গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আৰক্ষী স্মৃতি দিৱসত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

সমগ্ৰ দেশৰ আৰক্ষী জোৱানসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ উন্নত ভাৰত গঢ়াৰ সপোন পূৰণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ
কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো আমাৰ জোৱানসকলৰ কৰ্তব্যৰ প্ৰতি অটল দায়বদ্ধতা, তেওঁলোকৰ গভীৰ দেশপ্ৰেম আৰু পৰম ত্যাগৰ ইচ্ছাৰ প্ৰতীক
নিজৰ কৰ্তব্য পালন কৰি পৰম ত্যাগ কৰা আৰক্ষী জোৱানসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব
আৰক্ষী জোৱানৰ কল্যাণ সাধন মোদী চৰকাৰৰ অগ্ৰাধিকাৰ
মোদী চৰকাৰে আৰক্ষী কৰ্মীৰ বাবে স্বাস্থ্য, গৃহ নিৰ্মাণ আৰু বৃত্তি সম্পৰ্কীয় বহু কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰিছে
জোৱানসকলৰ ত্যাগৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকে আমাৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব আৰু নাগৰিকসকলক সোঁৱৰাই দিব যে আজি আমি যি নিৰাপত্তা আৰু অগ্ৰগতি লাভ কৰিছো সেয়া হাজাৰ হাজাৰ জোৱানৰ পৰম ত্যাগৰ বাবেই সম্ভৱ হৈছে
যোৱা দশকত নিৰাপত্তা বাহিনীৰ সমৰ্পণৰ বাবে মাওবাদী, দশক দশক ধৰি চলি অহা কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত অশান্তিৰ অন্ত পৰিল
দেশখনে ড্ৰোন, নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, চাইবাৰ অপৰাধ, এআইৰ জৰিয়তে অশান্তি বিয়পোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বা

Posted On: 21 OCT 2024 2:52PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আৰক্ষী স্মৃতি দিৱসত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বন্দী সঞ্জয় কুমাৰ, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰো (আইবি)ৰ সঞ্চালক শ্ৰী তপন কুমাৰ ডেকা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়াৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আৰক্ষী বাহিনীৰ জোৱানসকলে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু কচ্চৰ পৰা কিবিথুলৈকে ভাৰতৰ সীমান্ত সুৰক্ষিত কৰে। তেওঁ উল্লেখ কৰে যে বাহিনীৰ জোৱানসকলে দিনে-ৰাতিয়ে, উৎসৱ বা দুৰ্যোগৰ সময়ত, অত্যন্ত গৰম, বৰষুণ, প্ৰচণ্ড শীতকো নেওচি আমাৰ সীমান্তত সদায় পহৰা দি আহিছে।

শ্ৰী অমিত শ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো আমাৰ জোৱানসকলৰ কৰ্তব্যৰ প্ৰতি অটল দায়বদ্ধতা, তেওঁলোকৰ গভীৰ দেশপ্ৰেম আৰু পৰম ত্যাগ কৰিবলৈ তেওঁলোকৰ ইচ্ছাৰ প্ৰতীক। তেওঁ উল্লেখ কৰে যে ১৯৫৯ চনৰ আজিৰ দিনটোতে ১০জন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ জোৱানে সাহসেৰে চীনা সেনাৰ মুখামুখি হৈ প্ৰাণ আহুতি দিছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই জোৱানসকলৰ বলিদানক সন্মান জনাই দিল্লীৰ মাজমজিয়াত আৰক্ষীৰ স্মৃতিসৌধ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। তেওঁ লগতে কয় যে এই আৰক্ষী স্মাৰকে আমাৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰি যাব আৰু নাগৰিকসকলক সোঁৱৰাই দিব যে আজি আমি যি নিৰাপত্তা আৰু অগ্ৰগতি লাভ কৰিছো সেয়া এই হাজাৰ হাজাৰ জোৱানৰ পৰম ত্যাগৰ বাবে সম্ভাৱ হৈছে। তেওঁ লগতে কয় যে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ৩৬,৪৬৮জন আৰক্ষী জোৱানে প্ৰাণ আহুতি দিছে, যাৰ ফলত দেশখন আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তেওঁ লগতে উল্লেখ কৰে যে যোৱা এবছৰত ২১৬জন আৰক্ষী জোৱানে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিছে আৰু এই বীৰ জোৱানসকলৰ ওচৰত দেশবাসী চিৰদিন ঋণী হৈ থাকিব।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ আৰক্ষী বাহিনীৰ দেশৰ সুৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰাৰ পৰম্পৰা আছে। আমাৰ এক গৌৰৱময় ইতিহাসো আছে যে হিমালয়ৰ বৰফৰ দৰে দুৰ্গম শৃংগৰ পৰা আৰম্ভ কৰি কচ্চ আৰু বাৰ্মেৰৰ সুবিশাল মৰুভূমি আৰু বিশাল সাগৰলৈকে সাহসী সৈনিকসকলে নিৰ্ভয়ে দেশখনক সুৰক্ষিত কৰি ৰাখে, ইয়াৰ নিৰাপত্তা নিশ্চিত কৰে।

শ্ৰী অমিত শ্বাহে কয় যে জম্মু-কাশ্মীৰ, মাওবাদী প্ৰভাৱিত অঞ্চল আৰু উত্তৰ-পূবত দশক দশক ধৰি শান্তি বিঘ্নিত হৈ আহিছে যদিও বিগত দশকত আমাৰ নিৰাপত্তা বাহিনীৰ নিষ্ঠা আৰু দক্ষতাৰ বাবে আমি শান্তি প্ৰতিষ্ঠা কৰাত সফল হৈছো। তেওঁ লগতে কয় যে অৱশ্যে আমাৰ যুঁজখন এতিয়াও শেষ হোৱা নাই। ড্ৰোন, মাদক দ্ৰব্যৰ ব্যৱসায়, চাইবাৰ অপৰাধ, কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ জৰিয়তে অশান্তি বিয়পোৱাৰ চেষ্টা, ধৰ্মীয় আৱেগক উচটনি দিয়াৰ ষড়যন্ত্ৰ, অনুপ্ৰৱেশ, অবৈধ অস্ত্ৰ সৰবৰাহ, সন্ত্ৰাসবাদ আদি নতুন ভাবুকি আজি আমাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে যিমানেই ডাঙৰ ভাবুকি আৰু প্ৰত্যাহ্বান নহওক কিয়, আমাৰ জোৱানসকলৰ অটল সংকল্পৰ সন্মুখত তিষ্টিব নোৱাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগী পূৰণৰ বাবে সমগ্ৰ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী কৰ্মীসকল দৃঢ়প্ৰতিজ্ঞ। দেশৰ সংসদে গৃহীত কৰা তিনিখন নতুন অপৰাধমূলক আইন দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে কাৰ্যকৰী কৰাৰ কাম আৰম্ভ হৈছে বুলিও তেওঁ কয়। এই আইনসমূহ সম্পূৰ্ণ ৰূপায়ণৰ পিছত আমাৰ অপৰাধমূলক ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক ন্যায় ব্যৱস্থাত পৰিণত হ’ব। দেশৰ যিকোনো কোণত পঞ্জীয়ন হোৱা যিকোনো অপৰাধত ৩ বছৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ত ন্যায় প্ৰদান কৰা হ’ব। তেওঁ কয় যে ন্যায় প্ৰদানৰ বিলম্বতা দূৰ কৰাৰ উপায় এই ৩খন নতুন আইন ৰূপায়ণত নিহিত হৈ আছে।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে আৰক্ষী কৰ্মীৰ কল্যাণৰ বাবে বহু আঁচনি প্ৰৱৰ্তন কৰিছে। তেওঁ উল্লেখ কৰে যে আয়ুষ্মান চিএপিএফ আঁচনিৰ জৰিয়তে ৪১লক্ষাধিক কাৰ্ড বিতৰণ কৰাৰ লগতে প্ৰায় ১৩ লাখ টকাৰ দাবী নিষ্পত্তি কৰা হৈছে। দাবী নিষ্পত্তিৰ বাবদ ১,৪২২ কোটি টকা প্ৰদান কৰা হৈছে। তেওঁ কয় যে এই কাৰ্ডৰ জৰিয়তে আমাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্যৰ যত্ন যিকোনো ঠাইতে লোৱা হৈছে। তেওঁ কয় যে গৃহ নিৰ্মাণ আঁচনিতো আমি গৃহ সন্তুষ্টিৰ অনুপাত বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে ১৩হাজাৰ ঘৰ আৰু ১১৩টা বেৰেক নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। ২০১৫ চনত ৩,১০০ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত ১১,২৭৬টা ঘৰ আৰু ১১১টা বেৰেকৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীৰ বৃত্তি আঁচনি আমাৰ আৰক্ষী জোৱানৰ সন্তানৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে। ইয়াৰ সমান্তৰালকৈ এমবিবিএছৰ ২৬খন আৰু বিডিএছৰ ৩খন আসন চিএপিএফ জোৱানৰ নিৰ্ভৰশীল লোকৰ বাবেও সংৰক্ষিত কৰা হৈছে। কেন্দ্ৰীয় এককালীন ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ ফলত আমাৰ জোৱানসকলৰ পৰিয়ালে যথেষ্ট সকাহ লাভ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ আৰক্ষী জোৱান, বিশেষকৈ চিএপিএফৰ কৰ্মীসকলে আইন-শৃংখলা বজাই ৰখা আৰু দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰিও আন বহু কাম কৰে। তেওঁ কয় যে ২০১৯ চনৰ পৰা ২০২৪ চনলৈ চিএপিএফৰ জোৱানসকলে প্ৰায় ৫ কোটি ৮০ লাখ ৯০ হাজাৰ গছপুলি ৰোপণ কৰি নিজৰ সন্তানৰ দৰে যত্ন লৈ আহিছে। শ্ৰী শ্বাহে কয় যে চিভিক একচন প্ৰগ্ৰেমৰ জৰিয়তে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনি সকলো সীমান্ত জিলাৰ নাগৰিকৰ মাজলৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। গৃহমন্ত্ৰীয়ে কয় যে দেশৰ বাবে প্ৰাণ আহুতি দিয়া জোৱানসকলৰ ত্যাগ অথলে নাযায়। এই জোৱানসকলৰ ত্যাগৰ বাবে দেশৰ নিৰাপত্তা সুনিশ্চিত হ’ব আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতে উন্নত দেশ হিচাপে আত্মপ্ৰকাশ কৰিব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে কৃতজ্ঞ দেশবাসীয়ে স্বাধীনতাৰ শতবাৰ্ষিকীত এইসকল জোৱানৰ ত্যাগক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব।

 

*****

RK/VV/PR/PS/DB


(Release ID: 2066919) Visitor Counter : 29