তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কাইলৈৰ উল্লেখনীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে বিশেষ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে আইএফএফআইয়ে
ভাৰতীয় চিনেমাৰ ভৱিষ্যত উদযাপন – ‘ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ত মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে ছবি নিৰ্মাণ কৰিলে যুৱ প্ৰতিভা আৰু সৃষ্টিশীল কাহিনীৰ স্ৰষ্টাসকলে
এই বছৰ আইএফএফআই আমাৰ দেশৰ যুৱক-যুৱতীসকলে অতীত আৰু ভৱিষ্যতৰ প্ৰতিনিধিত্ব কৰা কিংবদন্তিসমূহৰ প্ৰতি উৎসৰ্গিত - সঞ্জয় জাজু, সচিব, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
‘গুল্লু’ - অদৃশ্য মোবাইল ফোনযোগে পুৰুষ আৰু প্ৰযুক্তিৰ মাজত সুক্ষ্ম সম্পৰ্ক দেখুওৱা এখন ছবি, ছবি খনে চিএমঅ’টিত বৃহৎ সাফল্য অৰ্জন কৰে
যুৱক-যুৱতীসকলৰ অফুৰন্ত উৎসাহ, এক চমকপ্ৰদ পৰিৱেশ আৰু ৪৮টা অক্লান্ত অথচ অবিস্মৰণীয় ঘণ্টাৰ তীব্ৰতা - ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অনুষ্ঠিত হোৱা ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো (চিএমঅ’টি)ৰ সামৰণি অনুষ্ঠানৰ সময়ত আজি মেকুইনেজ পেলেচত এনে দৃশ্যই দেখা গ’ল।
ভাৰতৰ আটাইতকৈ আশাব্যঞ্জক যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক আৱিষ্কাৰ আৰু উৎসাহিত বাবে এক অগ্ৰণী মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে চিএমঅ’টিয়ে। এই বছৰটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, এই কাৰ্যসূচীয়ে ১৩টা চলচ্চিত্ৰ নিৰ্মাণ শাখাৰ ১০০ জন যুৱ প্ৰতিভাক সামৰি লৈ সম্প্ৰসাৰিত হৈছে, যিটো পূৰ্বৰ সংস্কৰণসমূহত ৭৫ জন অংশগ্ৰহণকাৰী আৰু প্ৰদৰ্শিত ১০টা শিল্পকৰ্মৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি। এই পদক্ষেপে ব্যাপক সঁহাৰি লাভ কৰে, সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ১০৭০ টা অন্তৰ্ভুক্তিৰ আবেদন লাভ ক ৰা হৈছিল, যিয়ে ১৩টা চলচ্চিত্ৰ সম্পৰ্কীয় বিষয়ত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ দিছে।
এই অনুষ্ঠানটোৰ এটা উল্লেখযোগ্য দিশ হৈছে ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰত্যাহ্বান, য’ত অংশগ্ৰহণকাৰীসকলে ২০ জনকৈ সদস্যৰ পাঁচটা দলত বিভক্ত হৈ “প্ৰযুক্তিৰ যুগত সম্পৰ্ক” শীৰ্ষক বিষয়বস্তুক কেন্দ্ৰ কৰি চুটি ছবি নিৰ্মাণ কৰে। ২০২৪ চনৰ ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈকে পাঞ্জিমৰ ৪ কিলোমিটাৰ ব্যাসাৰ্ধৰ ১২টা স্থানত এই প্ৰত্যাহ্বান অনুষ্ঠিত হয়, যিয়ে দলসমূহৰ সৃষ্টিশীলতা আৰু স্থিতিস্থাপকতাক পৰীক্ষা কৰাৰ সুযোগ দিয়ে।
এইবাৰ চিএমঅ’টিত ৪৮ ঘণ্টীয়া ফিল্মমেকিং চেলেঞ্জৰ বিজয়ীসকল হ’ল-
১/ শ্ৰেষ্ঠ ছবি : গুল্লু
শ্ৰেষ্ঠ ছবি (ৰানাৰ্ছ আপ): উই হিয়েৰ দ্য ছেম মিউজিক
২) শ্ৰেষ্ঠ পৰিচালক: আৰ্শ্বালী জোচে (গুল্লু)
৩/ শ্ৰেষ্ঠ চিত্ৰনাট্য: অধিৰাজ বসু (লাভপিক্স চাবস্ক্ৰিপচন)
৪.শ্ৰেষ্ঠ অভিনেত্ৰী: বিষাখা নাইৰ (লাভপিক্স চাবস্ক্ৰিপচন)
৫) শ্ৰেষ্ঠ অভিনেতা: পুষ্পেন্দ্ৰ কুমাৰ (গুল্লু)
শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰা শ্ৰীমতী আৰ্শ্বালী জোছে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, “এই কৃতিত্ব মোৰ সমগ্ৰ দলৰ কৃতিত্ব । চিত্ৰনাট্যখনেই আছিল আমাৰ ছবিখনৰ প্ৰকৃত আধাৰ আৰু সেয়া পঢ়াৰ মুহূৰ্ততে মই গম পালোঁ যে আমাৰ কিবা এটা বিশেষ আছে। মোৰ বাবে ব্যতিক্ৰমী দলটোৰ সৈতে কাম কৰাটো এক অবিস্মৰণীয় অভিজ্ঞতা হৈ পৰিছে।”
এই যুৱ প্ৰতিভাসকলক মেণ্টৰ কৰিছিল বিগত বৰ্ষৰ চি এম অ’ টি চেম্পিয়ন হিচাপে আমন্ত্ৰিত হোৱা চি এম অ’ টিৰ প্ৰাক্তন ছাত্ৰ - চিদানন্দ নাইক, অখিল লটলিকাৰ, সুবৰ্ণ দাস, অক্ষিতা ভোহৰা আৰু কৃষ্ণ দুছানে।
অংশগ্ৰহণকাৰীসকলক প্ৰশংসা কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সম্পাদক সঞ্জয় জাজুৱে কয়, ‘প্ৰবল হেঁচাৰ মাজত মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত এনে দৃষ্টান্তমূলক ছবি নিৰ্মাণ কৰাটো এক বিৰল কৃতিত্ব। ইয়াত প্ৰতিজন অংশগ্ৰহণকাৰীয়েই একো একোজন বিজয়ী।” তেওঁ আৰু কয়, “এই বছৰ আমি আই এফ এফ আইক আমাৰ দেশৰ যুৱক-যুৱতীসকলে প্ৰতিনিধিত্ব কৰা অতীত আৰু ভৱিষ্যতৰ কিংবদন্তিসকলৰ প্ৰতি উৎসৰ্গা কৰিছো। চিএমঅ’টি, ফিল্ম বজাৰ, আৰু ৰেড কাৰ্পেটৰ দৰে পদক্ষেপে উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ বাবে দুৱাৰ মুকলি কৰি দিছে।”
অনুষ্ঠানত উপস্থিত থকা অভিনেতা অমিত সাধেও আইএফএফআইক প্ৰশংসা কৰে কয় যে ই ছবি উদ্যোগৰ সুযোগসমূহ পোনপটীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাসকলৰ মাজলৈ লৈ গৈছে। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ সচিব নীৰজা শেখৰ; পৃথুল কুমাৰ, যুটীয়া সচিব আৰু এনএফডিচিৰ এমডি; চলচ্চিত্ৰৰ যুটীয়া সচিব ভ্ৰুন্দ দেশাই আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব অপূৰ্ব চন্দ্ৰ উপস্থিত থাকে। প্ৰখ্যাত সাহিত্যিক তথা গ্ৰেণ্ড জুৰীৰ সদস্য সম্ৰাট চক্ৰৱৰ্তেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
উৎসাহীলোকসকলৰ ভিৰৰ মাজত বিজয়ী ঘোষণা কৰাৰ লগে লগে শ্বৰ্টছ ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া কাৰ্টাৰ পিলচাৰে অংশগ্ৰহণকাৰীসকলক প্ৰশংসা কৰি কয় , “এই বছৰ নিৰ্মিত ছবিসমূহৰ মান আৰু বিষয়বস্তু অতি উন্নত তথা অসাধাৰণ।”
ব্ৰিটেইনৰ নেটৱৰ্ক শ্বৰ্টছ ইণ্টাৰনেশ্যনেলৰ সহযোগত আয়োজিত এই ৪৮ ঘণ্টীয়া ফিল্মমেকিং চেলেঞ্জে যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে সময়ৰ সীমাব্ধতাৰ মাজতো নিজৰ সৃষ্টিশীলতা, গল্প কোৱাৰ দক্ষতা আৰু দলীয় কাম পৰিচালনা কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে। শ্বৰ্টছ টিভিয়ে চিএমঅ’টিত এই ছবিসমূহৰ সমগ্ৰ প্ৰি-প্ৰডাকচন, প্ৰডাকচন আৰু পোষ্ট প্ৰডাকচনৰ দায়িত্ব গ্ৰহণ কৰে।
এই বছৰ চিএমঅ’টিয়ে কেৱল যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰতিভাক উদযাপন কৰাই নহয়, এই চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক বিশেষ মঞ্চ হিচাপে আইএফএফআইৰ ভূমিকাকো প্ৰতিফলিত কৰিছে।
(Release ID: 2080967)
Visitor Counter : 14
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Konkani
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam