিডিঅ’ অনুবাদ): চিত্ৰানুবাদ হৈছে বিভিন্ন ভাৰতীয় ভাষাৰ ভিডিঅ’ অনুবাদ সম্পন্ন কৰিবলৈ এআই ভিত্তিক মুক্ত উৎসৰ মঞ্চ।
  • লেখানুভাদ (নথি অনুবাদ): বিভিন্ন ভাৰতীয় ভাষাত নথিপত্ৰ অনুবাদ আৰু ডিজিটেলাইজেচন, স্পষ্ট আৰু সঠিক যোগাযোগ নিশ্চিত কৰা।
  • ভাষিনী অনুবাদ প্লাগইন (ৱেব অনুবাদ প্লাগ ইন): আমাৰ শক্তিশালী প্লাগ-ইনৰ সৈতে একাধিক ভাৰতীয় ভাষাত ৱেবপেজৰ বিষয়বস্তু অনায়াসে অনুবাদ কৰক।
  • ভাষিনী WTMC (ৱেব অনুবাদ ব্যৱস্থাপনা কনছ’ল): উন্নত AI-চালিত ৱেবছাইট অনুবাদ প্লাগইন, ইংৰাজী আৰু ২২টা ভাৰতীয় ভাষাৰ মাজত বিষয়বস্তু অনুবাদ কৰা।
  • বাণী অনুবাদ (Speech-to-Speech অনুবাদ): ভাৰতীয় ভাষাৰ বাবে বাস্তৱ সময়ৰ ভাষণৰ পৰা বক্তৃতালৈ অনুবাদ, বিভিন্ন ভাষাৰ মাজত নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰা।

BHASHINI ৰ শেহতীয়া উন্নয়ন

২০২৫ চনৰ জানুৱাৰী মাহত সেনা দিৱস উপলক্ষে প্ৰতিৰক্ষা উৎপাদন বিভাগৰ নতুনকৈ ভাষিনী সংহত ৱেবছাইট ২২ টা ভাৰতীয় ভাষাত উপলব্ধ কৰা হয়।

 

২০২৫ চনৰ জানুৱাৰী মাহত ই-শ্ৰম পৰ্টেলত বহুভাষিক কাৰ্য্যক্ষমতা আৰম্ভ কৰা হয়। পূৰ্বতে কেৱল ইংৰাজী, হিন্দী, কানাড়া আৰু মাৰাঠী ভাষাত উপলব্ধ ই-শ্ৰম পৰ্টেলটো ২২টা ভাৰতীয় ভাষাৰে উন্নীতকৰণৰ বাবে ভাষিনী প্ৰকল্পৰ সহায় লোৱা হৈছিল।

২০২৪ চনৰ আগষ্ট মাহত ভাষিনীৰ সহযোগত বিকশিত কৰা বহুভাষিক ই-গ্ৰাম স্বৰাজ মঞ্চ আৰম্ভ কৰা হয় ভাষাৰ বাধা দূৰ কৰাৰ লক্ষ্যৰে। এই মঞ্চই নিশ্চিত কৰে যে প্ৰতিজন নাগৰিকে, তেওঁলোকৰ ভাষিক পটভূমি যিয়েই নহওক কিয়, নিজৰ পছন্দৰ ভাষাত ডিজিটেল সেৱাসমূহ সহজে লাভ কৰিব পাৰে, সমগ্ৰ ভাৰতবৰ্ষত সৰ্বাংগীনতাক প্ৰসাৰিত কৰি আৰু সম্প্ৰদায়সমূহক সবলীকৰণ কৰে।

কাৰিকৰী গ্ৰন্থকে ধৰি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি একাধিক ভাৰতীয় ভাষালৈ অনুবাদ কৰিবলৈ অনুবাদিনি এপ গ্ৰহণ কৰিছে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE) আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে। এই অনুবাদিত গ্ৰন্থসমূহ এতিয়া e-KUMBH পৰ্টেলত উপলব্ধ, যাৰ ফলত বহল দৰ্শকৰ বাবে তেওঁলোকৰ পছন্দৰ ভাষাত গুণগত শৈক্ষিক সম্পদ উপলব্ধ কৰা হৈছে।

প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগে ভাষিনীৰ অনুবাদিনি এপ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ চৰকাৰী নথি-পত্ৰ আৰু প্ৰতিবেদন অনুবাদ কৰি আহিছে। ইয়াৰ ভিতৰত NESDA-Way Forward, CPGRAMS ৰ সৈতে জড়িত মন্ত্ৰালয় আৰু বিভাগসমূহৰ প্ৰতিবেদন, CPGRAMS ৰ ওপৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিবেদন, CPGRAMS ৰ বাৰ্ষিক প্ৰতিবেদন, অভিযোগ নিৰাময় সূচকাংক প্ৰতিবেদন, সচিবালয় সংস্কাৰ প্ৰতিবেদন, আৰু মাহেকীয়া সাৰাংশ প্ৰতিবেদন আদি মূল প্ৰতিবেদন বিভাগৰ। CPGRAMS (Centralized Public Grievance Redress and Monitoring System) হৈছে ভাৰতৰ সৰ্ববৃহৎ অভিযোগ নিৰাময় পৰ্টেল, যাৰ জৰিয়তে নাগৰিকে ২২টা ভাষাত অভিযোগ দাখিল কৰিব পাৰে। ভাষিনীৰ সহায়ত CPGRAMS এ নাগৰিকসকলক তেওঁলোকৰ আঞ্চলিক ভাষাত প্ৰতিকাৰ লাভ কৰিবলৈ সক্ষম কৰে, অধিক অন্তৰ্ভুক্ত আৰু সুলভ সেৱা আগবঢ়ায়। প্ৰতি বছৰে প্ৰায় ২.৫ লাখ অভিযোগকাৰী এই বহুভাষিক সুবিধাৰ দ্বাৰা উপকৃত হয়।

BHASHINI ৰ মুখ্য সাফল্যবোৰ

  • প্ৰতিমাহে ১০০ মিলিয়ন+ ইণ্টাৰফেচ: ভাষিনীয়ে এতিয়া ১০ কোটি মাহেকীয়া ইণ্টাৰফেচৰ মাইলৰ খুঁটি অতিক্ৰম কৰি এআই ভাষা প্ৰযুক্তি খণ্ডত ইয়াৰ সম্প্ৰসাৰিত প্ৰসাৰ আৰু উল্লেখযোগ্য প্ৰভাৱক উজ্জ্বল কৰি তুলিছে। এই কৃতিত্বই সমগ্ৰ ভাৰততে ভাষাৰ বাধাসমূহ দূৰ কৰাত আৰু অধিক সুলভতাক লাভান্বিত কৰাৰ ক্ষেত্ৰত মঞ্চৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে।
  • ৫০ ৰো অধিক অংশীদাৰৰ সংযোজন: বিশিষ্ট চৰকাৰী সংস্থা (NPCI, RBIH, MoRD, লোকসভা, ৰাজ্যসভা আদি) আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰকে ধৰি ৫০ জনতকৈ অধিক অংশীদাৰে এতিয়া ভাষিনীৰ সৈতে সহযোগিতা আগবঢ়াইছে।
  • ৭ লাখতকৈ অধিক মোবাইল এপ ডাউনলোডঃ ভাষিনী চালিত মোবাইল এপসমূহ ৫ লাখতকৈ অধিক বাৰ ডাউনলোড কৰা হৈছে, যিয়ে ব্যাপকভাৱে গ্ৰহণ আৰু সুলভতা দেখুৱাইছে।
  • ১০০ ৰো অধিক ব্যৱহাৰৰ ক্ষেত্ৰ: ভাষিনীয়ে শতাধিক বৈচিত্ৰময় ব্যৱহাৰৰ ক্ষেত্ৰ সমৰ্থন কৰে, উদ্যোগ আৰু খণ্ডসমূহৰ মাজত প্লেটফৰ্মৰ অভিযোজন ক্ষমতা প্ৰদৰ্শন কৰে।
  • ২২টাতকৈ অধিক ভাষা সমৰ্থিত: ভাষিণীয়ে বৰ্তমান ২২টাতকৈও অধিক ভাষা সমৰ্থন কৰে, যাৰ ফলত ভাষিক সম্প্ৰদায়ৰ এক বহল পৰিসৰৰ বাবে অন্তৰ্ভুক্তি সক্ষম হয়।
  • ৩ শতাধিক AI-ভিত্তিক মডেল: প্লেটফৰ্মে ৩ শতাধিক AI-ভিত্তিক ভাষা মডেল সামৰি লয়, যিয়ে AI ভাষা প্ৰযুক্তি স্থানত অত্যাধুনিক সমাধানৰ বিকাশক আগুৱাই লৈ যায়।

