প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ ঢোলপুৰত পথ দুৰ্ঘটনাত প্ৰাণহানি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ; প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য ঘোষণা
Posted On:
20 OCT 2024 1:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ ঢোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তদাৰকীত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্ভৱপৰ সকলোধৰণৰ সাহায্য প্ৰদানৰ কামত নিয়োজিত হৈ আছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত তেওঁ লিখিছে:
‘ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হোৱা দুৰ্ঘটনাটো হৃদয় বিদাৰক। নিৰীহ শিশুকে ধৰি প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা। ভগৱানে তেওঁলোকক এই কঠিন সময়ত মানসিক শক্তি দিয়ক। লগতে আটাইকেইজন আহতৰ আশুআৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্ভৱপৰ সকলোধৰণৰ সাহায্য প্ৰদানৰ কামত নিয়োজিত হৈছে:’ - প্ৰধানমন্ত্ৰী
উল্লেখ্য যে ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হোৱা দুৰ্ঘটনাত নিহত হোৱা প্ৰতিজনৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ এককালীন আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে, আহতসকলৰ প্ৰতিজনকে ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰিছে।
আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সযোগে প্ৰকাশ কৰিছে যে,
"ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হোৱা দুৰ্ঘটনাত নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে। দুৰ্ঘটনাটোত আহতসকলকো ৫০ হাজাৰকৈ টকা দিয়া হ’ব।"
***
MJPS/SR/RT
(Release ID: 2066587)
Visitor Counter : 25
Read this release in:
Odia
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam