প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালৰ তানাহুন জিলাত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
23 AUG 2024 10:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ তানাহুন জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেখেতে ভাৰতীয় দূতাবাসে দুৰ্ঘটনাগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।
এই সন্দৰ্ভত শ্ৰী মোদীয়ে এক্সৰ এটা প’ষ্টত কয়ঃ
“নেপালৰ তানাহুন জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলেযেনআশু-আৰোগ্য লাভ কৰে। ভাৰতীয় দূতাবাসে দুৰ্ঘটনাগ্ৰস্তসকলক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াইছে।”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2048652)
आगंतुक पटल : 59
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam