তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনৰ দ্বাৰা প্ৰযোজিত মহাকুম্ভৰ দুটা গীতৰ লোকাৰ্পণ কৰে

Posted On: 08 JAN 2025 8:28PM by PIB Guwahati

 

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে'লৱে, আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীয়ে দিল্লীত আয়োজিত এটা অনুষ্ঠানত দূৰদৰ্শনে মহাকুম্ভ ২০২৫ৰ বাবে প্ৰস্তুত কৰা থিম গীত "মহাকুম্ভ হে"ৰ লোকাৰ্পণ কৰে।

মহাকুম্ভৰ প্ৰতি এক মধুৰ স্বৰাঞ্জলি: ভক্তি, পৰম্পৰা আৰু উৎসৱৰ এক স্বৰ-সংগম

প্ৰসিদ্ধ পদ্মশ্ৰী কৈলাশ খেৰৰ দ্বাৰা গোৱা এই গীতটোৱে ভক্তি, উৎসৱ আৰু প্ৰতিষ্ঠিত মহাকুম্ভৰ সজীৱ সাংস্কৃতিক সাৰমৰ্মক সামৰি লৈছে। প্ৰখ্যাত লেখক আলোক শ্ৰীবাস্তৱৰ দ্বাৰা ৰচিত গীতটিৰ গভীৰ কথা আৰু ক্ষীতিজ তাৰেৰ দ্বাৰা ৰচিত আৰু সজ্জিত মনক জোকাৰি যোৱা সংগীতে বিশ্বাস, পৰম্পৰা আৰু উৎসৱৰ সংগমক সুন্দৰভাৱে চিত্ৰিত কৰিছে যি মহাকুম্ভক সংজ্ঞায়িত কৰে।

পৰম্পৰাগত সুৰ আৰু আধুনিক ব্যৱস্থাৰ এক সুসম মিশ্ৰণ "মহাকুম্ভ হে" ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু মহাকুম্ভ মেলাৰ চিৰন্তন তাৎপৰ্যৰ প্ৰতি এক আন্তৰিক শ্ৰদ্ধাঞ্জলি।

"মহাকুম্ভ হে"ৰ অফিচিয়েল মিউজিক ভিডিঅ' এতিয়া দূৰদৰ্শন আৰু ইয়াৰ ডিজিটেল প্লেটফৰ্মত উপলব্ধ।

অল ইণ্ডিয়া ৰেডিঅ প্ৰয়াগৰাজ মহা কুম্ভক উৎসৰ্গিত বিশেষ গীতৰ লোকাৰ্পণ কৰে

 

জয় মহাকুম্ভ জয় মহাকুম্ভ, পগ পগ জয়কাৰা মহাকুম্ভ...

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে প্ৰয়াগৰাজ মহাকুম্ভৰ প্ৰতি উৎসৰ্গিত অল ইণ্ডিয়া ৰেডিঅ’ৰ এক বিশেষ সৃষ্টিও উদ্বোধন কৰে। এই অনন্য গীতটোৱে সংগীত আৰু গীতিময় উপস্থাপনৰ সুসম মিশ্ৰণৰ জৰিয়তে মহাকুম্ভৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্যক সামৰি লৈছে।

এই গীত মহাকুম্ভৰ ভব্যতাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি, যি প্ৰয়াগৰাজত পৱিত্ৰ ত্ৰিবেণী সংগমত আয়োজিত কৰা হয়। এজন ভক্তৰ দৃষ্টিকোণৰ পৰা চালে এই সংগীতময় উৎকৃষ্ট কৃতিয়ে এই বিশ্ববিখ্যাত সমাৱেশৰ মনোভাৱক দৰ্শায়। মহাকুম্ভৰ আগমন প্ৰয়াগৰাজ ভূমিৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, যি লাখ লাখ ভক্তৰ ভক্তি প্ৰকাশ কৰা মন্ত্ৰৰ সৈতে প্ৰতিধ্বনিত হৈছে।

এই গীত ৰতন প্ৰসন্নৰ ভাবপূৰ্ণ স্বৰেৰে সজীৱ হৈছে য’ত সন্তোষ নাহৰ আৰু ৰতন প্ৰসন্নৰ সংগীত আছে। অভিনয় শ্ৰীবাস্তৱে ৰচনা কৰা প্ৰেৰণাদায়ক গীতৰ কথাই ঐশ্বৰিকতাৰ সৈতে এক আধ্যাত্মিক সংযোগ সুন্দৰভাৱে গাঁথিছে।

ত্ৰিবেণী সংগমত ডুব মৰাৰ পৱিত্ৰ কাৰ্যক গীতটোত এক শুদ্ধিকৰণ অনুষ্ঠান হিচাপে উদযাপন কৰা হৈছে যি যুগ যুগ ধৰি আধ্যাত্মিক পূৰ্ণতা প্ৰদান কৰে। অল ইণ্ডিয়া ৰেডিঅ’ৰ এই সুৰীয়া স্বৰাঞ্জলিয়ে মহাকুম্ভৰ কালজয়ী পৰম্পৰা আৰু পৱিত্ৰতাক সন্মান জনায় যাৰ জৰিয়তে শ্ৰোতাৰ মাজত ভক্তি আৰু গৌৰৱৰ অনুভূতিৰ সঞ্চাৰ হয়।

ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ এই অসাধাৰণ উৎসৱৰ সাক্ষী হ’বলৈ দৰ্শকৰ মাজত উৎসুকতা হ’ব পাৰে।

**********

Dharmendra Tewari/Kshitij Singha


(Release ID: 2094500) Visitor Counter : 27