ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰক সম্বোধন কৰি দিয়া ভাষণ

Posted On: 14 AUG 2024 7:37PM by PIB Guwahati

মোৰ মৰমৰ দেশবাসী,

 

আপোনালোকলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

 

৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশবাসীয়ে প্ৰস্তুতি চলাইছে, এয়া দেখি মই আনন্দিত হৈছো। এই উপলক্ষে ত্ৰিৰংগা উত্তোলনৰ সাক্ষী হোৱাটোৱে, সেয়া লালকিল্লাতেই হওক, ৰাজ্যিক ৰাজধানীতেই হওক বা স্থানীয় চুবুৰীতেই হওক, ই আমাৰ হৃদয় সদায়ে ৰোমাঞ্চিত কৰে। এয়া ১৪০ কোটিতকৈও অধিক ভাৰতীয়ৰ সৈতে আমাৰ মহান ৰাষ্ট্ৰৰ অংশ হোৱাৰ আনন্দৰ অভিব্যক্তি। আমি যেনেকৈ আমাৰ পৰিয়ালৰ সৈতে বিভিন্ন উৎসৱ উদযাপন কৰো, তেনেদৰে সকলো নাগৰিকৰে গঠিত পৰিয়ালৰ সৈতে আমাৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপন কৰো।

 

১৫ আগষ্টত দেশ-বিদেশৰ সকলো ভাৰতীয়ই পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰে, দেশপ্ৰেমমূলক গীত গায়, মিঠাই বিতৰণ কৰে। শিশুসকলে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। যেতিয়া আমি আমাৰ মহান ৰাষ্ট্ৰৰ বিষয়ে আৰু ইয়াৰ নাগৰিক হোৱাৰ সৌভাগ্যৰ কথা এই শিশুসকলৰ মুখেৰে শুনিবলৈ পাওঁ, তেতিয়া তেওঁলোকৰ কথাত আমাৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ ভাবনাৰ প্ৰতিধ্বনি শুনিবলৈ পাওঁ। আমি অনুভৱ কৰো যে আমি এনে এক পৰম্পৰাৰ অংশ যিয়ে স্বাধীনতা সংগ্ৰামীসকলৰ সপোন আৰু ভৱিষ্যত প্ৰজন্মৰ আকাংক্ষাক সংযোগ কৰে যিয়ে আমাৰ জাতিটোৱে আগন্তুক বছৰবোৰত  সম্পূৰ্ণ গৌৰৱ পুনৰ লাভ কৰা দেখিব।

 

আমি ইতিহাসৰ এই শৃংখলৰ সংযোগ বুলি উপলব্ধি কৰাটোৱে আমাৰ মাজত বিনম্ৰতা জাগ্ৰত কৰে। এইটোৱে আমাক সেই দিনবোৰ মনত পেলাই দিয়ে যেতিয়া ৰাষ্ট্ৰখন বিদেশী শাসনৰ অধীনত আছিল। দেশপ্ৰেম আৰু সাহসেৰে পৰিপূৰ্ণ দেশপ্ৰেমিকসকলে অপৰিসীম বিপদাশংকা লৈ সৰ্বোচ্চ ত্যাগ কৰিছিল। আমি তেওঁলোকৰ পৱিত্ৰ স্মৃতিক প্ৰণাম জনাইছো। তেওঁলোকৰ অবিৰত শ্ৰমৰ বাবেই ভাৰতৰ আত্মাই শতিকাজোৰা নিদ্ৰাৰ পৰা সাৰ পাই উঠিল। পৃষ্ঠৰ তলত জীয়াই থকা বিভিন্ন পৰম্পৰা আৰু মূল্যবোধে কেইবাটাও প্ৰজন্মৰ মহান নেতাৰ মাজত নতুন অভিব্যক্তি বিচাৰি পাইছিল। পথপ্ৰদৰ্শক নক্ষত্ৰৰ দৰে জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰম্পৰা আৰু ইয়াৰ বিভিন্ন প্ৰকাশভংগীক একত্ৰিত কৰিছিল।

 

সমান্তৰালভাৱে চৰ্দাৰ পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু বাবাচাহেব আম্বেদকাৰৰ লগতে ভগত সিং, চন্দ্ৰশেখৰ আজাদ আদি মহান জননেতাসকলো সক্ৰিয় হৈ আছিল। এয়া এটা দেশজোৰা আন্দোলন আছিল, য’ত সকলো সম্প্ৰদায়ে অংশগ্ৰহণ কৰিছিল। আদিবাসী লোকসকলৰ ভিতৰত তিলকা মাঝি, বীৰছা মুণ্ডা, লক্ষ্মণ নাইক আৰু ফুলো-ঝানো আদিৰ দৰে আন বহুতো আছিল, যাৰ ত্যাগৰ এতিয়া শলাগ লোৱা হৈছে। আমি ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিছো। অহা বছৰ উদযাপন কৰিবলগীয়া তেওঁৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী ৰাষ্ট্ৰীয় পুনৰ জাগৰণত তেওঁৰ অৱদানক অধিক সন্মান জনোৱাৰ এক সুযোগ হ'ব।

 

মোৰ মৰমৰ দেশবাসী,

 

আজি ১৪ আগষ্টত দেশে বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰিছে। এয়া বিভাজনৰ ভয়াৱহতাৰ কথা সোঁৱৰাৰ এটা দিন। যিহেতু মহান ৰাষ্ট্ৰখন বিভক্ত হোৱাৰ লগে লগে লাখ লাখ লোকে বলপূৰ্বক পলায়ন কৰিবলগীয়া হৈছিল, লাখ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। স্বাধীনতা দিৱস উদযাপনৰ এদিন আগতে আমি সেই  মানৱীয় দুৰ্যোগৰ কথা মনত পেলাইছো আৰু ছেদেলি-ভেদেলি হৈ পৰা পৰিয়ালবোৰৰ কাষত থিয় দিছো।

 

আমি সংবিধানৰ ৭৫ সংখ্যক বছৰ উদযাপন কৰিছো। নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰৰ যাত্ৰা বাধাহীন নাছিল। ন্যায়, সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্ববোধৰ সাংবিধানিক আদৰ্শত অটল হৈ আমি ভাৰতক বিশ্বৰ মঞ্চত নিজৰ গৌৰৱময় স্থান পুনৰ লাভৰ বাবে সক্ষম কৰাৰ অভিযান অব্যাহত ৰাখিছো।

 

এই বছৰ আমাৰ দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, যোগ্য ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৯৭ কোটি, যিটো এটা ঐতিহাসিক অভিলেখ আছিল। এয়া মানৱ জাতিয়ে এতিয়ালৈকে দেখা সৰ্ববৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়া হিচাপে পৰিগণিত হৈছে। এনে এক বিশাল অনুষ্ঠানৰ মসৃণ আৰু ত্ৰুটিহীন পৰিচালনাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰশংসাৰ যোগ্য। মই সেই সকলো বিষয়া আৰু সুৰক্ষা কৰ্মীক ধন্যবাদ জনাইছো, যিসকলে অত্যধিক গৰমৰ সন্মুখীন হৈও ভোটদাতাসকলক সহায় কৰিছিল। যেতিয়া ইমান বৃহৎসংখ্যক লোকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে, তেতিয়া ই গণতন্ত্ৰৰ ধাৰণাটোৰ বাবে প্ৰবল সমৰ্থন হৈ পৰে। ভাৰতৰ দ্বাৰা সফল নিৰ্বাচনী পৰিচালনাই সমগ্ৰ বিশ্বত গণতান্ত্ৰিক শক্তিক শক্তিশালী কৰে।

 

মোৰ মৰমৰ দেশবাসী,

 

২০২১ চনৰ পৰা ২০২৪ চনলৈ বছৰি গড়ে ৮ শতাংশ বৃদ্ধিৰ হাৰেৰে ভাৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ফলত কেৱল দেশবাসীৰ হাতলৈ অধিক ধন অহাই নহয়, দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে। যিসকলে দৰিদ্ৰতাত ভুগি আছে তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে  তেওঁলোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ বাবেও সকলো প্ৰচেষ্টা চলোৱা হৈছে। উদাহৰণস্বৰূপে, কোভিড-১৯ৰ প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাই প্ৰায় ৮০ কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদান অব্যাহত ৰাখিছে, যাৰ দ্বাৰা শেহতীয়াকৈ দৰিদ্ৰতাৰ পৰা ওলাই অহা লোকসকল যাতে পুনৰ দৰিদ্ৰতাৰ কবলত নপৰে, সেইটোও নিশ্চিত কৰা হৈছে।

 

এইটো সকলোৰে বাবে গৌৰৱৰ বিষয় যে ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিগণিত হৈছে, আৰু আমি অতি সোনকালেই শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত এটা হ'বলৈ সাজু হৈছো। এয়া কেৱল কৃষক আৰু শ্ৰমিকসকলৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ দ্বাৰা, পৰিকল্পনাকাৰী আৰু সম্পদ সৃষ্টিকাৰীসকলৰ দূৰদৰ্শিতাৰ দ্বাৰা, আৰু দূৰদৰ্শী নেতৃত্বৰ দ্বাৰাহে সম্ভৱ হৈছে।

 

আমাৰ অন্নদাতা কৃষকসকলে প্ৰত্যাশাতকৈ অধিক শস্য উৎপাদন নিশ্চিত কৰিছে। ইয়াৰ দ্বাৰা তেওঁলোকে ভাৰতক কৃষিক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ আৰু আমাৰ লোকসকলক খাদ্য যোগান ধৰাত বহুমূলীয়া অৰিহণা যোগাইছে। শেহতীয়া বছৰবোৰত আন্তঃগাঁথনিৰ যথেষ্ট উত্থান হৈছে। কৌশলগত পৰিকল্পনা আৰু ফলপ্ৰসূ আঁচনিসমূহে পথ আৰু ঘাইপথ,  ৰে'লপথৰ লগতে বন্দৰৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰাত সহায় কৰিছে। ভৱিষ্যতৰ প্ৰযুক্তিৰ বৃহৎ সম্ভাৱনাৰ কথা বিবেচনা কৰি, চৰকাৰে অৰ্ধপৰিবাহী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে বিভিন্ন খণ্ডৰ জোৰদাৰ প্ৰচাৰ কৰিছে, লগতে ষ্টাৰ্টআপৰ বাবে এক আদৰ্শ পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিছে যিয়ে তেওঁলোকৰ বিকাশত সহায় কৰিব। ই ভাৰতক আৰু অধিক আকৰ্ষণীয় বিনিয়োগৰ গন্তব্য স্থান কৰি তুলিছে। বৰ্ধিত পাৰদৰ্শিতাৰ সৈতে বেঙ্কিং আৰু বিত্তীয় খণ্ড অধিক কাৰ্যক্ষম হৈ উঠিছে। এই সকলোবোৰ কাৰকে পৰৱৰ্তী প্ৰজন্মৰ অৰ্থনৈতিক সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশৰ মঞ্চ নিৰ্ধাৰণ কৰিছে যি ভাৰতক উন্নত ৰাষ্ট্ৰসমূহৰ মাজত স্থান দিব।

 

এই দ্রুত অথচ ন্যায়সংগত প্ৰগতিৰ সহায়ত বিশ্বজনীন বিষয়ত ভাৰতৰ মৰ্যাদা উন্নীত হৈছে। জি-২০ৰ অধ্যক্ষতা সফলতাৰে সম্পন্ন হোৱাৰ পিছত ভাৰতে গ্লোৱেল ছাউথৰ কণ্ঠস্বৰ হিচাপে নিজৰ ভূমিকা সুদৃঢ় কৰি তুলিছে। ভাৰতে নিজৰ প্ৰভাৱশালী স্থান ব্যৱহাৰ কৰি বিশ্ব শান্তি আৰু সমৃদ্ধিৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ মনস্থ কৰিছে।

 

মোৰ মৰমৰ দেশবাসী,

 

আমি আমাৰ সংবিধানৰ স্থপতিবিদ ড০ বি আৰ আম্বেদকাৰৰ কথা মনত ৰাখিব লাগিব। তেওঁ ঠিকেই কৈছিল আৰু মই তেওঁৰ উদ্ধৃতি দিছো, "আমি আমাৰ ৰাজনৈতিক গণতন্ত্ৰক সামাজিক গণতন্ত্ৰ হিচাপে গঢ়ি তুলিব লাগে। ৰাজনৈতিক গণতন্ত্ৰ তেতিয়ালৈকে স্থায়ী হ'ব নোৱাৰে, যেতিয়ালৈকে ইয়াৰ আধাৰত সামাজিক গণতন্ত্ৰ নাথাকে।" ৰাজনৈতিক গণতন্ত্ৰৰ ধাৰাবাহিক প্ৰগতিয়ে সামাজিক গণতন্ত্ৰক শক্তিশালী কৰাৰ দিশত কৰা অগ্ৰগতিৰ প্ৰমাণ দিয়ে। সামূহিক মনোভাৱ আমাৰ সামাজিক জীৱনৰ প্ৰতিটো দিশতে বিয়পি আছে। আমাৰ বৈচিত্ৰ্য আৰু বহুত্বৰ সৈতে আমি এক সংহত ৰাষ্ট্ৰ হিচাপে একেলগে আগবাঢ়িছো। সামূহিক সঁজুলি হিচাপে ইতিবাচক পদক্ষেপ শক্তিশালী কৰিব লাগিব। মই দৃঢ়ভাৱে বিশ্বাস কৰো যে ভাৰতৰ দৰে এখন বিশাল দেশত সামাজিক শ্ৰেণীবিন্যাসৰ ওপৰত আধাৰ কৰি বিভেদ সৃষ্টি কৰা প্ৰৱণতাবোৰ প্ৰত্যাখ্যান কৰিব লাগিব।

 

সামাজিক ন্যায় হৈছে চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু ই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সমাজৰ অন্যান্য পাছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে কেইবাটাও অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে প্ৰধানমন্ত্ৰী সামাজিক উত্থান আৰু ৰোজগাৰ আধাৰিত জনকল্যাণ, অৰ্থাৎ প্ৰধানমন্ত্ৰী-সূৰজৰ লক্ষ্য হৈছে পাছপৰা সম্প্ৰদায়ৰ লোকসকলক প্ৰত্যক্ষ বিত্তীয় সাহায্য প্ৰদান কৰা। প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান বা প্ৰধানমন্ত্ৰী-জনমন অভিযানে বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহৰ আৰ্থ-সামাজিক পৰিস্থিতি উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ হস্তক্ষেপৰ ক্ষেত্ৰত গণ অভিযানৰ ৰূপ লৈছে। আনহাতে ৰাষ্ট্ৰীয় যান্ত্ৰিক অনাময় পৰিস্থিতিতন্ত্ৰৰ বাবে পদক্ষেপ বা নমস্তে আঁচনিয়ে কোনো অনাময় কৰ্মীয়ে নৰ্দমা আৰু চেপ্টিক টেংক পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত যাতে বিপজ্জনক কামসমূহ হাতেৰে কৰিব নালাগে, সেইটো নিশ্চিত কৰে।

 

'ন্যায়' শব্দটো, যাক সৰ্বাধিক সম্ভৱপৰ অৰ্থত লোৱা হৈছে- ইয়াৰ মাজত বিভিন্ন সামাজিক কাৰক অন্তৰ্ভুক্ত হৈ আছে। মই বিশেষকৈ লিংগ ন্যায় আৰু জলবায়ু ন্যায়ৰ ওপৰত জোৰ দিব বিচাৰো।

 

আমাৰ সমাজত মহিলাসকলক সমানতকৈও অধিক বুলি গণ্য কৰা হয়। অৱশ্যে তেওঁলোক পৰম্পৰাগত কুসংস্কাৰৰো বলি হয়। কিন্তু মই আনন্দিত যে চৰকাৰে মহিলাৰ কল্যাণ আৰু মহিলা সৱলীকৰণক সমানেই গুৰুত্ব দিছে। এই উদ্দেশ্যৰ বাবে বাজেট আবণ্টন যোৱা দশকত তিনিগুণতকৈও অধিক হৈছে। শ্ৰমিক শক্তিত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আটাইতকৈ উত্সাহজনক বিকাশ হৈছে জন্মৰ সময়ত লিংগ অনুপাতৰ গুৰুত্বপূৰ্ণ উন্নতি। মহিলাসকলক কেন্দ্ৰীভূত কৰি ৰাখি বিভিন্ন ধৰণৰ বিশেষ চৰকাৰী আঁচনিও প্ৰস্তুত কৰা হৈছে। নাৰী শক্তি বন্দন অধিনিয়মৰ উদ্দেশ্য হৈছে মহিলাসকলৰ প্ৰকৃত সবলীকৰণ নিশ্চিত কৰা।

 

জলবায়ু পৰিবৰ্তন বাস্তৱত পৰিণত হৈছে। উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে তেওঁলোকৰ অৰ্থনৈতিক দৃষ্টান্ত সলনি কৰাটো অধিক প্ৰত্যাহ্বানমূলক। তথাপি আমি ইতিমধ্যে আশা কৰাতকৈ সেই দিশত অধিক অগ্ৰগতি লাভ কৰিছো। গোলকীয় উষ্ণতাৰ আটাইতকৈ বেয়া প্ৰভাৱৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ মানৱ জাতিৰ যুঁজত অগ্ৰণী ভূমিকা লোৱাৰ বাবে ভাৰত গৌৰৱান্বিত। মই আপোনালোক সকলোকে আপোনালোকৰ জীৱনশৈলীত সৰু কিন্তু কাৰ্যকৰী পৰিবৰ্তন আনিবলৈ আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে অৰিহণা যোগাবলৈ অনুৰোধ জনাইছো।

 

ন্যায়ৰ কথা ক'বলৈ গ'লে মই ইয়াত এইটোও উল্লেখ কৰিম যে এই বছৰৰ জুলাই মাহৰ পৰা ভাৰতীয় ন্যায় সংহিতা গ্ৰহণ কৰি আমি ঔপনিৱেশিক যুগৰ আৰু এটা অৱশিষ্ট আঁতৰাই পেলাইছো। ন্যায় সংহিতাৰ উদ্দেশ্য কেৱল শাস্তি দিয়াৰ বাহিৰেও অপৰাধৰ ভুক্তভোগীসকলৰ বাবে ন্যায় সুনিশ্চিত কৰা। মই এই পৰিবৰ্তনক স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে প্ৰত্যক্ষ কৰো।

 

মোৰ মৰমৰ দেশবাসী, 

 

আজিৰ যুৱ প্ৰজন্মই স্বাধীনতাৰ শতবাৰ্ষিকীলৈ অমৃত কালৰ অৰ্থাত্ আজিৰ পৰা প্ৰায় এক চতুৰ্থাংশ শতিকাৰ সময়ক মূল্যবোধ প্ৰদান কৰিব। এইটো তেওঁলোকৰ শক্তি আৰু উৎসাহ যি দেশক নতুন উচ্চতা অৰ্জন কৰাত সহায় কৰিব। যুৱ মনোভাৱ ৰোপণ কৰা তথা এটা নতুন মানসিকতা সৃষ্টি কৰাটো আমাৰ পৰম্পৰা আৰু সমসাময়িক জ্ঞানৰ সৰ্বশ্ৰেষ্ঠ গ্ৰহণ কৰাটো আমাৰ প্ৰাথমিকতা। ইয়াৰ বাবে ২০২০ চনৰ পৰা আৰম্ভ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ইতিমধ্যে ফলাফল প্ৰদৰ্শন কৰা আৰম্ভ কৰিছে।

 

তেওঁলোকৰ প্ৰতিভাক ব্যৱহাৰ কৰিবলৈ, চৰকাৰে তেওঁলোকৰ দক্ষতা, নিযুক্তি আৰু অন্যান্য সুযোগৰ বাবে পদক্ষেপ লৈছে। প্ৰধানমন্ত্ৰীৰ নিযুক্তি আৰু দক্ষতাৰ বাবে গ্ৰহণ কৰা পাঁচটা আঁচনিৰ পেকেজৰ দ্বাৰা পাঁচ বছৰত ৪.১ কোটি যুৱক-যুৱতী উপকৃত হ'ব। চৰকাৰৰ এক নতুন পদক্ষেপৰ অধীনত, এক কোটি যুৱক-যুৱতীয়ে পাঁচ বছৰত আগশাৰীৰ কোম্পানীবোৰত ইণ্টাৰ্নশ্বিপ কৰিব। এই সকলোবোৰ বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত কৰা অৱদানৰ আধাৰশিলা হ'ব।

 

ভাৰতত, আমি বিজ্ঞান আৰু প্ৰযুক্তিক জ্ঞান অন্বেষণৰ অংশ হিচাপে বিবেচনা কৰো আৰু লগতে মানৱীয় প্ৰগতিৰ সঁজুলি হিচাপে বিবেচনা কৰো। উদাহৰণস্বৰূপে ডিজিটেল এপ্লিকেচনৰ ক্ষেত্ৰত আমাৰ সাফল্যবোৰ আন দেশত টেমপ্লেট হিচাপে ব্যৱহাৰ কৰা হৈছে। শেহতীয়া বছৰবোৰত, ভাৰতে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। আপোনালোক সকলোৰে সৈতে মই অহা বছৰ গগনযান অভিযানৰ শুভাৰম্ভৰ বাবেও আগ্ৰহেৰে অপেক্ষা কৰি আছো, যিয়ে ভাৰতৰ প্ৰথম মানৱ যানৰ মহাকাশযাত্ৰাত ভাৰতীয় মহাকাশচাৰীসকলৰ এটা দলক মহাকাশলৈ লৈ যাব।

 

ক্ৰীড়া জগতো হৈছে আন এক এনে ক্ষেত্ৰ, য'ত দেশখনে যোৱা দশকত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশক সঠিকভাৱে প্ৰাথমিকতা দিছে আৰু ই ফলাফল দেখুৱাইছে। ভাৰতীয় দলটোৱে শেহতীয়াকৈ সমাপ্ত হোৱা পেৰিছ অলিম্পিক গেমছত সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা আগবঢ়ায়। মই খেলুৱৈসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰো। তেওঁলোকে যুৱসকলক অনুপ্ৰাণিত কৰিছে। ক্ৰিকেটত ভাৰতে টি-২০ বিশ্বকাপ জয় কৰিছে। দবা খেলত আমাৰ বিদ্বানসকলে দেশখনক গৌৰৱান্বিত কৰিছে। এয়া দবা খেলত ভাৰতীয় যুগৰ আৰম্ভণি। বেডমিণ্টন, টেনিছ আৰু অন্যান্য ক্ৰীড়াত আমাৰ যুৱক-যুৱতীসকলে বিশ্ব মঞ্চত যথেষ্ট প্ৰভাৱ পেলাইছে। তেওঁলোকৰ কৃতিত্বই পৰৱৰ্তী প্ৰজন্মকো অনুপ্ৰাণিত কৰিছে।

 

মোৰ মৰমৰ দেশবাসী,

 

সমগ্ৰ ৰাষ্ট্ৰই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে। এই উত্সাহজনক পৰিৱেশত মই আপোনালোকক পুনৰ এবাৰ শুভেচ্ছা জনাইছো। মই বিশেষকৈ আমাৰ সেইসকল বীৰ জোৱানক শুভেচ্ছা জনাইছো, যিসকলে নিজৰ জীৱন বিপদাপন্ন কৰিও আমাৰ স্বাধীনতা ৰক্ষা কৰে। মই আৰক্ষী আৰু নিৰাপত্তাকৰ্মীসকলক মোৰ শুভেচ্ছা জনাইছো, যিসকলে সমগ্ৰ দেশতে সতৰ্ক অটুট ৰাখে। মই ন্যায়পালিকা আৰু অসামৰিক সেৱাৰ সদস্যসকলৰ লগতে বিদেশত থকা আমাৰ দূতাবাসৰ বিষয়াসকলকো শুভেচ্ছা জনাইছো। আমাৰ প্ৰবাসীসকলকো মোৰ শুভেচ্ছা জনাইছো- আপোনালোক সকলো আমাৰ পৰিয়ালৰ অংশ, আপোনালোকৰ সাফল্যই আমাক গৌৰৱান্বিত কৰিছে। আপোনালোকে বিদেশত ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিনিধিত্ব কৰে।

 

পুনৰ এবাৰ আপোনালোকলৈ মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো!

 

ধন্যবাদ।

জয় হিন্দ!

জয় ভাৰত!



(Release ID: 2045408) Visitor Counter : 48