কেবিনেট সচিবালয়
azadi ka amrit mahotsav

বংগোপসাগৰত হ’বলগীয়া ঘূৰ্ণীবতাহৰ মোকাবিলা কৰাৰ প্ৰস্তুতি পৰ্যালোচনাৰ অৰ্থে ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ বৈঠক

Posted On: 21 OCT 2024 5:44PM by PIB Guwahati

কেবিনেট সচিব ড টি ভি সোমানাথনৰ সভাপতিত্বত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি (এনচিএমচি)ৰ বৈঠকত বংগোপসাগৰত হ’বলগীয়া ঘূৰ্ণীবতাহৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে (আইএমডি) সমিতিক পূব মধ্য বংগোপসাগৰৰ ওপৰত সু-চিহ্নিত নিম্ন চাপৰ অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। ২২ অক্টোবৰৰ পুৱাৰ ভাগত এই ঘূৰ্ণীবতাহজাকে পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি বিয়লি ভাগলৈ তীব্ৰতৰ ৰূপ ধাৰণ কৰিব আৰু ২৩ অক্টোবৰৰ ভিতৰত পূব মধ্য বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহৰ দৰে ধুমুহালৈ পৰিণত হোৱাৰ সম্ভাৱনা অতিশয় বেছি। ২৪ অক্টোবৰৰ পুৱা উত্তৰ-পশ্চিম দিশলৈ গতি কৰি উত্তৰ-পশ্চিম বংগোপসাগৰৰ ওপৰেৰে ওড়িশা-পশ্চিমবংগৰ উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পশ্চিম দিশলৈ গতি কৰিলে ই এক ভয়াৱহ ঘূৰ্ণীবতাহত পৰিণত হ'ব আৰু ইয়াৰ বতাহৰ গতিবেগ ঘণ্টাত ১০০-১১০ কিলোমিটাৰ হ’ব। ২৪অক্টোবৰৰ নিশা আৰু ২৫ অক্টোবৰৰ পুৱা ১২০ কিলোমিটাৰ প্ৰতি ঘণ্টাত বলিবলগীয়া প্ৰচণ্ড ঘূৰ্ণীবতাহে পুৰী আৰু সাগৰ দ্বীপৰ মাজত বংগৰ উপকূলত খুন্দা মাৰিব।

ওড়িশা আৰু পশ্চিমবংগৰ মুখ্য সচিবসকলে ঘূৰ্ণীবতাহৰ সম্ভাৱ্য পথৰ জনসংখ্যাক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা প্ৰাৰম্ভিক ব্যৱস্থা আৰু স্থানীয় প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সমিতিক অৱগত কৰে। মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ কোৱা হৈছে আৰু যিসকল সাগৰত আছে তেওঁলোকক পুনৰ নিৰাপদ স্থানলৈ মাতি অনা হৈছে। নিয়ন্ত্ৰণ কক্ষও সক্ৰিয় কৰা হৈছে আৰু তেওঁলোকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। পৰ্যাপ্ত আশ্ৰয় শিবিৰ, বিদ্যুৎ যোগান, ঔষধ আৰু জৰুৰীকালীন সেৱা সাজু কৰি ৰখা হৈছে। অসুৰক্ষিত অঞ্চলত বসবাস কৰা লোকসকলক খালী কৰাৰ ব্যৱস্থা কৰা হৈছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী(এনডিআৰএফ)য়ে পশ্চিমবংগত ১৪টা আৰু ওড়িশাত ১১টা দল নিয়োগৰ বাবে সাজু কৰি ৰাখিছে। সেনা, নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ আৰু সাহায্য দলৰ লগতে জাহাজ আৰু বিমান সাজু কৰি ৰখা হৈছে। পাৰাদ্বীপ আৰু হালদিয়া বন্দৰলৈ নিয়মীয়াকৈ সতৰ্কবাণী আৰু পৰামৰ্শ প্ৰেৰণ কৰা হৈছে। শীঘ্ৰে সেৱা পুনৰুদ্ধাৰৰ বাবে শক্তি মন্ত্ৰালয় আৰু দূৰসংযোগ বিভাগে জৰুৰীকালীন দল নিয়োগ কৰিছে আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।

কেন্দ্ৰীয় সংস্থা, ওড়িশা আৰু পশ্চিমবংগ চৰকাৰৰ প্ৰস্তুতিৰ ব্যৱস্থাসমূহ পুনৰীক্ষণ কৰি কেবিনেট সচিবে দৃঢ়তাৰে কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহে প্ৰয়োজনীয় সকলো প্ৰতিৰোধমূলক আৰু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে কোনো লোকৰ জীৱন আৰু সম্পত্তি তথা আন্তঃগাঁথনিৰ ক্ষতি ন্যূনতম হয়। কেবিনেট সচিবগৰাকীয়ে ক্ষতি হ’লে কম সময়ৰ ভিতৰতে অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰুদ্ধাৰ কৰাৰ নিৰ্দেশ দিয়ে।

কেবিনেট সচিবগৰাকীয়ে সাগৰলৈ যোৱা মাছমৰীয়াসকলক যাতে পুনৰ মাতি অনা হয় আৰু সময়মতে অসুৰক্ষিত অঞ্চলৰ পৰা মানুহক উলিয়াই অনা হয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ ওড়িশা আৰু পশ্চিমবংগ চৰকাৰক আশ্বাস দিয়ে যে সকলো কেন্দ্ৰীয় সংস্থা সম্পূৰ্ণৰূপে সাজু আৰু সহায়ৰ বাবে যিকোনো সময়ত উপলব্ধ হ’ব। তেওঁ লগতে অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড় আৰু ঝাৰখণ্ড ৰাজ্যক ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। কেবিনেট সচিবগৰাকীয়ে লগতে কয় যে সম্ভাৱ্য ক্ষতিগ্ৰস্ত অঞ্চলৰ বান্ধৰ পানী এৰি দিয়াৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিব লাগে, যাতে কোনো ধৰণৰ বান পৰিস্থিতি সৃষ্টি নহয়।

বৈঠকত ওড়িশা আৰু পশ্চিমবংগৰ মুখ্য সচিব, কেন্দ্ৰীয় গৃহ সচিব, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, মীন, শক্তি, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব, অন্ধ্ৰপ্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব, দূৰসংযোগ বিভাগৰ সদস্য (কাৰিকৰী), সংহত প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুৰব্বী, মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ(চিআইএছচি), ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্য সচিব, ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সঞ্চালক প্ৰধান, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান আৰু গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।

*****

RK/VV/ASH/PS/DB


(Release ID: 2066918) Visitor Counter : 37