প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পূৰ্ণপাঠ

Posted On: 26 AUG 2024 1:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰীঃ লাখপতি দিদি হোৱা আৰু নোহোৱা সকলৰ মাজত কি আলোচনা হৈছে।

লাখপতি দিদি – যিসকল লাখপতি দিদি হৈছে, তেওঁলোকৰ ঘৰৰ পৰিস্থিতি, তেওঁলোকৰ অভিজ্ঞতা বেলেগ হয় আৰু তেওঁলোক স্বাৱলম্বী হৈ পৰে। যাৰ ফলত তেওঁ পৰিয়ালৰ খৰচবোৰ ভালদৰে কৰিব পাৰে। মোৰ দুগৰাকী দিব্যাংগ বাইদেউ আছে। ই তেওঁলোককো সমৰ্থন কৰিছে। তেওঁলোকক দেখি মই বৰ সুখী অনুভৱ কৰো।

প্ৰধানমন্ত্ৰীঃ সেই দিব্যাংগও লাখপতি দিদি হৈ পৰিছে নেকি?

লাখপতি দিদি – হয়, নিশ্চয়কৈ তেওঁলোকো লাখপতি হৈ পৰিছে।

প্ৰধানমন্ত্ৰীঃ তেওঁলোকে কি কৰে?

লাখপতি দিদি – এগৰাকীৰ এটা কাগজৰ প্লেট বনোৱা ব্যৱসায় আছে, আনগৰাকীৰ এখন গেলামালৰ দোকান আছে। মই নিজেই এজন লাখপতি চিআৰপি। মই চাৰে তিনিৰ পৰা চাৰি লাখ টকা উপাৰ্জন কৰোঁ আৰু মই মোৰ ভগ্নীসকলকো লাখপতি চিআৰপি কৰিছো।

লাখপতি দিদি – মইতো এগৰাকী লাখপতি হয়েই। মই ২৬০ গৰাকী মহিলাকো লাখপতি কৰিছো।

প্ৰধানমন্ত্ৰীঃ এবছৰত আপুনি কিমান উপাৰ্জন কৰে?

লাখপতি দিদিঃ মই এবছৰত আঠ লাখ টকা উপাৰ্জন কৰোঁ।

প্ৰধানমন্ত্ৰীঃ আঠ লাখ টকা?

লাখপতি দিদি – হয় মহাশয়।

প্ৰধানমন্ত্ৰীঃ এয়াতো আপোনাতকৈ দুগুণ। আপুনি কিমান বছৰত এইটো প্ৰাপ্ত কৰিছে?

লাখপতি দিদি – মোৰতো এতিয়া পাঁচ বছৰ হৈ গল, মহাশয়।

প্ৰধানমন্ত্ৰীঃ সমগ্ৰ অসমৰ ৰাইজে নিশ্চয় আপোনাক এক ডাঙৰ অনুপ্ৰেৰণা হিচাপে চাই আছে।

লাখপতি দিদি – হয় চায়। মহাশয়, এতিয়াতো মই শূণ্যৰ পৰা নায়ক হৈ পৰিছো।

প্ৰধানমন্ত্ৰীঃ বঢ়িয়া।

লাখপতি দিদি – মোৰ সখী মণ্ডলৰ নাম অতিউত্তম সখী মণ্ডল। য'ত আমি ঘৰুৱা সামগ্ৰীৰে হাতেৰে সৌন্দৰ্য সামগ্ৰী ঘৰতে তৈয়াৰ কৰোঁ। চৰচ মেলা, ভাইব্ৰেণ্ট গুজৰাট, মৌচুমী উৎসৱ এই সকলোবোৰে আমাক ইমান ভাল মঞ্চ দিছে যে ইয়াৰ ফলত আমাৰ সামগ্ৰীৰ জনপ্ৰিয়তা বহুত বৃদ্ধি পাইছে। এবছৰত, আমি ৩০ লাখতকৈও অধিক টাৰ্ণঅ'ভাৰ অৰ্জন কৰিছো।

প্ৰধানমন্ত্ৰী – ৩০ লাখ টকা।

লাখপতি দিদি – আমাৰ ৩০ লাখ টকাৰ অধিক টাৰ্ণঅ'ভাৰ আছে আৰু মুঠ লাভ ১২ লাখতকৈও অধিক মহাশয়।

লাখপতি দিদি – ১০ গৰাকী মহিলাই একেলগে এটা চেনিটাৰী নেপকিন কোম্পানী চলায়।

প্ৰধানমন্ত্ৰীঃ আপোনাৰ গাওঁখন লাতুৰৰ পৰা কিমান দূৰত?

লাখপতি দিদি – ২০ কিলোমিটাৰ মহাশয়।

প্ৰধানমন্ত্ৰী – ২০ কিলোমিটাৰ। যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিল তেতিয়া কিমানগৰাকী ভগ্নী তাত আছিল?

লাখপতি দিদি – তেতিয়া ১০ গৰাকী ভগ্নী আছিল। কোনেও আহিবলৈ সাজু নাছিল আৰু তেওঁলোকে এই বিষয়ে ক'বলৈও সাজু নাছিল, যিহেতু চেনিটাৰী নেপকিন শব্দটোৱে তেওঁলোকক লজ্জিত কৰে। আমি এইবোৰ কথা ক'ব নোৱাৰো বুলি কৈছিল।

প্ৰধানমন্ত্ৰীঃ কিমান টাৰ্ণঅ'ভাৰ হয়?

লাখপতি দিদি – ৫ লাখ টকাৰ টাৰ্ণঅ'ভাৰ হয় মহাশয়।

প্ৰধানমন্ত্ৰীঃ আপুনি ইমান ভাল হিন্দী কেনেকৈ ক'ব পাৰে?

লাখপতি দিদি – কওঁতে কওঁতে এনেয়েই আহি যায় মহাশয়।

প্ৰধানমন্ত্ৰীঃ বাৰু, আপুনি বিক্ৰী কৰিবলৈ মহাৰাষ্ট্ৰৰ বাহিৰলৈ যায় নেকি?

লাখপতি দিদি – নহয় চাৰ, এইটো এতিয়া মহাৰাষ্ট্ৰতে আছে। মহিলা লোকসকলৰ বাবে সবলীকৰণ কাৰ্যসূচী চলোৱাৰ বাবে মই আপোনাক বহুত ধন্যবাদ জনাইছো আৰু আমি লাভ কৰা জীৱিকাৰ বাবে আপুনি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমি ইয়াত কেৱল মাধ্যমহে। গোটেই বস্তুটোৰ বাবে আপুনি পথ তৈয়াৰ কৰিছে। আমি মাত্ৰ খোজ কাঢ়িব লাগিব।

লাখপতি দিদি – ২০১৭ চনৰ পৰা মই বেংক সখী হিচাপে কাম কৰি আছোঁ।

প্ৰধানমন্ত্ৰীঃ আপুনি এতিয়া কিমান উপাৰ্জন কৰে?

লাখপতি দিদি – বৰ্তমান মই চাৰে চাৰিৰ পৰা পাঁচ লাখ টকা উপাৰ্জন কৰোঁ।

প্ৰধানমন্ত্ৰীঃ আপুনি তাতেই আছে?

লাখপতি দিদি – হয়।

প্ৰধানমন্ত্ৰীঃ তেনেহলে এওঁলোক সকলোকে ঘৰলৈ লৈ যাওক।

লাখপতি দিদি – লৈ যাম মহাশয়, আপুনিও আহিব।

প্ৰধানমন্ত্ৰীঃ হয়, মোক কোনে মাতে, কোনেও নামাতে।

লাখপতি দিদি – মই এজন বিশেষজ্ঞ মহাশয়, মোৰ কাম হৈছে সেয়াই। যিসকল গাঁৱৰ মহিলাৰ বেংকলৈ যোৱাত অসুবিধা হয় আৰু যিসকল মহিলাৰ ঘৰুৱা সমস্যা আছে, মই তেওঁলোকৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ বেংক একাউণ্ট খোলাত সহায় কৰো।

লাখপতি দিদি – মহাশয়, মই আপোনাক কালিৰ উদাহৰণটো দিওঁ। বিদ্যালয়ৰ শিক্ষকে কালি মোৰ ছোৱালীজনীক মা কলৈ গৈছিল বুলি সুধিছিল।

প্ৰধানমন্ত্ৰীঃ হয়।

লাখপতি দিদি – মহাশয়, মোৰ সন্তানে অতি গৌৰৱেৰে কৈছিল যে মোৰ মা মহাৰাষ্ট্ৰলৈ প্ৰধানমন্ত্ৰী মোদীক লগ ধৰিবলৈ গৈছে। মহাশয় পূৰ্বে আপুনি নাহানলৈ আহিছিল। কিন্তু সেই সময়ত মই আপোনাক লগ ধৰিব পৰা নাছিলো, কিন্তু আজি মোৰ সৌভাগ্য যে মই আপোনাক লগ পাইছো। ।

প্ৰধানমন্ত্ৰীঃ মই চিৰমৌৰলৈ বহুত বাৰ আহিছিলো।

লাখপতি দিদি – ২০২৩ চনত যেতিয়া আন্তৰ্জাতিক বাজৰা বৰ্ষ আৰম্ভ হৈছিল তেতিয়া আমি বাজৰাৰ প্ৰশিক্ষণ লৈছিলো মহাশয়। বাজৰাৰ প্ৰশিক্ষণ লোৱাৰ পাছত, জিলা পঞ্চায়তত আমি এখন বাজৰা কেফে চলাবলৈ এটা ভৱন পাইছিলো। তাত আমি ৩৮গৰাকী মহিলাই তাত কাম কৰোঁ।

প্ৰধানমন্ত্ৰীঃ আপুনি কিমান উপাৰ্জন কৰে?

লাখপতি দিদি – মোৰ দৰমহা ৩০ হাজাৰ টকা মহাশয়। গতিকে মোৰ মুঠ উপাৰ্জন হৈছে প্ৰতি বছৰে ৩ লাখ ৩০ হাজাৰ টকা।

লাখপতি দিদি – মই গুজৰাটৰ এনডিডিৰ হৈ এজন পশু সখী তথা সহায়ক কৰ্মী আৰু মই নিজে ই লাখপতি দিদি। 88গৰাকী মহিলাই মোৰ সৈতে কাম কৰে।

লাখপতি দিদি – মোৰ গোটৰ নাম জয় মাতা দি। পাথৰী গাঁৱৰ পশু সখী হিচাপে মই দলবদ্ধভাৱে কাম কৰোঁ আৰু মই ৫০০ কৃষকৰ সৈতে কাম কৰি আছো।

প্ৰধানমন্ত্ৰী – ৫০০

লাখপতি বাইদেউ – ৫০০ কৃষকৰ সৈতে।

লাখপতি বাইদেউ – গতিকে মোৰ কাম আত্ম-সহায়ক গোটৰ দিদি হোৱাসকলক ঋণ প্ৰদানেৰে তেওঁলোকক আগুৱাই যোৱাত সহায় কৰা। এবছৰত প্ৰায় ১ লাখ ৫০ হাজাৰ টকা উপাৰ্জন কৰোঁ।

প্ৰধানমন্ত্ৰী – ডেৰ লাখ।

লাখপতি বাইদেউ – হয় মহাশয়।

প্ৰধানমন্ত্ৰী – বঢ়িয়া।

লাখপতি বাইদেউ – পূৰ্বে আমাৰ সমাজে ওলাই যাবলৈ নিদিছিল মহাশয়। মোৰ ঘৰৰ অৱস্থা দুৰ্বল আছিল। আৰু গোটত যোগদানৰ পিছত পশু সখী হিচাপে নিযুক্ত হওঁ। আৰু আজি মই নিজেই লাখপতি দিদি মহাশয়।

প্ৰধানমন্ত্ৰী – আপুনি কোন ৰাজ্যৰ?

লাখপতি বাইদেউ – মেঘালয়।

প্ৰধানমন্ত্ৰী – মেঘালয়, আপোনাৰ সৈতে কিমান গৰাকী ভগ্নী আছে?

লাখপতি বাইদেউ – আমাৰ গোটত ১০ গৰাকী আছে।

প্ৰধানমন্ত্ৰী – ১০ গৰাকী।

লাখপতি বাইদেউ – কিন্তু আমি এছএইচজি ফাৰ্মাচীত ইমান কাম কৰি আছোঁ, মই মাত্ৰ এছএইচজি ফাৰ্মাচীত তিনি লাখ, তিনি হাজাৰ ইনষ্টল কৰিলোঁ।

লাখপতি বাইদেউ – আমি এই অভিযানৰ অংশ নোহোৱাৰ পূৰ্বে আমাৰ কোনো গুৰুত্ব নাছিল। কিন্তু, আমি যেতিয়া এই অভিযানত যোগদান কৰিলোঁ, তেতিয়া আমাৰ সন্মানো বাঢ়িল। আমি কৃষি বিভাগৰ অধীনত কৃষি সখীৰ প্ৰশিক্ষণ গ্ৰহণ কৰোঁ।

লাখপতি বাইদেউ – আমাক এতিয়া ডাক্তৰ দিদি হিচাপেহে মাতে।

প্ৰধানমন্ত্ৰী – আপোনাসৱে কিমান পশুৰ প্ৰতিপালন কৰিব লাগে?

লাখপতি বাইদেউ – মহাশয়, আমাৰ ব্লকটো বহুত ডাঙৰ। গতিকে আমাৰ ২০ গৰাকীয়েই সকলো কাম কৰে। আমি তাত ৪৭০ লাখপতি দিদি সাজু কৰিছোঁ।

প্ৰধানমন্ত্ৰী – ৪৭০?

লাখপতি বাইদেউ – হয় মহাশয়।

প্ৰধানমন্ত্ৰী – বাহঃ, আপুনি আশ্চৰ্য্যকৰ কাম কৰিছে। আপোনাক অলেখ অভিনন্দন জনালোঁ।

প্ৰধানমন্ত্ৰী – ছাৰ, আপুনি ২০২১ত দহ হাজাৰ কৃষক উৎপাদক গোট গঠনৰ পৰিকল্পনা কৰিছিল। সেই অনুসৰি আমি স্বাৱলম্বী মহিলা কৃষক উৎপাদক কোম্পানী লিমিটেড ইচহাৱাৰ গঠন কৰিলোঁ। আৰু মহাশয়, প্ৰথম বছৰতে আমি এহেজাৰ কৃষক ভগ্নীক কোম্পানীত অন্তৰ্ভুক্ত কৰিছোঁ।

প্ৰধানমন্ত্ৰী – এক হাজাৰ?

লাখপতি বাইদেউ – হয় মহাশয়।

প্ৰধানমন্ত্ৰী – এবছৰতে।

লাখপতি বাইদেউ – হয় মহাশয়।

লাখপতি বাইদেউ – নমস্কাৰ ছাৰ, মোৰ নাম ৰাবিয়া বছিৰ। মই জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ। মোৰ ডেইৰী ফাৰ্মৰ ব্যৱসায় আছে। আৰু এতিয়া মোৰ বাৰ্ষিক আয় এক লাখ বিশ হাজাৰ টকা। মই নিজেই এগৰাকী লাখপতি আৰু মোৰ লগতে ১৬০ গৰাকী সদস্যকো লাখপতি কৰিছোঁ।

প্ৰধানমন্ত্ৰী – আপুনি কিমান সংখ্যক পশ পালন কৰে?

লাখপতি বাইদেউ – আমি এতিয়া ১০ টা পশু পালন কৰোঁ।

লাখপতি বাইদেউ – জয় জোহাৰ ছাৰ, জয় ছত্তীশগড়।

প্ৰধানমন্ত্ৰী – জয় জোহাৰ।

লাখপতি বাইদেউ – মহাশয়, আমাৰ এফপিঅ’টো স্বৰ্ণ সম্পৰ্কীয় (স্পষ্ট নহয়)। ভাৰত চৰকাৰে ইয়াৰ প্ৰকল্প যুগুত কৰিছল। আৰু মহাশয়, এতিয়ালৈকে আমাৰ পোন্ধৰ হাজাৰ আঠশ দিদি ইয়াৰে জড়িত। ইয়াৰ প্ৰতিগৰাকী ভগ্নীয়ে ৫০ৰ পৰা ৬০ হাজাৰ টকালৈকে কমিছন লাভ কৰে।

প্ৰধানমন্ত্ৰী – বঢ়িয়া।

লাখপতি বাইদেউ – মই ড্ৰোন দিদি।

প্ৰধানমন্ত্ৰী – ড্ৰোন দিদি। গতিকে গাঁৱৰ সকলোৱে নিশ্চয় আপোনাক এতিয়া ড্ৰোন পাইলট বুলি মাতে।

লাখপতি বাইদেউ – হয়, আমাৰ জিলাত ৩ গৰাকী ড্ৰোন পাইলট আছে, মই তাৰে এগৰাকী।

লাখপতি বাইদেউ – ২০১৯ৰ পৰা মই আত্ম-সহায়ক গোটৰ সদস্য হৈছোঁ। মহাশয়, আমাৰ সৈতে ১৫০০ গৰাকী মহিলা আছে।

প্ৰধানমন্ত্ৰী – ১৫০০?

লাখপতি বাইদেউ – হয় মহাশয়। মই মাৰাঠী বা হিন্দী বেছি নাজানো।

প্ৰধানমন্ত্ৰী – আপুনি মাৰাঠী ক’ব পাৰিবনে?

লাখপতি বাইদেউ – মোৰ পথাৰত মহুৱা আছে। মই মহুৱাৰ ব্যৱসায় কৰোঁ আৰু গোটৰ মহিলাসকলৰপৰাও মহুৱা কিনো। মই দুমাহত ২-২.৫ লাখ টকা উপাৰ্জন কৰিছোঁ।

প্ৰধানমন্ত্ৰী দুই লাখ?

লাখপতি বাইদেউ –হয়

প্ৰধানমন্ত্ৰী - আৰু মুঠ কিমান মহিলা আছে? পাঁচশ?

লাখপতি বাইদেউ- পাঁচশ আঠত্ৰিশ।

লাখপতি বাইদেউ - মহাশয়, মই মাৰাঠী ভাষাত কৈছোঁ।

প্ৰধানমন্ত্ৰী – হয় কওঁক।

লাখপতি বাইদেউ- মোৰ পৰ্যটনৰ ব্যৱসায় আছে। মোৰ দুখন পৰ্যটক নাও আছে। এই নাৱেৰে মই পৰ্যটকসকলক ভ্ৰমণলৈ নিওঁ। মই কেৰালালৈ গৈ এই ব্যৱসায় দেখিছিলোঁ। ইয়াত কেৱল আমি মহিলাসকলেহে এই ব্যৱসায় কৰোঁ। যোৱা তিনি বছৰে নিজাকৈ পৰ্যটক নাও চলাই আহিছোঁ। ইয়াৰপৰা বছৰি ১ৰ পৰা ১.৫ লাখ টকা উপাৰ্জন কৰোঁ।

প্ৰধানমন্ত্ৰী - বঢ়িয়া !

লাখপতি বাইদেউ- আমি সকলো মহিলাই একেলগে এই ব্যৱসায়টোক আৰু আগুৱাই নিবলৈ ওলাইছোঁ।

লাখপতি বাইদেউ- মই গণ্ডিয়া জিলাৰ। মই ছালেক্সা অঞ্চলৰ আদিবাসী অঞ্চলৰ মই এগৰাকী আদিবাসী মহিলা আৰু মই এখন ই-ৰিক্সা পাইছোঁ। মই নিজেই ই-ৰিক্সাখন চলাই মাহে ১০ৰ পৰা ১২ হাজাৰ টকা লাভ পাওঁ।

প্ৰধানমন্ত্ৰী – আপোনালোক সকলোৰে কথা শুনাৰ পিছত মই অনুভৱ কৰিব পাৰিছোঁ যে এতিয়া দেশত লাখপতি দিদিৰ সংখ্যা বহুখিনি বাঢ়িব। আৰু যেতিয়া আনে আপোনালোকক দেখিব আৰু আপোনালোকৰ কথা শুনিব, আপোনালোকে যেতিয়া আনক ক’ব আপোনাৰ কেনে অভিজ্ঞতা হৈছে, ইয়াৰ জৰিয়তে আপুনি কিমান আত্মনিৰ্ভৰশীল হৈছে, তেতিয়া আন বহু নাৰী ওলাই আহিব। কেৱল এয়াই নহয়, আপোনালোকৰ এনে সাফল্যৰ বাবেই আপোনাসৱৰ চৌপাশৰ সমগ্ৰ পৰিবেশত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। মোৰ লক্ষ্য কি জানেনে? চাওঁক, ১ কোটি দিদি লাখপতি বাইদেউ ইতিমধ্যে হৈছে আৰু মই ৩ কোটি লাখপতি বাইদেউক সাজু কৰিব লাগিব, গতিকে আপোনালোকে এই সম্পৰ্কে আনকো বুজাব লাগিব। বুজাবনে?

লাখপতি বাইদেউ- হয় মহাশয়

প্ৰধানমন্ত্ৰী – সঁচাই নে।

লাখপতি বাইদেউ- হয়

প্ৰধানমন্ত্ৰী – আপোনালোকক শুভেচ্ছা জনালোঁ। ধন্যবাদ।

***

 

MJPS/ST/DK/RK



(Release ID: 2048968) Visitor Counter : 20