প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

'মে’ক ইন ইণ্ডিয়া'ই ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পক চিত্ৰায়িত কৰিছে: প্ৰধানমন্ত্ৰী


যোৱা দশকত এই আন্দোলনক সফল কৰি তুলিবলৈ অক্লান্ত ভাৱে কাম কৰা সকলোকে প্ৰশংসা কৰক

Posted On: 25 SEP 2024 11:33AM by PIB Guwahati

 

‘মে’ক ইন ইণ্ডিয়া উদ্যোগ’ৰ দশম বৰ্ষপূৰ্তিত প্ৰশংসাসূচক মন্তব্য কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে 'মে’ক ইন ইণ্ডিয়া'ই দেশখনক উৎপাদন আৰু উদ্ভাৱনৰ শক্তিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পক প্ৰদৰ্শিত কৰিছে। তেওঁ যথা সম্ভৱ উপায়েৰে 'মে’ক ইন ইণ্ডিয়া'ক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"আজি আমি ‘মে’ক ইন ইণ্ডিয়া উদ্যোগ’ৰ দশম বৰ্ষপূৰ্তি উদযাপন কৰিছো। যোৱাটো দশকত এই আন্দোলনক সফল কৰিবলৈ অক্লান্ত ভাৱে কাম কৰি থকা সকলোকে মই প্ৰশংসা কৰিছো। 'মে’ক ইন ইণ্ডিয়া'ই আমাৰ দেশক উৎপাদন আৰু উদ্ভাৱনৰ এক শক্তিক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পক চিত্ৰায়িত কৰিছে। কেনেদৰে বিভিন্ন খণ্ডত ৰপ্তানি বৃদ্ধি পাইছে, ক্ষমতা নিৰ্মাণ কৰা হৈছে, আৰু এনেদৰে, অৰ্থনীতি শক্তিশালী কৰা হৈছে -এয়া নিতান্তই লক্ষণীয়।

যথা সম্ভৱ সকলো উপায়েৰে 'মে’ক ইন ইণ্ডিয়া'ক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সংস্কাৰৰ ক্ষেত্ৰতো ভাৰতৰ পদক্ষেপ অব্যাহত থাকিব। আমি একেলগে এখন ‘আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত’ নিৰ্মাণ কৰিম!"

***

MJPS/TS/SKS



(Release ID: 2058546) Visitor Counter : 19