BHASHINI য়ে লাভ কৰা বঁটা-স্বীকৃতিবোৰ

ভাষিনীৰ অৱদানক অসংখ্য মঞ্চত ব্যাপকভাৱে স্বীকৃতি দিয়া হৈছে, এআই, ডিজিটেল ৰূপান্তৰ, আৰু অন্তৰ্ভুক্তিক প্ৰসাৰত ইয়াৰ নেতৃত্বক উজ্জ্বল কৰি তুলিছে। এই ক্ষেত্ৰসমূহত ইয়াৰ প্ৰভাৱশালী ভূমিকাৰ বাবে এই পদক্ষেপে কেইবাটাও বঁটা আৰু স্বীকৃতি লাভ কৰিছে।

  • এক্সপ্ৰেছ কম্পিউটাৰৰ দ্বাৰা ডিজিটেল ট্ৰেইলব্লেজাৰ বঁটা: ভাৰতৰ এ আই পৰিৱেশ তন্ত্ৰলৈ অসাধাৰণ অৱদান।
  • ELETS আত্ম নিৰ্ভৰ বঁটা: চৰকাৰী বিভাগৰ দ্বাৰা AI, ML, আৰু IoT পদক্ষেপৰ বাবে ডিজিটেল গভৰ্নেন্স শিতানৰ অধীনত প্ৰদান কৰা হয়।
  • বৰ্ষশ্ৰেষ্ঠ প্ৰভাৱশালী বঁটা: গ্ল’বেল স্পিন ইনোভেচন ছামিট ২০২৪
  • লীডাৰশ্বিপ ইন এআই, চেঞ্জ মেকাৰ এণ্ড ইনোভেচন এৱাৰ্ড: এআই-চালিত উদ্ভাৱন আৰু নেতৃত্বৰ ক্ষেত্ৰত উৎকৃষ্টতাক স্বীকৃতি প্ৰদান।
  • এআই, ডাটা বিশ্লেষণ আৰু ভৱিষ্যদ্বাণীমূলক প্ৰযুক্তিৰ বাবে ইটি চৰকাৰী বঁটা: সাক্ষৰতা, ভাষা, আৰু ডিজিটেল বিভাজনক সেতুবন্ধনৰ বাবে স্বীকৃতি।
  • ELETS শিক্ষা উদ্ভাৱন বঁটা: এআইৰ জৰিয়তে সুলভ আৰু অন্তৰ্ভুক্ত শিক্ষা প্ৰদানৰ বাবে।

 

BHASHINI আঁৰৰ প্ৰযুক্তি

 

BHASHINI এ ইয়াৰ সেৱাসমূহ প্ৰদান কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ সহায় লয়:

  • AI আৰু NLP এলগোৰিডম: ই সঠিক অনুবাদ আৰু অভিযোজিত ভাষাৰ আৰ্হিক ড্ৰাইভ কৰে।
  • ক্লাউড-ভিত্তিক আন্তঃগাঁথনি: বৃহৎ পৰিমাণৰ তথ্য নিয়ন্ত্ৰণ কৰিবলে স্কেলেবিলিটি আৰু নিৰ্ভৰযোগ্যতা সুনিশ্চিত কৰে।
  • সহযোগী তথ্য গাঁথনি: ভাষাৰ আৰ্হিসমূহ অবিৰতভাৱে পৰিশোধন কৰিবলৈ বিভিন্ন অংশীদাৰে অৱদান আগবঢ়োৱা মুক্ত ডাটাছেটসমূহ ব্যৱহাৰ কৰে।

 

ডিজিটেল ইণ্ডিয়া আৰু ভাষিনীৰ দৃষ্টিভংগী

ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিশক্তি ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগী আৰু জ্ঞান অৰ্থনীতিৰ উদাহৰণ। ভাষিক বৈচিত্ৰ্যক সংযোগ কৰি ই ডিজিটেল অন্তৰ্ভুক্তিক লাভান্বিত কৰে, নাগৰিকসকলক তেওঁলোকৰ পছন্দৰ ভাষাত শিক্ষা, স্বাস্থ্যসেৱা, শাসন আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাসমূহ লাভ কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত সুলভতা আৰু সৱলীকৰণ বৃদ্ধি পায়।

ভাষিনীৰ দৃষ্টিভংগী হৈছে "ভাষাৰ বাধা দূৰ কৰাৰ লক্ষ্যৰে অৱদানকাৰী, অংশীদাৰ, আৰু নাগৰিকৰ এক বৈচিত্ৰময় পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে প্ৰাকৃতিক ভাষা প্ৰযুক্তিৰ ব্যৱহাৰ। ইয়াৰ দ্বাৰা ডিজিটেল অন্তৰ্ভুক্তি আৰু সৱলীকৰণ সুনিশ্চিত হ'ব, যাৰ ফলত আত্মনিৰ্ভৰ ভাৰত (আত্মনিৰ্ভৰ ভাৰত"ৰ সৃষ্টিত অৰিহণা যোগাব।" )."

সামৰণি - ভাষাৰ সেঁতু, মানুহৰ সেঁতু

 

মহা কুম্ভ ২০২৫ত ভাষিনীৰ সংযোজনে ভাষিক বিভাজন দূৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনা প্ৰদৰ্শন কৰে। নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰি ই অনুষ্ঠানটোৰ অন্তৰ্ভুক্তি বৃদ্ধি কৰে আৰু ভাৰতৰ বিশাল ভাষিক বৈচিত্ৰ্যক মোকাবিলা কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰৰ বাবে এক শক্তিশালী নজিৰ গঢ়ি তোলে। ভাষিনীৰ বিকাশৰ লগে লগে ই এক সংযুক্ত, সৰ্বাংগীন ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত মূল ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে—য’ত ভাষা এতিয়া প্ৰৱেশ বা অংশগ্ৰহণৰ ক্ষেত্ৰত বাধা নহয়।

 

প্ৰাসঙ্গিক লিংকবোৰ -

https://bhashini.gov.in/

https://ddnews.gov.in/en/mahakumbh-2025-meitys-bhashini-provides-multilingual-access-in-11-languages/

https://www.instagram.com/officialdigitalindia/p/DEzjUAHBpB7/

https://pib.gov.in/PressReleasePage.aspx?PRID=2092739

https://pib.gov.in/PressReleasePage.aspx?PRID=2088268

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2090895

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1964079

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2061675

https://pib.gov.in/PressReleasePage.aspx?PRID=2039811

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2045567

https://x.com/_BHASHINI/status/1879449310590546196

মহাকুম্ভ শৃংখলা: ১৭/বৰ্ণনামূলক

PDF টো ডাউনলোড কৰিবৰ বাবে ইয়াত ক্লিক কৰক

*******

Santosh Kumar/ Gouri S / Rishita Aggarwal


(Release ID: 2095031)