প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ জয় কৰা এথলীট মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে

পোষ্ট কৰা হৈছে: 04 SEP 2024 10:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে পেৰালিম্পিকৰ একেৰাহে তিনিটা সংস্কৰণত জয়ৰ ধাৰা বৰ্তাই ৰখাৰ ক্ষেত্ৰত তেওঁৰ দক্ষতা আৰু ধাৰাবাহিকতাৰ বাবে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছো। এইটো প্ৰশংসনীয় যে তেওঁ পেৰালিম্পিকৰ একেৰাহে তিনিটা সংস্কৰণত পদক জিকিছে। তেওঁৰ দক্ষতা, স্থিৰতা আৰু সংকল্প ব্যতিক্ৰমী। #Cheer4Bharat"

***

MJPS/RT/HS/ID


(ৰিলিজ আই ডি : 2051634) অতিথি কক্ষ : 70