তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে হকী কিংবদন্তি ‘মেজৰ’ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে "খেল উৎসৱ ২০২৪"ৰ আয়োজন কৰে
মন্ত্ৰালয়টোৰ ২০০ ৰো অধিক বিষয়া আৰু কৰ্মচাৰীয়ে উৎসাহ আৰু উদ্দীপনাৰে "খেল উৎসৱ ২০২৪"ত অংশগ্ৰহণ কৰে
प्रविष्टि तिथि:
06 SEP 2024 10:52AM by PIB Guwahati
‘মেজৰ’ ধ্যান চান্দৰ জন্ম জয়ন্তী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০২৪’ উদযাপনৰ অংশ হিচাপে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২৭ আগষ্ট, ২০২৪ ৰ পৰা ৩০ আগষ্ট, ২০২৪ লৈ ‘মেজৰ ধ্যান চান্দ ষ্টেডিয়াম’ আৰু ‘জৱাহৰলাল নেহৰু ষ্টেডিয়াম, নতুন দিল্লী’ত "খেল উৎসৱ ২০২৪" আয়োজন কৰে।

ইয়াৰ প্ৰথম সংস্কৰণত মন্ত্ৰালটোৱে চাৰিটা ক্ৰীড়া যেনে ক্ৰিকেট, হকী, বেডমিণ্টন আৰু টেবুল টেনিছৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। মন্ত্ৰালয়ৰ ২০০ তকৈয়ো অধিক বিষয়া আৰু কৰ্মচাৰীয়ে এই অনুষ্ঠানটোক এক বৃহৎ সফলতা প্ৰদান কৰিবলৈ উৎসাহ আৰু উদ্দীপণাৰে অংশগ্ৰহণ কৰিছিল। মন্ত্ৰালয়ে ‘খেল উৎসৱ’-ৰ আগন্তুক সংস্কৰণত অধিক ক্ৰীড়া অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘মেজৰ ধ্যান চান্দ ট্ৰফী’ বিতৰণৰ বাবে ৪ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে ‘শাস্ত্ৰী ভৱন’ৰ ‘পিআইবি কনফাৰেন্স হল’ত এক অনুষ্ঠানৰ অয়োজন কৰা হৈছিল। ট্ৰফী বিতৰণ অনুষ্ঠানটোত অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জামীয়ে বিশেষ ভাবে অংশগ্ৰহণ কৰে।

****
Kshitij Singha/KB
(रिलीज़ आईडी: 2052438)
आगंतुक पटल : 87
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Khasi
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam