গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এখনি উন্নত আৰু সমৃদ্ধিশালী লাডাখ গঢ়াৰ দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৫ খন নতুন জিলা গঠনৰ সিদ্ধান্ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৫ খন নতুন জিলা যথাঃ জান্সকাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাঙৰ প্ৰশাসনক সুদৃঢ়কৰণৰ ঐতিহাসিক সিদ্ধান্তৰ ফলশ্ৰুতিত স্থানীয় ৰাইজে চৰকাৰী আঁচনিৰ সুবিধাৰাজি তেওঁলোকৰ দুৱাৰমুখতে লাভ কৰিব

লাডাখৰ জনসাধাৰণলৈ অপৰিসীম সম্ভাৱনাৰ সঞ্চাৰ কৰিবলৈ মোদী চৰকাৰ অংগীকাৰবদ্ধ

নতুন জিলা গঠনৰ লগে-লগে চৰকাৰৰ সকলো কল্যাণমূলক আঁচনি ৰাইজৰ কাষ চাপিব আৰু ইয়াৰদ্বাৰা গৰিষ্ঠ সংখ্যক লোক উপকৃত হ’ব

এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লাডাখৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অত্যন্ত উপযোগী বুলি প্ৰমাণিত হ’ব

Posted On: 26 AUG 2024 1:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এখনি উন্নত আৰু সমৃদ্ধিশালী লাডাখ গঢ়াৰ দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৫ খন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA)।

এই ঐতিহাসিক সিদ্ধান্ত সম্পৰ্কে ‘এক্স’ প্লেটফৰ্মৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই সিদ্ধান্তৰ জৰিয়তে নতুন জিলা যথাঃ জান্সকাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাঙৰ প্ৰতিটো কোণত সুশাসন প্ৰৱৰ্তন হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে দুৱাৰমুখতে সা-সুবিধাসমূহ লাভ কৰিব। এই পাঁচখন জিলা গঠনৰ পাছত এতিয়া লাডাখত লেহ আৰু কাৰ্গিলকে প্ৰমুখ্য কৰি মুঠ ৭ খন জিলা হ’ব।

এলেকাৰ ফালৰপৰা লাডাখ অতিশয় বৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল। ইয়াৰ পূৰ্বলৈকে লাডাখৰ দুখন জিলা আছিল লেহ আৰু কাৰ্গিল। ভাৰতৰ সেৰেঙা জনবসতিপূৰ্ণ অঞ্চলৰ ই অন্যতম। অত্যন্ত কঠিন আৰু দুৰ্গম হোৱাৰ বাবে জিলা প্ৰশাসনে তৃণমূল পৰ্য্যায়ত উপনীত হোৱাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছিল। এই জিলাসমূহ গঠনৰ পিছত এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু লাডাখ প্ৰশাসনৰ সকলো জনকল্যাণমূলক আঁচনিয়ে ৰাইজক স্পৰ্শ আৰু গৰিষ্ঠ সংখ্যক লোকে ইয়াৰ সুবিধা লাভ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লাডাখৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অতিশয় উপযোগী বুলি প্ৰমাণিত হ’ব।

এই পাঁচখন নতুন জিলা গঠনৰ বাবে “নীতিগত অনুমোদন” জনোৱাৰ সমান্তৰালকৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে লাডাখ প্ৰশাসনক নতুন জিলা গঠনৰে জড়িত ভিন্ন দিশ, যেনেঃ সদৰ, সীমা, গাঁথনি, পদ সৃষ্টি, জিলা গঠনৰে জড়িত আন সকলো দিশৰ মূল্যায়নৰ বাবে এখন কমিটি গঠন আৰু লগতে তিনিমাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয়। কমিটিখনৰ প্রতিবেদন লাভৰ পাছত কেন্দ্রীয় শাসিত অঞ্চলটোৱে এই প্রতিবেদনৰ আধাৰত নতুন জিলা গঠন সন্দর্ভত চূড়ান্ত প্রস্তাৱ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ অৰ্থে গৃহ মন্ত্র্যালয়লৈ প্রেৰণ কৰিব।

লাডাখৰ জনসাধাৰণলৈ অপৰিসীম সম্ভাৱনাৰ সঞ্চাৰ কৰিবলৈ মোদী চৰকাৰ অংগীকাৰবদ্ধ।

*****

RK/VV/PR/PS/SB
 



(Release ID: 2048967) Visitor Counter : 13