কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
অৰুণাচল প্ৰদেশৰ শ্বি যোমি জিলাত ১৭৫০ কোটি টকা ব্যয় আৰু ৫০ মাহত সম্পূৰ্ণ হোৱাৰ সময়সীমাৰে ১৮৬ মেগাৱাটৰ টাটো-আই জল বৈদ্যুতিক প্ৰকল্প নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনায়
प्रविष्टि तिथि:
25 NOV 2024 8:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অৰুণাচল প্ৰদেশৰ শ্বি যোমি জিলাত টাটো-আই হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্ট (এইচ ই পি) নিৰ্মাণৰ বাবে ১৭৫০ কোটি টকাৰ বিনিয়োগৰ অনুমোদন জনাইছে। প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হোৱাৰ আনুমানিক সময় হৈছে ৫০ মাহ। ১৮৬ মেগাৱাট (৩ x ৬২ মেগাৱাট) স্থাপন ক্ষমতাৰে এই প্ৰকল্পটোৱে ৮০২ মিলিয়ন ইউনিট (এম ইউ) শক্তি উৎপাদন কৰিব। এই প্ৰকল্পৰ পৰা উৎপাদিত শক্তিয়ে অৰুণাচল প্ৰদেশ ৰাজ্যৰ বিদ্যুৎ যোগানৰ অৱস্থা উন্নত কৰাত সহায় কৰিব আৰু লগতে ৰাষ্ট্ৰীয় গ্ৰীডৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিব। নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড (NEEPCO) আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যুটীয়া উদ্যোগ কোম্পানীৰ জৰিয়তে এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব। ভাৰত চৰকাৰে সক্ষমক আন্তঃগাঁথনিৰ অধীনত পথ, দলং আৰু সংশ্লিষ্ট ট্ৰেন্সমিছন লাইন নিৰ্মাণৰ বাবে বাজেট সমৰ্থন হিচাপে ৭৭.৩৭ কোটি টকাৰ লগতে ১২০.৪৩ কোটি টকাৰ কেন্দ্ৰীয় আৰ্থিক সাহায্য ৰাজ্যৰ ইকুইটি অংশীদাৰিত্বৰ দিশত বৃদ্ধি কৰিব। ৰাজ্যখনে অঞ্চলটোৰ উল্লেখযোগ্য আন্তঃগাঁথনি উন্নয়ন আৰু আৰ্থ-সামাজিক উন্নয়নৰ উপৰিও ১২% মুক্ত শক্তি আৰু স্থানীয় এলেকা উন্নয়ন পুঁজি (এল এ ডি এফ)ৰ দিশত আন ১% লাভৱান হ’ব। প্ৰকল্পটোৰ বাবে প্ৰায় ১০ কিলোমিটাৰ পথ আৰু দলং উন্নয়নকে ধৰি আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি হ’ব যিটো বেছিভাগেই স্থানীয় ব্যৱহাৰৰ বাবে উপলব্ধ হ’ব। ১৫ কোটি টকাৰ নিৰ্দিষ্ট প্ৰকল্পৰ পুঁজিৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পৰাকৈ অত্যাৱশ্যকীয় আন্তঃগাঁথনি যেনে চিকিৎসালয়, বিদ্যালয়, আই টি আই, বজাৰ, খেলপথাৰ আদিৰ দৰে বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান নিৰ্মাণৰ জৰিয়তেও জিলাখনে লাভৱান হ’ব।স্থানীয় জনসাধাৰণেও বহু ধৰণৰ ক্ষতিপূৰণ, নিয়োগ আৰু চি এছ আৰ কাৰ্য্যকলাপৰ দ্বাৰা উপকৃত হ’ব।
*****
MJPS/BM/MS
(रिलीज़ आईडी: 2078453)
आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam