প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পিএম গতিশক্তিৰ তিনি বছৰ সম্পূৰ্ণ হোৱাত ভাৰত মণ্ডপমত অনুভূতি কেন্দ্ৰ ভ্ৰমণ কৰে

পিএম গতিশক্তিয়ে ভাৰতৰ বুনিয়াদী আন্তঃগাঁথনিৰ উন্নয়ন যাত্ৰাক ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে: প্ৰধানমন্ত্ৰী

Posted On: 13 OCT 2024 9:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পিএম গতিশক্তিৰ তিনিবছৰ সম্পূৰ্ণ হোৱাত ভাৰত মণ্ডপমত অৱস্থিত অনুভূতি কেন্দ্ৰ পৰিদৰ্শন কৰে। শ্ৰী মোদীয়ে কয় যে পিএম গতিশক্তিয়ে ভাৰতৰ আন্তঃগাঁথনিৰ উন্নয়ন যাত্ৰাক ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

“আজি, গতিশক্তিয়ে তিনিবছৰ সম্পূৰ্ণ কৰাত, মই ভাৰত মণ্ডপমলৈ যাওঁ আৰু অনুভূতি কেন্দ্ৰ ভ্ৰমণ কৰিলোঁ, য’ত মই এই পদক্ষেপৰ পৰিৱৰ্তনশীল শক্তিৰ অভিজ্ঞতা লাভ কৰিলোঁ।”

“পিএম গতিশক্তিয়ে ভাৰতৰ বুনিয়াদী আন্তঃগাঁথনিৰ উন্নয়নৰ যাত্ৰাক ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই কথা সুনিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ চমকপ্ৰদ ব্যৱহাৰ কৰা হৈছে যাতে প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হয় আৰু যিকোনো সম্ভাব্য প্ৰত্যাহ্বান কম কৰিব পৰা যায়।"

**********

MJPS/TS



(Release ID: 2064844) Visitor Counter : 13