প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 08 JAN 2025 8:10PM by PIB Guwahati

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, অভিনেতা-ৰাজনীতিবিদ তথা উপ মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, সন্মানীয় নাগৰিক, ভ্ৰাতৃ-ভগ্নীসকল,

आंध्र प्रजला प्रेमा मरियु अभिमा-नानकि ना कृतज्ञतलु।

ना अभिमानान्नि चुपिनचे अवकासम इप्पुडु लभिन-चिन्धि।

মই প্ৰথমে সিংহচলম বৰাহ লক্ষ্মী নৰসিংহ স্বামীক প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

আপোনালোকৰ আশীৰ্বাদত ৬০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দেশে তৃতীয়বাৰলৈ একেখন চৰকাৰকে সেৱা কৰিবলৈ সুযোগ প্ৰদান কৰিছে আৰু চৰকাৰ গঠনৰ পিছত এয়া মোৰ প্ৰথম চৰকাৰী কাৰ্য্যসূচী। আপোনালোকে মোক যিদৰে আদৰণি জনাইছে আৰু মোৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে আৰু সমগ্ৰ পথচোৱাত জনতাই মোক যিদৰে আশীৰ্বাদ প্ৰদান কৰিছে, সেই কাৰ্য্যই মোক আপ্লুত কৰিছে। আজি চন্দ্ৰবাবু ডাঙৰীয়াই ভাষণত সকলো গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰিছে। তেওঁৰ প্ৰতিটো কথাৰ আঁৰৰ মনোভাৱ আৰু আৱেগক মই সন্মান কৰোঁ তথা অন্ধ্ৰ প্ৰদেশ আৰু দেশবাসীক আশ্বাস প্ৰদান কৰিব খুজিছোঁ যে একেলগে আমি এই লক্ষ্যসমূহ নিশ্চিতভাৱে পৰিপূৰণ কৰিব পাৰিম।

বন্ধুসকল,

আমাৰ অন্ধ্ৰপ্ৰদেশ এখনি সম্ভাৱনা আৰু সুযোগৰ ৰাজ্য, সম্ভাৱনা আৰু বিকাশৰ ৰাজ্য। অন্ধ্ৰৰ এই সম্ভাৱনাৰাজি বাস্তৱায়িত হোৱা মাত্ৰেকে অন্ধ্ৰৰ অৱস্থা উন্নত হ’ব, তেতিয়াহে ভাৰত এখনি উন্নত ৰাষ্ট্ৰ হৈ উঠিব। গতিকে অন্ধ্ৰৰ উন্নয়ন সাধন আমাৰ অন্যতম গুৰুত্বপূৰ্ণ দৃষ্টিভংগী। আমি অন্ধ্ৰবাসীক সেৱা আগবঢ়োৱাৰ অংগীকাৰ কৰিছোঁ। ২০৪৭ৰ ভিতৰত ৰাজ্যখনক প্ৰায় ২.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ চন্দ্ৰবাবুৰ চৰকাৰে "স্বৰ্ণ অন্ধ্ৰ@২০৪৭" পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্রৰ এনডিএ চৰকাৰেও অন্ধ্র প্রদেশৰ সৈতে হাতত হাত ধৰি ৰাজ্যখনৰ প্রতিটো লক্ষ্য বাস্তৱায়িত কৰিবলৈ কাম কৰি আছে। সেইবাবেই কেন্দ্রীয় চৰকাৰে লাখ কোটি টকা মূল্যৰ আঁচনিৰ ক্ষেত্ৰত অন্ধ্র প্রদেশক বিশেষ অগ্রাধিকাৰ প্ৰদান কৰিছে। আজি ইয়াত ২ লাখ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহে অন্ধ্ৰ প্ৰদেশৰ উন্নয়নক নতুন শিখৰলৈ নিব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে অন্ধ্ৰপ্ৰদেশৰ লগতে সমগ্ৰ ৰাষ্ট্ৰখনক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

উদ্ভাৱনৰ মনোভাৱেৰে অন্ধ্ৰ প্ৰদেশ আইটি আৰু প্ৰযুক্তিৰ এক প্ৰধান কেন্দ্ৰ। এতিয়া অন্ধ্ৰ নতুন ভৱিষ্যতৰ প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সময় আহি পৰিছে। ইয়াত বৰ্তমান যিসমূহ প্ৰযুক্তিৰ বিকাশ সাধন কৰা হৈছে, সেইসমূহৰ ক্ষেত্ৰত আমি আৰম্ভণিৰেপৰাই আগভাগ লোৱা উচিত। আজি সেউজ হাইড্ৰজেনৰ ব্যৱহাৰ এক উদীয়মান ক্ষেত্ৰ। ২০২৩ত দেশে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ শুভাৰম্ভ কৰে। আমাৰ লক্ষ্য হৈছে ২০৩০ৰ ভিতৰত ৫ নিযুত মেট্ৰিক টন সেউজ হাইড্ৰজেন উৎপাদন কৰা! ইয়াৰ প্ৰাৰম্ভিক পৰ্য্যায়ত দুটা সেউজ হাইড্ৰজেন হাব স্থাপন কৰা হ’ব, ইয়াৰে এটা বিশাখাপট্টনমত স্থাপন কৰা হ’ব। ভৱিষ্যতে বিশাখাপট্টনম বিশ্বৰ কেইখনমান চহৰৰ ভিতৰত এখন চহৰ হৈ উঠিব, য’ত এনে বৃহৎ পৰিসৰৰ সেউজ হাইড্ৰজেন উৎপাদনৰ সুবিধা থাকিব। এই সেউজ হাইড্ৰজেন হাবে অসংখ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ উপৰিও অন্ধ্ৰ প্ৰদেশৰ উৎপাদন ব্যৱস্থাও বিকশিত হ’ব।

বন্ধুসকল,

আজি মই নক্কাপল্লীত বাল্ক ড্ৰাগ পাৰ্ক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰো সুযোগ লাভ কৰিছোঁ। দেশৰ তিনিখন ৰাজ্যৰ অন্ধ্ৰ প্ৰদেশ অন্যতম, য’ত এনে উদ্যান স্থাপন কৰা হৈছে। পাৰ্কখন উৎপাদন আৰু গৱেষণাৰ বাবে উৎকৃষ্ট আন্তঃগাঁথনিৰে সমৃদ্ধ হ’ব। ইয়াৰ ফলশ্ৰুতিত বিনিয়োগকাৰীসকলৰ উৎসাহ বৃদ্ধি পাব আৰু ইয়াৰ ফাৰ্মাচিউটিকেল কোম্পানীসমূহ লাভান্বিত হ’ব।

বন্ধুসকল,

আমাৰ চৰকাৰে নগৰীকৰণক এক সুযোগ হিচাপে গ্ৰহণ কৰিছে। আমি অন্ধ্ৰক নতুন যুগৰ নগৰীকৰণৰ আৰ্হি হিচাপে গঢ়ি তুলিব বিচাৰোঁ। এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আজি কৃষ্ণপটনাম ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰা হৈছে, যাক ক্ৰীছ চিটি বুলিও কোৱা হয়। এই স্মাৰ্ট চিটি চেন্নাই-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ অংশ হ’ব। ইয়াৰ ফলত অন্ধ্ৰলৈ হাজাৰ-হাজাৰ কোটি টকাৰ বিনিয়োগৰ আগমন ঘটিব আৰু লাখ-লাখ ঔদ্যোগিক চাকৰিৰ সৃষ্টি হ’ব।

বন্ধুসকল,

ইতিমধ্যে অন্ধ্ৰ প্ৰদেশ শ্ৰী চিটিৰ জৰিয়তে উৎপাদন কেন্দ্ৰ হিচাপে লাভান্বিত হৈছে। আমি অন্ধ্ৰপ্ৰদেশক উদ্যোগ আৰু উৎপাদন খণ্ডত দেশৰ অন্যতম শীৰ্ষ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰয়াস গ্ৰহণ কৰিছোঁ। উৎপাদনক প্ৰোৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে পিএলআইৰ দৰে আঁচনি ৰূপায়ণ কৰিছে। ফলস্বৰূপে আজি ভাৰতে কেইবাটাও সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে।

বন্ধুসকল,

আজি নিউ বিশাখাপট্টনম চহৰতো দক্ষিণ উপকূল ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ বাবে এয়া অতিশয় গুৰুত্বপূৰ্ণ। দীৰ্ঘদিন ধৰি এটা সুকীয়া ৰেলৱে মণ্ডল স্থাপনৰ দাবী উত্থাপিত হৈ আহিছিল, আজি এই সপোন বাস্তৱায়িত হৈছে। দক্ষিণ উপকূল ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্য্যালয় স্থাপনৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোত কৃষি আৰু বাণিজ্য সম্পৰ্কীয় কাম-কাজৰ সম্প্ৰসাৰণ ঘটিব। ইয়াৰ উপৰিও পৰ্যটন খণ্ড আৰু স্থানীয় অৰ্থনীতিয়েও বৃদ্ধিৰ নতুন সুযোগ লাভ কৰিব। আজি ইয়াত কেইবা হাজাৰ কোটি টকা মূল্যৰ যোগাযোগ-সম্পৰ্কীয় প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰা হৈছে। ৰেল খণ্ডত অন্ধ্ৰপ্ৰদেশ ১০০% বৈদ্যুতীকৰণ সম্পন্ন হোৱা ৰাজ্যসমূহৰ অন্যতম। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অন্ধ্ৰ প্ৰদেশৰ সত্তৰৰো অধিক ৰেল ষ্টেচন গঢ়ি তোলা হৈছে। অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ যাতায়তৰ সুবিধাৰ বাবে ৭ খন বন্দে ভাৰত ৰেল আৰু অমৃত ভাৰত ৰেলো চলোৱা হৈছে।

বন্ধুসকল,

উন্নত যোগাযোগ ব্যৱস্থা আৰু উন্নত সুবিধাৰাজিৰে অন্ধ্ৰৰ এই আন্তঃগাঁথনি বিপ্লৱে ৰাজ্যখনৰ সমগ্ৰ পৰিবেশৰ ৰূপান্তৰ সাধন কৰিব। ই ইজ অৱ লিভিং আৰু ইজ অৱ ডুয়িং বিজনেছৰ বৰ্ধন ঘটাব। ইয়াৰ জৰিয়তে অন্ধ্ৰক ২.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলা হ’ব।

বন্ধুসকল,

যুগ-যুগ ধৰি বিশাখাপট্টনম আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূল ভাৰতৰ বাণিজ্যৰ দুৱাৰমুখ হৈ আহিছে। আজিও বিশাখাপট্টনমৰ গুৰুত্ব একে। আমি সাগৰেৰে সম্পৰ্কীয় সুযোগসমূহ সম্পূৰ্ণৰূপে গ্ৰহণ কৰিবলৈ মিছন মোডত সুনীল অৰ্থনীতিক প্ৰোৎসাহিত কৰিছোঁ। ইয়াৰ বাবে বিশাখাপট্টনম ফিছিং হাৰ্বাৰৰ আধুনিকীকৰণ কৰা হৈছে। আমি অন্ধ্ৰ প্ৰদেশৰ মীন পালনৰে জড়িত আমাৰ ভাই-ভনীসকলৰ আয় আৰু ব্যৱসায়ৰ বৰ্ধনৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। আমি মাছমৰীয়াসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ দৰে সুবিধা প্ৰদান কৰিছোঁ। সাগৰত নিৰাপত্তাৰ বাবেও আমি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ।

বন্ধুসকল,

আমি দেশৰ প্ৰতিটো খণ্ডৰে সৰ্বাংগীন উন্নয়ন সাধনৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ, যাতে উন্নয়নৰ সুফল সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে লাভ কৰে। ইয়াৰ বাবে এনডিএ চৰকাৰ এখনি সমৃদ্ধিশালী আৰু আধুনিক অন্ধ্ৰপ্ৰদেশ গঢ়ি তুলিবলৈ অংগীকাৰবদ্ধ। আজি উদ্বোধন কৰা প্ৰকল্পসমূহে অন্ধ্ৰবাসীৰ সমৃদ্ধি সুনিশ্চিত কৰিব। আকৌ এবাৰ আপোনালোক সকলোকে এই প্ৰকল্পসমূহৰ বাবে অভিনন্দন জনাইছোঁ।

আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ!

***

MJPS/VJ/SB


(Release ID: 2092332) Visitor Counter : 54