প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা বৈজ্ঞানিক প্ৰতিবেদন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

प्रविष्टि तिथि: 05 SEP 2024 4:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচেষ্টাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি বৈজ্ঞানিক প্ৰতিবেদন শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

"স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচেষ্টাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা গৱেষণা দেখি সুখী হৈছো। উপযুক্ত শৌচাগাৰৰ সুবিধাই শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।"

পৰিষ্কাৰ, নিৰাপদ অনাময় ব্যৱস্থা জনস্বাস্থ্যৰ বাবে গেম-চেঞ্জাৰ হৈ পৰিছে। আৰু মই আনন্দিত যে ভাৰতে এই ক্ষেত্ৰত আগভাগ লৈছে।" 

***

MJPS/RT/DB


(रिलीज़ आईडी: 2052289) आगंतुक पटल : 74
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam