গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত দুদিনীয়া ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪’ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতিক সমগ্ৰ বিশ্বই মানি লৈছে
সন্ত্ৰাসবাদৰ সমগ্ৰ ‘পৰিৱেশ তন্ত্ৰ’ৰ বিৰুদ্ধে যুঁজিবলৈ গৃহ মন্ত্ৰালয়ে অতি সোনকালে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু কৌশল প্ৰস্তুত কৰিব
মোদী চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি এই সমস্যাক নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ
মোদী চৰকাৰে অদৃশ্য আৰু সীমাহীন হৈ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ বিষয়া আৰু নিৰাপত্তা বাহিনীক প্ৰযুক্তিৰে সজ্জিত কৰিছে
ইউএপিএৰ গোচৰত এনআইএ প্ৰায় ৯৫% দোষী সাব্যস্ত হোৱাৰ হাৰ লাভ কৰাত সফল হৈছে
মোদী চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই এটা দশকত সন্ত্ৰাসবাদীৰ ঘটনা ৭০% হ্ৰাস পাইছে
সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য, ক্ৰিপ্টোৰ দৰে নতুন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষী থানাৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈকে এক সমন্বিত পদ্ধতি গ্ৰহণ কৰিব লাগিব
সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য বন্ধ কৰাৰ বাবে ২৫ দফীয়া এক সংহত পৰিকল্পনা ৰচনা কৰা হৈছে, য’ত জেহাদী সন্ত্ৰাসবাদৰ পৰা আৰম্ভ কৰি উত্তৰ-পূ
Posted On:
07 NOV 2024 6:07PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (National Investigation Agency), গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত দুদিনীয়া ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪’ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে। গৃহমন্ত্ৰীয়ে এনআইএৰ মূলমন্ত্ৰ অনাৱৰণ, ইউএপিএৰ গোচৰৰ তদন্তৰ বাবে এছঅ’পি মুকলি আৰু এনআইএৰ ১১গৰাকী পদক বিজয়ীক অলংকৃত কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহ সচিব শ্ৰীযুত গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰো (আইবি)ৰ সঞ্চালক শ্ৰীযুত তপন ডেকা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপ উপদেষ্টা শ্ৰীযুত পংকজ সিং আৰু এনআইএৰ সঞ্চালক প্ৰধান শ্ৰীযুত সদানন্দ বসন্ত ডাটেকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। সন্মিলনত ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, সন্ত্ৰাসবাদ বিৰোধী বিষয়ৰ সৈতে জড়িত কেন্দ্ৰীয় সংস্থা/বিভাগৰ বিষয়া আৰু আইন, ফৰেনছিক, প্ৰযুক্তি আদি আনুষংগিক ক্ষেত্ৰৰ বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰিছে।
সন্মিলনত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এনআইএ কেৱল তদন্তকাৰী সংস্থা নহয়, বৰঞ্চ ইয়াৰ তত্ত্বাৱধানত সমগ্ৰ দেশৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপৰ সংকলন আৰু সংবৰ্ধন হোৱা উচিত। লগতে এনে ব্যৱস্থা কৰিব লাগে যাতে তদন্তকাৰী সংস্থাই আদালতত শক্তিশালীভাৱে নিজৰ পক্ষ ৰাখে আৰু সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থাটো অধিক শক্তিশালী হয়।
শ্ৰী অমিত শ্বাহে কয় যে আজি ১১জন পদক বিজয়ীকো সন্মানিত কৰা হৈছে। তেওঁ কয় যে স্বাধীনতাৰ পিছৰ ৭৫ বছৰত দেশৰ নিৰাপত্তা বজাই ৰাখিবলৈ এতিয়ালৈকে ৩৬,৪৬৮জন আৰক্ষী জোৱানে আভ্যন্তৰীণ সুৰক্ষা আৰু সীমান্ত সুৰক্ষাৰ বাবে নিজৰ সৰ্বোচ্চ বলিদান দিছে।
কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদী জী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথম ১০ বছৰত ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সুনিৰ্দিষ্ট ৰণনীতি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদী জীৰ মূলমন্ত্ৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাক আজি কেৱল ভাৰতেই নহয়, বৰং সমগ্ৰ বিশ্বই মানি লৈছে। তেওঁ কয় যে ভাৰতত বিগত ১০ বছৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী ‘পৰিৱেশ তন্ত্ৰ’ৰ সৃষ্টি হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যদিও এতিয়াও বহু কাম বাকী আছে, কিন্তু যদি যোৱা ১০ বছৰত কৰা কাম-কাজ চালে, ইয়াক সন্তোষজনক বুলি ক’ব পাৰি। তেওঁ কয় যে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ বিৰুদ্ধে যুঁজিবলৈ গৃহ মন্ত্ৰালয়ে অতি সোনকালে এক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু কৌশল প্ৰস্তুত কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে ৰাজ্যসমূহৰ নিজস্ব ভৌগোলিক আৰু সাংবিধানিক সীমা আছে, কিন্তু সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ কোনো সীমা নাই। তেওঁ কয় যে সন্ত্ৰাসবাদীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক দুয়ো ধৰণৰ ষড়যন্ত্ৰ চলায় আৰু যদি আমি ইয়াৰ বিৰুদ্ধে সঠিক ৰণনীতি ৰচনা কৰিব লাগে, তেন্তে এনে সন্মিলনৰ সহায়ত আমি এক শক্তিশালী ব্যৱস্থা গঢ়ি তুলিব লাগিব যাতে সন্ত্ৰাসবাদ, নিচাযুক্ত দ্ৰব্য আৰু হাৱালাকে ধৰি এনেকুৱা সকলো কাৰ্যকলাপ ৰোধ কৰিব পাৰি যি দেশৰ সীমান্ত আৰু অৰ্থনীতিক বিপদত পেলায়। তেওঁ আস্থা প্ৰকাশ কৰে যে এই সন্মিলন কেৱল আলোচনাৰ মঞ্চ হিচাপে পৰিগণিত নহয়, বৰং ইয়াত কাৰ্যকৰী কৰাৰ বিন্দু সন্মুখলৈ আহিব যিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজখন আৰু অধিক শক্তিশালী কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এনে সন্মিলন তেতিয়াহে উপযোগী হ’ব যদিহে আমি একচনেবল পইণ্টক থানা আৰু বিট লেভেললৈ লৈ যাওঁ আৰু বিটৰ পৰা আৰম্ভ কৰি এনআইএৰ ডিজিলৈকে সমগ্ৰ ব্যৱস্থাটোক সন্ত্ৰাসবাদৰ বিপদৰ বিষয়ে সচেতন কৰি তোলাত সফল হওঁ।
কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বই বিশ্বাস কৰে যে শ্ৰী নৰেন্দ্ৰ মোদী জী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ অৰ্থ এইটো নহয় যে কোনো এটা ষড়যন্ত্ৰ উদঙাই দিব লাগে, বৰঞ্চ ইয়াৰ অৰ্থ হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া সংস্থাসমূহৰ হাত আইনগতভাৱে শক্তিশালী কৰা আৰু এনে এটা ‘পৰিৱেশ তন্ত্ৰ’ সৃষ্টি কৰা যাতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুদ্ধ আৰু শক্তিশালী হৈ উঠে।
শ্ৰী অমিত শ্বাহে কয় যে ২০১৯ চনৰ ০২ আগষ্টত এনআইএ আইন সংশোধন কৰা হয়, য’ত নতুন অপৰাধ সংযোজন কৰা হয় আৰু এনআইএক এক্সট্ৰা টেৰিটৰিয়েল জুৰিচিডিকচনো দিয়া হৈছে, যাৰ বাবে এতিয়া এনআইএয়ে বিদেশতো তদন্ত কৰিব পাৰে। ২০১৯ চনৰ ১৪ আগষ্টত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)তো সংশোধন কৰা হয়, যাৰ জৰিয়তে সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে ব্যক্তি আৰু সংগঠনক সন্ত্ৰাসবাদী ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰা হয়। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা ডিৰেডিকেলাইজেশ্যনৰ প্ৰয়াসসমূহৰ সমন্বয় কৰা হয়, বিভিন্ন মন্ত্ৰালয়েও নিজৰ ৰণনীতি প্ৰস্তুত কৰে আৰু গৃহ মন্ত্ৰালয়ে এটা প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন কৰাৰ কামো কৰে।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০২০ চনত সন্ত্ৰাসবাদৰ পুঁজি নিয়ন্ত্ৰণৰ বাবে ২৫ দফীয়া সংহত পৰিকল্পনা ৰচনা কৰা হয়, য’ত জেহাদী সন্ত্ৰাসবাদৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহ, বাওঁপন্থী উগ্ৰবাদ আৰু ভুৱা মুদ্ৰাৰ পৰা মাদক দ্ৰব্যলৈ বহু পদক্ষেপ গ্ৰহণ কৰা হয়। বিদেশী অৱদান নিয়ন্ত্ৰণ আইন (এফচিআৰএ)ৰ পৰা আৰম্ভ কৰি ডিৰেডিকেলাইজেশ্যনৰ পুঁজি আৰু অবৈধ অস্ত্ৰ সৰবৰাহৰ ‘পৰিৱেশ তন্ত্ৰ’ বিভিন্ন সংস্থাৰ মাজত সম্পূৰ্ণ সমন্বয়ৰে ভাঙি পেলোৱাৰ কাম কৰা হয় আৰু ইয়াৰ অতি ভাল ফল পোৱা গৈছে। তেওঁ কয় যে মাল্টি এজেন্সী চেণ্টাৰ (এমএচি)ৰ কাম-কাজত বৃহৎ পৰিসৰৰ পৰিৱৰ্তন অনা হৈছে। শ্ৰী শ্বাহে কয় যে নেশ্যনেল মেম’ৰী বেংক স্থাপন কৰা হৈছে আৰু ইয়াক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তথ্যৰ ভিত্তিত এটা কেন্দ্ৰীয় তথ্যকোষো সৃষ্টি কৰা হৈছে। তেওঁ লগতে কয় যে এনে বহু তথ্যকোষ সৃষ্টি কৰা হৈছে যাৰ জৰিয়তে সন্ত্ৰাসবাদক শিপাৰে উভালি পেলাবলৈ চলোৱা আমাৰ প্ৰচেষ্টা লাভৱান হ’ব পাৰে।
কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে ১৫টাতকৈও অধিক সংগঠনক সন্ত্ৰাসবাদী সংগঠন আৰু অবৈধ সংঘ ঘোষণা কৰা হৈছে আৰু শেহতীয়াকৈ আন ৭টা সংগঠনকো সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ২০১৪ চনৰ পিছত দেশত কোনো ডাঙৰ সন্ত্ৰাসবাদী ঘটনা সংঘটিত হোৱা নাই। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে এটা দশকত সন্ত্ৰাসবাদী ঘটনা ৭০% হ্ৰাস পাইছে।
শ্ৰী অমিত শ্বাহে কয় যে যোৱা পাঁচ বছৰত বহু ডাটাবেছ ৰূপায়ণ কৰা হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় চোৰাংচোৱা গ্ৰীড (NATGRID) হৈছে এক কেন্দ্ৰীভূত তথ্য প্ৰৱেশ সমাধান, যাৰ ব্যৱহাৰ কৰি আৰক্ষী অধীক্ষক পৰ্যায়লৈকে বিষয়াসকলৰ কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজন আছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এনআইএয়ে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ সৈতে নাৰ্কো সমন্বয় কেন্দ্ৰ (এনচিঅ’আৰডি), গ্ৰেপ্তাৰ হোৱা নাৰ্কো অপৰাধীৰ ওপৰত ৰাষ্ট্ৰীয় সংহত তথ্যকোষ (এনআইডিএএএন), মানসিক স্বাস্থ্য আৰু স্বাভাৱিকতা বৃদ্ধি ব্যৱস্থা (এমএএনএএছ) আদি কেইবাটাও তথ্যকোষ ব্যৱহাৰ কৰাৰ উদ্যোগ লোৱা হৈছে। শ্ৰী শ্বাহে জোৰ দি কয় যে এই তথ্যকোষসমূহ সকলো ৰাজ্যৰ সকলো স্তৰৰ আৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰিব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এনআইএয়ে ইউএপিএৰ গোচৰতো তদন্ত কৰি প্ৰায় ৯৫ শতাংশ দোষী সাব্যস্ত হোৱাৰ হাৰ লাভ কৰাত সফল হৈছে। তেওঁ কয় যে সকলো শক্তিয়ে প্ৰযুক্তি ব্যৱহাৰ নকৰালৈকে আমি সন্ত্ৰাসবাদৰ সমস্যাৰ বিৰুদ্ধে যুঁজিব নোৱাৰোঁ। সন্ত্ৰাসবাদ এটা সীমাহীন আৰু অদৃশ্য শত্ৰু, যি যুদ্ধৰ বিৰুদ্ধে আমি আমাৰ যুৱ বিষয়াসকলক প্ৰযুক্তিৰে সজ্জিত কৰিব লাগিব।
শ্ৰী অমিত শ্বাহে এই তিনিখন নতুন অপৰাধমূলক আইনে দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিছে বুলি অভিহিত কৰে। তেওঁ কয় যে সকলো ৰাজ্যই এই তিনিখন আইনক লেটাৰ এণ্ড স্পিৰিটত কাৰ্যকৰী কৰাটো প্ৰয়োজন। তেওঁ কয় যে জে’ল, ফৰেনছিক, ক’ৰ্ট, প্ৰচিকিউশ্যন আৰু পুলিচত নতুন আইন ১০০% কাৰ্যকৰী কৰাৰ পিছত ভাৰতীয় অপৰাধমূলক ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক ন্যায় ব্যৱস্থাত পৰিণত হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নতুন আইনত প্ৰথমবাৰৰ বাবে সন্ত্ৰাসবাদৰ সংজ্ঞা দিয়া হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত জয়ী হ’বলৈ হ’লে আমি সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰে এক সংহত কাৰ্যকৰী ব্যৱস্থা গঢ়ি তুলিব লাগিব। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য আৰু ক্ৰিপ্টোৰ দৰে নতুন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যসমূহৰ থানাৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈকে এক সমন্বিত পন্থা গ্ৰহণ কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে এতিয়া সময় আহি পৰিছে যে আমি Need to Know ৰ পৰা Duty to Share লৈ অগ্ৰসৰ হওঁ।
শ্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই উমৈহতীয়া যুঁজখন সকলো ৰাজ্যই নিজৰ যুঁজ বুলি গণ্য কৰা উচিত। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আমি দৃঢ় সংকল্পৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিম, ফলাফল কঢ়িয়াই আনিম আৰু এই অপশক্তিক শিপাৰ সৈতে উভালি পেলোৱাতো সফল হ’ম।
*****************
RK/VV/ASH/PS
(Release ID: 2071677)
Visitor Counter : 18
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam