কেবিনেট
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰীয়া ২.০ আঁচনিত কেবিনেটৰ অনুমোদন

নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে নিৰ্মাণ হ’ব ১ কোটি আৱাস

পিএমএৱাই-ইউ ২.০ৰ অধীনত ১০ লাখ কোটি টকাৰ বিনিয়োগ আৰু ২.৩০ লাখ কোটি চৰকাৰী ৰাজসাহায্য

Posted On: 09 AUG 2024 10:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰীয়া (পিএমএৱাই-ইউ)-২.০ত অনুমোদন জনায় যাৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/পিএলআইৰ ১ কোটি নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক ৫ বছৰৰ ভিতৰত চহৰ অঞ্চলত সুলভ মূল্যত ঘৰ নিৰ্মাণ, ক্ৰয় বা ভাড়ালৈ লোৱাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব৷ এই আঁচনিৰ অধীনত ২.৩০ লাখ কোটি টকাৰ চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব।

 

পিএমএৱাই-ইউ হৈছে নগৰাঞ্চলৰ সকলো যোগ্য হিতাধিকাৰীক সকলো বতৰৰ উপযোগী পকী ঘৰ প্ৰদানৰ বাবে ভাৰত চৰকাৰে ৰূপায়ণ কৰা অন্যতম প্ৰধান ধ্বজাবাহী পদক্ষেপ৷ পিএমএৱাই-ইউৰ অধীনত ১.১৮ কোটি ঘৰ অনুমোদন কৰাৰ বিপৰীতে ইতিমধ্যে ৮৫.৫ লাখৰো অধিক ঘৰ নিৰ্মাণ কৰি হিতাধিকাৰীক যোগান ধৰা হৈছে।

২০২৩ চনৰ ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ভাৰত চৰকাৰে আগন্তুক বছৰবোৰৰ বাবে এখন নতুন আঁচনি ৰূপায়ণ কৰিব যাতে দুৰ্বল শ্ৰেণী আৰু মধ্যবিত্ত পৰিয়ালক এটা ঘৰৰ মালিকীস্বত্বৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব পাৰে।

কেন্দ্ৰীয় কেবিনেটে ২০২৪ চনৰ ১০ জুনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া পৰিয়ালক আৱাস নিৰ্মাণৰ বাবে সাহায্য প্ৰদান কৰাৰ সংকল্প গ্ৰহণ কৰে, যাতে যোগ্য পৰিয়ালৰ সংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা গৃহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে দৃষ্টিভংগীক সাৰোগত কৰি পিএমএৱাই-ইউয়ে ১০ লাখ কোটি টকা বিনিয়োগেৰে, এক কোটি পৰিয়ালৰ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, যাতে প্ৰতিজন নাগৰিকে উন্নত মানদণ্ডৰ জীৱন যাপন কৰে।

তদুপৰি বেংক/হাউছিং ফাইনেন্স কোম্পানী (এইচএফচি)/প্ৰাথমিক ঋণদাতা প্ৰতিষ্ঠানৰ পৰা সুলভ মূল্যৰ গৃহ নিৰ্মাণ ঋণৰ ওপৰত (পিএলআই)ৰ পৰা অৰ্থনৈতিকভাৱে দুৰ্বল অংশ (ইডব্লিউএছ)/নিম্ন আয়ৰ গোট(এলআইজি) ছেগমেণ্টলৈ তেওঁলোকৰ প্ৰথম ঘৰ নিৰ্মাণ/ক্ৰয় কৰিবলৈ ক্ৰেডিট ৰিস্ক নিশ্চয়তাৰ সুবিধা প্ৰদানৰ বাবে ক্ৰেডিট ৰিস্ক গেৰাণ্টী ফাণ্ড ট্ৰাষ্ট (চিআৰজিএফটি)ৰ কৰ্পাছ ফাণ্ড ১০০০ কোটি টকাৰ পৰা ৩০০০ কোটিলৈ বৃদ্ধি কৰা হৈছে৷ ক্ৰেডিট ৰিস্ক নিশ্চয়তা পুঁজিৰ অধিক পৰিচালনা ৰাষ্ট্ৰীয় হাউছিং বেংক (এনএইচবি)ৰ পৰা ৰাষ্ট্ৰীয় ঋণ নিশ্চয়তা কোম্পানী (এনচিজিটিচি)লৈ হস্তান্তৰ কৰা হ’ব। ইতিমধ্যে ক্ৰেডিট ৰিস্ক নিশ্চয়তা পুঁজি আঁচনিৰ পুনৰ গঠন কৰা হৈছে আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে সংশোধিত নিৰ্দেশনা জাৰি কৰিব।

পিএমএৱাই-ইউ, .০ যোগ্যতাৰ মাপকাঠী

দেশৰ যিকোনো ঠাইতে পকী ঘৰ নথকা ইডব্লিউএছ/এলআইজি/মধ্যবিত্তীয় গোট (এমআইজি)ৰ অন্তৰ্গত পৰিয়ালসমূহে পিএমএৱাই-ইউ, ২.০ৰ অধীনত ঘৰ ক্ৰয় বা নিৰ্মাণ কৰিব পাৰিব৷

• ইডব্লিউএছ পৰিয়ালসমূহ হৈছে এনে পৰিয়াল যাৰ বাৰ্ষিক আয় ৩ লাখ টকা পৰ্যন্ত।

• এলআইজি পৰিয়াল হৈছে এনে পৰিয়াল যাৰ বাৰ্ষিক আয় ৩ লাখ টকাৰ পৰা ৬ লাখ টকালৈকে।

• এমআইজি পৰিয়াল হৈছে এনে পৰিয়াল যাৰ বাৰ্ষিক আয় ৬ লাখ টকাৰ পৰা ৯ লাখ টকালৈকে।

আঁচনিখনে সামৰি ল

২০১১ চনৰ লোকপিয়ল অনুসৰি সকলো বিধিগত চহৰ আৰু পৰৱৰ্তী সময়ত অধিসূচনা কৰা চহৰ, অধিসূচিত পৰিকল্পনা এলেকা, ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণ/বিশেষ এলেকা উন্নয়ন কৰ্তৃপক্ষ/নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনৰ অধিসূচিত পৰিকল্পনা/উন্নয়ন এলেকাৰ অন্তৰ্গত অঞ্চল বা ৰাজ্যিক আইন অনুসৰি এনে কোনো প্ৰাধিকৰণকে আদি কৰি নগৰ পৰিকল্পনা আৰু নিয়মৰ কাম-কাজৰ দায়িত্ব অৰ্পণ কৰাসকলকো পিএমএৱাই-ইউ ২.০ৰ অধীনত সামৰি লোৱা হ'ব।

.

পিএমএৱাই-ইউ, ২.০ৰ উপাদানসমূহ

আঁচনিখনে চহৰাঞ্চলত সুলভ মূল্যৰ গৃহৰ প্ৰয়োজনীয়তাক তলত দিয়া ধৰণে সমাধান কৰিব বিচাৰেঃ-

i) হিতাধিকাৰীকেন্দ্ৰিক নিৰ্মাণ (বিএলচি): ইয়াৰ অধীনত ইডব্লিউএছ শ্ৰেণীৰ অন্তৰ্গত ব্যক্তিগত যোগ্য পৰিয়ালসমূহক নিজৰ খালী মাটিত নতুন ঘৰ নিৰ্মাণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ভূমিহীন হিতাধিকাৰীৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ভূমিৰ অধিকাৰ (পট্টা) প্ৰদান কৰিব পাৰে।

ii. অংশীদাৰিত্বভিত্তিত সুলভ মূল্যৰ গৃহ নিৰ্মাণ (এ এইচ পি): এএইচপিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/নগৰ/ৰাজহুৱা/ব্যক্তিগত সংস্থাসমূহে বিভিন্ন অংশীদাৰিত্বৰে নিৰ্মাণ কৰা ঘৰৰ মালিক হোৱাৰ বাবে ই ডব্লিউ এছ হিতাধিকাৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

• ব্যক্তিগত প্ৰকল্পৰ পৰা ঘৰ ক্ৰয় কৰা হিতাধিকাৰীক ৰিডিমেবল হাউছিং ভাউচাৰ দিয়া হ’ব।ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/ইউ এল বিয়ে সকলো প্ৰয়োজনীয় নীতি-নিয়ম মানি চলা ব্যক্তিগত খণ্ডৰ প্ৰকল্পসমূহৰ শ্বেতপত্ৰ প্ৰস্তুত কৰিব লাগিব৷

• উদ্ভাৱনীমূলক নিৰ্মাণ প্ৰযুক্তি ব্যৱহাৰ কৰি এএইচপি প্ৰকল্পসমূহক প্ৰযুক্তি উদ্ভাৱন অনুদান (টিআইজি)@১০০০ টকাৰ পৰা প্ৰতি বৰ্গমিটাৰ/ইউনিটৰ ৰূপত অতিৰিক্ত অনুদান প্ৰদান কৰা হ’ব৷

iii. সুলভ মূল্যৰ ভাড়াঘৰ (এআৰএইচ): এই উলম্বই শ্ৰমিক মহিলা/শিল্প শ্ৰমিক/ চহৰীয়া প্ৰব্ৰজনকাৰী/গৃহহীন/নিঃস্ব /ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য যোগ্য হিতাধিকাৰীৰ বাবে পৰ্যাপ্ত ভাড়াঘৰৰ সৃষ্টি কৰিব। যিসকল নগৰবাসীয়ে ঘৰৰ মালিক হ’ব নিবিচাৰে কিন্তু হ্ৰস্বম্যাদী ভিত্তিত গৃহৰ প্ৰয়োজন হয় বা যিসকলৰ ঘৰ নিৰ্মাণ/ক্ৰয়ৰ আৰ্থিক সামৰ্থ্য নাই তেওঁলোকৰ বাবে এ আৰ এইচে সুলভ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন জীৱন-যাপনৰ স্থান নিশ্চিত কৰিব লাগিব।

