প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীৰ এ ই এম ছিংগাপুৰ ভ্ৰমণ

Posted On: 05 SEP 2024 10:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী এইচ ই শ্ৰী লৰেন্স ৱাঙৰ সৈতে অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক্স খণ্ডৰ ছিংগাপুৰৰ এক আগশাৰীৰ কোম্পানী এ ই এম পৰিদৰ্শন কৰে। তেওঁলোকক বিশ্বব্যাপী অৰ্ধপৰিবাহী মূল্য শৃংখলাত এ.ই.এম.-ৰ ভূমিকা, ইয়াৰ কাৰ্যকলাপ আৰু ভাৰতৰ বাবে পৰিকল্পনাৰ বিষয়ে অৱগত কৰা হয়। ছিংগাপুৰ অৰ্ধপৰিবাহী উদ্যোগ সংস্থাই ছিংগাপুৰত অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ বিকাশ আৰু ভাৰতৰ সৈতে সহযোগিতাৰ সুযোগ সন্দৰ্ভত এক চমু বিৱৰণ দাঙি ধৰে। এই খণ্ডৰ আন কেইবাটাও ছিংগাপুৰীয় কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ১১-১৩ ছেপ্টেম্বৰত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হ'বলগীয়া ছেমিকন ইণ্ডিয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰৰ অৰ্ধপৰিবাহী কোম্পানীসমূহক আমন্ত্ৰণ জনায়।

ভাৰতত অৰ্ধপৰিবাহী উৎপাদন পৰিস্থিতিতন্ত্ৰ বিকাশৰ বাবে আমাৰ প্ৰচেষ্টা আৰু এই ক্ষেত্ৰত ছিংগাপুৰৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লয়। ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় বৈঠকত দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ স্তম্ভ হিচাপে অৰ্ধপৰিবাহীৰ ওপৰত গুৰুত্ব দি এডভান্স মেনুফেকচাৰিঙ বিকাশ কৰিবলৈ সন্মত হয়। দুয়োপক্ষই ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ অংশীদাৰীত্বৰ ক্ষেত্ৰতো বুজাবুজি চুক্তি সম্পাদন কৰে।

ইয়াৰ সৈতে সংগতি ৰাখি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা উৰিষ্যাৰ বিশ্ব দক্ষতা কেন্দ্ৰৰ ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে চিআইআই-এণ্টাৰপ্ৰাইজ ছিংগাপুৰ ইণ্ডিয়া ৰেডি টেলেণ্ট প্ৰগ্ৰামৰ অধীনত ভাৰত ভ্ৰমণ কৰা ছিংগাপুৰৰ শিক্ষাৰ্থী আৰু এইএমত কৰ্মৰত ভাৰতীয় অভিযন্তাসকলৰ সৈতেও বাৰ্তালাপ কৰে।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে এই ক্ষেত্ৰত সহযোগিতা বিকাশৰ বাবে দুয়োপক্ষৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৱাঙক এই ভ্ৰমণত সংগ দিয়াৰ বাবে প্ৰশংসা জনায়।

*****

MJPS/ST/DD/BB



(Release ID: 2052082) Visitor Counter : 31