প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতত ৰামছাৰ ক্ষেত্ৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে আনন্দিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

Posted On: 14 AUG 2024 9:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ৰামছাৰ ক্ষেত্ৰৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰিছে। ৰামছাৰ সন্মিলনৰ অধীনত এই দুখন ৰাজ্যৰ পৰা তিনিটা স্থান সংযোজন কৰাৰ বাবে তামিলনাডু আৰু মধ্যপ্ৰদেশৰ জনসাধাৰণক প্ৰশংসা কৰিছে।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

সঁচাকৈয়ে ভাৰতৰ বাবে এক আনন্দৰ বিষয় যে আমাৰ ৰামছাৰ ক্ষেত্ৰৰ সংখ্যা বৃদ্ধি পাইছে, যিয়ে বহনক্ষম উন্নয়নৰ লগতে প্ৰকৃতিৰ সৈতে সহাৱস্থানেৰে জীয়াই থকাৰ অগ্ৰাধিকাৰৰ ইংগিত দিয়ে। মধ্যপ্ৰদেশ আৰু তামিলনাডুবাসীক বিশেষভাৱে প্ৰশংসা কৰিছোঁ

অনাগত দিনসমূহতো আমি এনেধৰণৰ প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালন কৰিম

***

MJPS/SS/ST/DB


(Release ID: 2045697) Visitor Counter : 42