প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকীত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছে

Posted On: 19 AUG 2024 2:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে ত্ৰিপুৰাৰ উন্নয়নত মহাৰাজৰ অসামান্য ভূমিকাক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে আশ্বাস প্ৰদানেৰে কয় যে ত্ৰিপুৰাৰ প্ৰগতিৰ অৰ্থে মহাৰাজৰ দৃষ্টিভংগী পৰিপূৰণৰ ক্ষেত্ৰত চৰকাৰখন অংগীকাৰবদ্ধ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়ঃ

“মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জন্ম বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ত্ৰিপুৰাৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ এটি অসামান্য ভূমিকা পালন কৰিছিল। তেওঁ ওৰেটো জীৱন দৰিদ্ৰ লোক আৰু নিপীড়িতসকলক সবলীকৰণৰ বাবে উৎসৰ্গা কৰিছিল। জনজাতীয় সমাজখনৰ বাবে তেওঁৰ কল্যাণমূলক ব্যৱস্থাসমূহ বহুলভাৱে সমাদৃত। ত্ৰিপুৰাৰ প্ৰগতিৰ বাবে তেওঁৰ দৃষ্টিভংগী পৰিপূৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰ অংগীকাৰবদ্ধ।”

****

MJPS/SR/SB
 



(Release ID: 2046659) Visitor Counter : 22