প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাইজেৰিয়াৰ মাৰাঠী সম্প্ৰদায়ক তেওঁলোকৰ সংস্কৃতি আৰু শিপাৰ সৈতে সম্পৰ্কিত হৈ থকাৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 17 NOV 2024 6:05AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাইজেৰিয়াৰ মাৰাঠী সম্প্ৰদায়ক তেওঁলোকৰ সংস্কৃতি আৰু শিপাৰ সৈতে সম্পৰ্কিত হৈ থকাৰ বাবে প্ৰশংসা কৰে, সম্প্ৰদায়টোৱে মাৰাঠী ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰাত আনন্দ প্ৰকাশ কৰাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অভিমত প্ৰকাশ কৰিছিল।

‘এক্স’ত কৰা এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"নাইজেৰিয়াত মাৰাঠী সম্প্ৰদায়ে মাৰাঠীক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা দিয়াত আনন্দ প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁলোকৰ সংস্কৃতি আৰু শিপাৰ সৈতে সম্পৰ্কিত হৈ থকা কথাটো সঁচাকৈয়ে প্ৰশংসনীয়।"

 

***

MJPS/SR/KB


(ৰিলিজ আই ডি : 2074108) অতিথি কক্ষ : 71