প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সজীৱ সাংস্কৃতিক ঐতিহ্যত অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ দেশপ্ৰেম প্ৰতিফলিত হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Posted On: 13 AUG 2024 4:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ পূব কামেঙৰ চেপ্পাত #HarGharTiranga যাত্ৰাক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ সজীৱ সাংস্কৃতিক ঐতিহ্যত দেশপ্ৰেম স্পষ্টভাৱে প্ৰতিফলিত হৈছে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ এক্সৰ ভিডিঅ’ পোষ্টত শ্ৰী মোদীয়ে লিখেঃ-

"অৰুণাচল প্ৰদেশ এনে এখন ভূমি য'ত প্ৰতিজন নাগৰিকৰ হৃদয়ত দেশপ্ৰেম গভীৰভাৱে শিপাই আছে। ৰাজ্যখনৰ সজীৱ সাংস্কৃতিক ঐতিহ্যত ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটিছে। #HarGharTirangaৰ প্ৰতি এনে উৎসাহ দেখি আনন্দিত হৈছো।"

*******

MJPS/SS/SR/DB



(Release ID: 2045692) Visitor Counter : 8