প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ভাৰত কো জানিয়ে’ কুইজত অংশগ্ৰহণ কৰিবলৈ প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতি আহ্বান প্ৰধানমন্ত্ৰীৰ
Posted On:
23 NOV 2024 9:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰত কো জানিয়ে’ (ভাৰতক জানক) কুইজত অংশগ্ৰহণ কৰিবলৈ প্ৰবাসী ভাৰতীয় আৰু অন্যান্য দেশৰ বন্ধুবৰ্গক আহ্বান জনায়। তেওঁ মন্তব্য কৰে যে এই কুইজ-য়ে বিশ্বজুৰি ভাৰত আৰু ইয়াৰ প্ৰবাসীসকলৰ মাজৰ সংযোগ গভীৰ কৰি তুলিছে আৰু আমাৰ সমৃদ্ধ ঐতিহ্য আৰু জীৱন্ত সংস্কৃতিক পুনৰ আৱিষ্কাৰ কৰাৰ এক আশ্চৰ্যকৰ উপায় হিচাপে পৰিগণিত হৈছে।
তেওঁ ‘এক্স’-ত প্ৰেৰণ কৰা এটা বাৰ্তাত কয়:
"আমাৰ প্ৰবাসীসকলৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস!
বিদেশত থকা ভাৰতীয় সম্প্ৰদায় আৰু আন দেশৰ বন্ধুবৰ্গক #BharatKoJaniye কুইজত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ!
bkjquiz.com
এই কুইজে বিশ্বজুৰি ভাৰত আৰু ইয়াৰ প্ৰবাসীসকলৰ মাজৰ সংযোগ গভীৰ কৰিছে। আমাৰ সমৃদ্ধ ঐতিহ্য আৰু জীৱন্ত সংস্কৃতি পুনৰ আৱিষ্কাৰ কৰাৰ ই হৈছে এক আশ্চৰ্যকৰ উপায়।
বিজয়ীসকলে #IncredibleIndiaৰ আশ্চৰ্যকৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব।
*********
MJPS/SR/KB
(Release ID: 2080638)
Read this release in:
Odia
,
Bengali
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam