তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ অংশ হিচাপে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত এচিফা ইণ্ডিয়াৰ 'ৱেভছ এৱাৰ্ডছ অফ এক্সেলেন্স'ৰ আয়োজন
আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰক: এনিমেচন আৰু চলচ্চিত্ৰ পুৰস্কাৰৰ বাবে আৱেদনৰ সময়সীমা ১৫ ডিচেম্বৰ ২০২৪লৈ ধাৰ্য কৰা হৈছে, বিজয়ীসকলে সংশ্লিষ্ট উদ্যোগৰ শীৰ্ষ ব্যক্তিসকলৰ নিৰ্দেশনা, স্বীকৃতি আৰু নেটৱৰ্কিঙৰ সুযোগ লাভ কৰিব
Posted On:
29 NOV 2024 6:13PM
|
Location:
PIB Guwahati
ইউনেস্কোৰ দ্বাৰা স্বীকৃত এনিমেছনৰ প্ৰচাৰ কৰা এক বিশ্বব্যাপী বেচৰকাৰী সংগঠন আচিফা ইণ্ডিয়াই বিশ্বৰ মঞ্চত ভাৰতৰ সৃষ্টিশীল নেতৃত্ব শক্তিশালী কৰাৰ লগতে এনিমেচন, ভিজুৱেল ইফেক্ট আৰু এক্সআৰৰ ক্ষেত্ৰত সাফল্য লাভৰ উদ্দেশ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ অংশ হিচাপে 'ৱেভছ এৱাৰ্ডছ অফ এক্সেলেন্স'ৰ আয়োজন কৰিছে।

সন্মানীয় বঁটাসমূহৰ বাবে ১৫ ডিচেম্বৰ, ২০২৪ লৈকে আৱেদন দাখিল কৰিব পাৰিব, লগতে বঁটা প্ৰদান অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সন্মিলন (তৰংগ) ২০২৫ত অনুষ্ঠিত হ’ব।
তৰংগ উৎকৰ্ষ বঁটা
শিক্ষাৰ্থী আৰু পেছাদাৰীসকলৰ বাবে এই বঁটাত আছে শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ, শ্ৰেষ্ঠ ভিজুৱেল ইফেক্ট, আৰু শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰৰ দৰে শ্ৰেণী। বিজয়ীসকলে উদ্যোগৰ শীৰ্ষ ব্যক্তিসকলৰ নিৰ্দেশনা আৰু নেটৱৰ্কিঙৰ সুযোগ লাভ কৰাৰ লগতে চৰকাৰৰ 'ক্ৰিয়েট ইন ইণ্ডিয়া' উদ্যোগৰ সৈতে সংগতি ৰাখি ভাৰতৰ সৃষ্টিশীল বিপ্লৱৰ অংশ হিচাপে স্বীকৃতি লাভ কৰিব।
আগন্তুক 'তৰংগ বঁটা উৎকৰ্ষ বঁটা'ত অংশগ্ৰহণ কৰাৰ শ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিবলৈ, সমগ্ৰ দেশৰ বিভিন্ন চহৰত এক আন্তৰ্জাতিক এনিমেচন দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। আগন্তুক সপ্তাহত, শিক্ষাৰ্থী আৰু পেছাদাৰীসকলৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ পুনে, ইন্দোৰ, নাছিক, মুম্বাই, নয়ডা, বেংগালুৰু আৰু আন কেইবাটাও স্থানত অনুষ্ঠান আয়োজন কৰা হ'ব।
ইয়াৰ পূৰ্বে, আচিফা ইণ্ডিয়াই ১৬-১৭ নৱেম্বৰ, ২০২৪ তাৰিখে হায়দৰাবাদত সফলতাৰে আন্তৰ্জাতিক এনিমেচন দিৱস আয়োজন কৰিছিল আৰু আগন্তুক তৰংগ উৎকৰ্ষ বঁটাত অংশগ্ৰহণ কৰাৰ লগতে সৃষ্টিকৰ্তাসকলক অনুপ্ৰাণিত কৰিবলৈ ২১ নৱেম্বৰত ভূপাল ডিজাইন মহোৎসৱত অংশগ্ৰহণ কৰে।
১৯৬০ চনত ফ্ৰান্সৰ এনিচিত স্থাপিত, এচিফা কৰ্মশালা, চিজি মিট আপ, আৰু ইয়াৰ আন্তৰ্জাতিক এনিমেচন দিৱস (আইএডি)ৰ জৰিয়তে প্ৰতিভা আৰু উদ্ভাৱনৰ প্ৰচাৰত ইয়াৰ অৱদানৰ বাবে জনাজাত।
ৱেভছ এৱাৰ্ডছ অফ এক্সেলেন্স ২০২৫-ৰ বাবে আৱেদন জমা দিয়া সম্পৰ্কীয় বিৱৰণ: সময়সীমা: ১৫ ডিচেম্বৰ, ২০২৪
এণ্ট্ৰিজ ফাণ্ডিচন পৰ্টেল: https://filmfreeway.com/asifaiad
ইণ্ডিয়া পাছ: ইণ্ডিয়া 10281892
ৱেভছ পাছকোড: ASIFAIADINDIA25
হায়দৰাবাদ-আন্তঃৰাষ্ট্ৰীয় এনিমেচন দিৱসৰ সময়ত মাৰিয়া এলিনা গুটিৰেজক এচিফা ইণ্ডিয়াৰ সভাপতি সঞ্জয় খিমেশ্ৰাই সন্মানিত কৰিছিল।
এচিফা ইণ্ডিয়াৰ দ্বাৰা আই.এ.ডি. সম্পৰ্কীয় আগন্তুক অনুষ্ঠানসমূহ:
City
|
Date(s)
|
Bengaluru
|
6th December 2024
|
Mumbai (AGIF)
|
6th & 7th December 2024
|
Pune
|
29th December 2024
|
Indore
|
14th December 2024
|
Nashik
|
3rd January 2025
|
Bilaspur
|
18th January 2025
|
Mohali
|
24th January 2025
|
Kolkata
|
31st January 2025
|
*******
Release ID:
(Release ID: 2080708)
| Visitor Counter:
45
Read this release in:
Odia
,
Urdu
,
Khasi
,
English
,
Hindi
,
Marathi
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam