প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘হাই জাম্প’ত ‘স্বৰ্ণ পদক’ জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এথলীট’ প্ৰবীণ কুমাৰক অভিনন্দন জনাইছে

Posted On: 06 SEP 2024 5:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ ‘হাই জাম্প টি-৬৪’ত ‘স্বৰ্ণ পদক’ অৰ্জন কৰাৰ বাবে খেলুৱৈ প্ৰবীণ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে তেওঁৰ সংকল্প আৰু দৃঢ়তাৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে:

"#Paralympics2024-ত পুৰুষৰ ‘হাই জাম্প টি-৬৪’ত নতুন উচ্চতা অৰ্জন কৰা আৰু ‘স্বৰ্ণ পদক’ জয় কৰাৰ বাবে প্ৰবীণ কুমাৰক অভিনন্দন!

তেওঁৰ সংকল্প আৰু দৃঢ়তাই আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ভাৰত তেওঁক লৈ গৌৰৱান্বিত হৈছে!

#Cheer4Bharat"

 

***

MJPS/RT/KB



(Release ID: 2052599) Visitor Counter : 19