প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৪৫ তম দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰা ভাৰতীয় দলক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
प्रविष्टि तिथि:
23 SEP 2024 1:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰাৰ বাবে ভাৰতীয় দলটোক প্ৰশংসা কৰে। তেওঁ উল্লেখযোগ্য সাফল্যৰ বাবে পুৰুষ আৰু মহিলা দবা দলক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এক বাৰ্তাত এনেদৰে উল্লেখ কৰিছে:
"ভাৰতৰ বাবে ঐতিহাসিক জয়, আমাৰ দবা দলটোৱে ৪৫ সংখ্যক #FIDE দবা অলিম্পিয়াডত জয়লাভ কৰিছে! ভাৰতে দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰিছে। আমাৰ পুৰুষ আৰু মহিলা দবা দলক অভিনন্দন। এই উল্লেখযোগ্য সাফল্যই ভাৰতৰ ক্ৰীড়া গতিপথত এক নতুন অধ্যায় চিহ্নিত কৰিছে। এই সফলতাই নৱ প্ৰজন্মৰ দবা উৎসাহীসকলক খেলবিধত উৎকৰ্ষতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰক।"
*****
MJPS/SR/HS/BB
(रिलीज़ आईडी: 2057750)
आगंतुक पटल : 90
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Bengali
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Punjabi
,
Gujarati