প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 16 AUG 2024 10:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ পুণ্য তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“অটলজীলৈ তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে তেওঁক অগণন লোকে স্মৰণ কৰি আহিছে। আমাৰ নাগৰিকসকলৰ এটি উন্নত মানদণ্ডৰ জীৱন-যাপনৰ বাবে তেওঁ ওৰেটো জীৱন উৎসৰ্গা কৰিছিল। ভাৰতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী পৰিপূৰণৰ বাবে আমি কাম কৰি যাম।

আজি পুৱা আন-আন বিশিষ্ট ব্যক্তিসকলৰ সৈতে ‘সদৈৱ অটল’ত তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ।”

*****

MJPS/SS/TS/SB
 



(Release ID: 2045839) Visitor Counter : 15