গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছ.ডি.আৰ.এফ.) পৰা কেন্দ্ৰীয় অংশ হিচাপে ১৪ খন বানপীড়িত ৰাজ্যলৈ ৫৮৫৮.৬০ কোটি টকা মোকলাই দিলে কেন্দ্ৰীয় গৃহ দপ্তৰে, লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এন.ডি.আৰ.এফ.) পৰা অগ্ৰিম ধনো মুকলি

মোদী চৰকাৰে জনসাধাৰণে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ পৰা কেন্দ্ৰীয় অংশ হিচাপে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ পৰা অগ্ৰিম হিচাপে অসমলৈ ৭১৬ কোটি টকা মুকলি কৰাৰ বাবে অনুমোদন জনাইছে

ক্ষতিৰ পৰিমাণ মূল্যায়নৰ বাবে অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মণিপুৰৰ বানপীড়িত ৰাজ্যসমূহত আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি) প্ৰেৰণ কৰা হৈছিল

শেহতীয়াকৈ বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিহাৰ আৰু পশ্চিম বংগত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ মূল্যায়ন কৰাৰ বাবে অতি সোনকালেই আইএমচিটি প্ৰেৰণ কৰা হ'ব।

আই.এম.চি.টি.-ৰ মূল্যাঙ্কন প্ৰতিবেদন লাভ কৰাৰ পিছত, প্ৰচলিত প্ৰক্ৰিয়া অনুসৰি, দুৰ্যোগ প্ৰভাৱন্বিত ৰাজ্যবোৰলৈ এন.ডি.আৰ.এফ.-ৰ পৰা অতিৰিক্ত বিত্তীয় সাহায্য অনুমোদন কৰা হ'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত এই বছৰত ২১ খন ৰাজ্যলৈ ১

Posted On: 01 OCT 2024 6:46PM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) কেন্দ্ৰীয় অংশ হিচাপে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা অগ্ৰিম হিচাপে ১৪ খন বানপীড়িত ৰাজ্যলৈ ৫৮৫৮.৬০  কোটি টকা  মুকলি কৰি দিছে। ইয়াৰে  মহাৰাষ্ট্ৰলৈ ১৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ ১০৩৬ কোটি টকা, অসমলৈ ৭১৬ কোটি টকা, বিহাৰলৈ ৬৫৫.৬০ কোটি টকা, গুজৰাটলৈ ৬০০ কোটি টকা, হিমাচল প্ৰদেশলৈ ১৮৯.২০ কোটি টকা, কেৰালালৈ ১৪৫.৬০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা, মিজোৰামলৈ ২১.৬০ কোটি টকা, নাগালেণ্ডলৈ ১৯.২০ কোটি টকা, ছিকিমলৈ ২৩.৬০ কোটি টকা,  তেলেংগানালৈ ৪১৬.৮০ কোটি টকা, ত্ৰিপুৰালৈ ২৫  কোটি টকা  আৰু পশ্চিম বংগলৈ ৪৬৮  কোটি টকা আগবঢ়াইছে। এই বছৰ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত এই ৰাজ্য কেই খনত   ধাৰাসাৰ বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত মোদী চৰকাৰে জনসাধাৰণে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে।

 

ক্ষতিৰ পৰিমাণ মূল্যায়নৰ বাবে অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মণিপুৰৰ দৰে বানপীড়িত ৰাজ্যসমূহত আন্তঃমন্ত্ৰালয়ৰ  কেন্দ্ৰীয় দল (আইএমচিটি) প্ৰেৰণ কৰা হৈছিল।

 

লগতে, শেহতীয়াকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিহাৰ আৰু পশ্চিম বংগৰক্ষয়ক্ষতিৰ পৰমাণ  মূল্যাঙ্কন কৰাৰ বাবে অতি শীঘ্ৰেই সেই ৰাজ্য দুখনলৈ আইএমচিটি প্ৰেৰণ কৰা হ'ব। আই.এম.চি.টি.-ৰ মূল্যাঙ্কন প্ৰতিবেদন লাভ কৰাৰ  পিছত প্ৰচলিত  প্ৰক্ৰিয়া অনুসৰি, দুৰ্যোগ প্ৰভাৱান্বিত ৰাজ্যবোৰলৈ এন.ডি.আৰ.এফ.-ৰ পৰা অতিৰিক্ত বিত্তীয় সাহায্য অনুমোদন কৰা হ'ব।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত এই বছৰত ইতিমধ্যে ২১ খন ৰাজ্যলৈ ১৪,৯৫৮ কোটিতকৈও অধিক  ধন মুকলি কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত আছে এছডিআৰএফৰ পৰা ২১ খন ৰাজ্যলৈ ৯০৪৪.৮০   কোটি টকা, এনডিআৰএফৰ পৰা ১৫  খন ৰাজ্যলৈ ৪৫২৮.৬৬ কোটি টকা  আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ (এছডিএমএফ) পৰা ১১ খন ৰাজ্যলৈ ১৩৮৫.৪৫ কোটি টকা।

বিত্তীয় সাহায্যৰ উপৰি, কেন্দ্ৰীয় চৰকাৰে বানাক্ৰান্ত ৰাজ্যসমূহলৈ  সকলো লজিষ্টিক সহায় আগবঢ়াইছে, যাৰ ভিতৰত আছে প্ৰয়োজনীয় এনডিআৰএফ দল, সেনা বাহিনীৰ  দল আৰু বায়ু সেনাৰ দল প্ৰেৰণ কৰা আদি।



(Release ID: 2060870) Visitor Counter : 38