প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত নৱদ্বীপৰ ৰূপৰ পদক জয় - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

प्रविष्टि तिथि: 08 SEP 2024 8:33AM by PIB Guwahati

 

সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ এফ৪১ ইভেণ্টত প্ৰতিভাৱান এথলীট নৱদ্বীপে ৰূপৰ পদক জয় কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এথলীটগৰাকীক শুভেচ্ছা বাৰ্তা প্ৰদান কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -

“অনবদ্য প্ৰদৰ্শনেৰে প্ৰতিভাৱান এথলীট নৱদ্বীপে পেৰালিম্পিক ২০২৪ ত পুৰুষৰ জেভলিন থ্ৰ’ এফ৪১ ত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। অনবদ্য ক্ৰীড়াস্পৃহাৰ নিদৰ্শনৰ এক প্ৰৌজ্জ্বল শিখা এই সাফল্য। এথলীটগৰাকীলৈ অভিনন্দন। সমগ্ৰ ভাৰত উল্লসিত এই সাফল্যত।

#Cheer4Bharat”

***
 

MJPS/SR


(रिलीज़ आईडी: 2053201) आगंतुक पटल : 96
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam