প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
23 AUG 2024 9:39AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ‘এক্স’-ত ‘শ্বেয়াৰ’ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰতৰ উল্লেখযোগ্য সাফল্যৰ বাবে অপৰিসীম গৌৰৱ প্ৰকাশ কৰে।
"প্ৰথম ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ত সকলোকে শুভেচ্ছা জনাইছোঁ। মহাকাশ খণ্ডত আমাৰ দেশৰ সাফল্যক আমি গৌৰৱেৰে স্মৰণ কৰোঁ। এয়া হৈছে আমাৰ মহাকাশ বিজ্ঞানীসকলৰ অৱদানক প্ৰশংসা কৰাৰ দিন," প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
মহাকাশ খণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে এই খণ্ডৰ সৈতে সম্পৰ্কিত ভৱিষ্যতৰ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি অনাগত সময়ত আৰু অধিক কাম কৰিম।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2047973)
आगंतुक पटल : 59
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam