পোষ্ট কৰা হৈছে:
19 DEC 2024 6:17PM by PIB Guwahati
আজি গোৱা মুক্তি দিৱস উপলক্ষে ৰাইজক শুভেচ্ছা জনাই, প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে গোৱাক মুক্ত কৰাৰ আন্দোলনত সক্ৰিয়ভাৱে জড়িত মহান নাৰী-পুৰুষসকলৰ বীৰত্ব আৰু দৃঢ়তাৰ কথা স্মৰণ কৰে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে:
“আজি, গোৱা মুক্তি দিৱসত, আমি গোৱাক মুক্ত কৰাৰ আন্দোলনত সক্ৰিয়ভাৱে জড়িত মহান নাৰী-পুৰুষসকলৰ বীৰত্ব আৰু দৃঢ়তাৰ কথা স্মৰণ কৰিছোঁ। তেওঁলোকৰ সাহসে আমাক গোৱাৰ উন্নতি আৰু ৰাজ্যবাসীৰ সমৃদ্ধিৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে।”
**********
MJPS/SR