এই উলম্বটো তলত দিয়া ধৰণে দুটা আৰ্হিৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব:

• আৰ্হি-১: চহৰসমূহত চৰকাৰী পুঁজিৰে চলি থকা খালী ঘৰসমূহ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ পদ্ধতিৰ অধীনত বা ৰাজহুৱা সংস্থাসমূহৰ দ্বাৰা এআৰএইচলৈ ৰূপান্তৰিত কৰি ব্যৱহাৰ কৰা।

• আৰ্হি-২: ব্যক্তিগত/ৰাজহুৱা সংস্থাসমূহৰ দ্বাৰা ভাড়াঘৰ নিৰ্মাণ, পৰিচালনা আৰু মেৰামতি কৰা

উদ্ভাৱনী প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত প্ৰকল্পৰ বাবে প্ৰতি বৰ্গমিটাৰত ৩,০০০ টকা হাৰত টিআইজি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰে ৰাজ্যিক অংশীদাৰিত্বৰ অংশ হিচাপে প্ৰতি বৰ্গমিটাৰত ২,০০০ টকাকৈ প্ৰদান কৰিব।

iv. সুত ৰাজসাহায্য আঁচনি (আই এছ এছ): আইএছএছ উলম্বই ইডব্লিউএছ/এলআইজি আৰু এমআইজি পৰিয়ালৰ বাবে গৃহ ঋণৰ ওপৰত ৰাজসাহায্যৰ সুবিধা প্ৰদান কৰিব। ৩৫ লাখ টকা পৰ্যন্ত ঘৰৰ মূল্যৰ সৈতে ২৫ লাখ টকাপৰ্যন্ত ঋণ লোৱা হিতাধিকাৰীসকলে ১২ বছৰৰ কাৰ্যকাললৈকে প্ৰথম ৮ লাখ ঋণৰ ৪ শতাংশ সুতৰ ৰাজসাহায্যৰ বাবে যোগ্য হ’ব। যোগ্য হিতাধিকাৰীক ৫ বছৰীয়া কিস্তিত পুছ বুটামৰ জৰিয়তে সৰ্বাধিক ১.৮০ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ’ব। ৱেবছাইট, অ’টিপি বা স্মাৰ্ট কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীয়ে নিজৰ একাউণ্ট  চাব পাৰিব।

পিএমএৱাই-ইউ ২.০ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি (চিএছএছ) হিচাপে ৰূপায়ণ কৰা হ’ব, সুত ৰাজসাহায্য আঁচনি (আইএছএছ) উপাদানৰ বাহিৰে, যিটো কেন্দ্ৰীয় খণ্ড আঁচনি হিচাপে ৰূপায়ণ কৰা হ’ব।

পুঁজিৰ ব্যৱস্থা

আই এছ এছৰ বাহিৰে বিভিন্ন উলম্বৰ অধীনত ঘৰ নিৰ্মাণৰ খৰচ মন্ত্ৰালয়, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/ইউ এল বি আৰু চিনাক্তকৃত যোগ্য হিতাধিকাৰীৰ মাজত ভাগ কৰা হ’ব।পিএমৱাই-ইউ ২.০ৰ অধীনত এএইচপি/বিএলচি উলম্বত চৰকাৰী সাহায্য প্ৰতি ইউনিটত ২.৫০ লাখ টকা হ’ব। আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশীদাৰিত্ব বাধ্যতামূলক হ’ব। বিধান পৰিষদ নথকা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্ৰীয়: ৰাজ্যৰ অংশীদাৰিত্বৰ ধৰণ হ’ব ১০০:০, বিধায়িনী দলৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে (দিল্লী,জম্মু আৰু কাশ্মীৰ আৰু পুডুচেৰী), উত্তৰ-পূব ৰাজ্য আৰু হিমালয় ৰাজ্য (হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড) ভাগ-বতৰা কৰাৰ ধৰণ হ’ব ৯০:১০ আৰু অন্য ৰাজ্যসমূহৰ বাবে শ্বেয়াৰিং পেটাৰ্ণ হ'ব ৬০:৪০। ঘৰৰ ব্যয়সাধ্যতা বৃদ্ধিৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইউএলবিয়ে হিতাধিকাৰীক অতিৰিক্ত সাহায্য দিব পাৰে।

আইএছএছ উলম্বৰ অধীনত ৫ বছৰৰ কিস্তিত যোগ্য হিতাধিকাৰীক ১.৮০ লাখ টকা পৰ্যন্ত কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ’ব৷

বিশদ শ্বেয়াৰিং ধৰণ তলত দিয়াৰ দৰে।

.

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

পিএমএৱাই, .০ উলম্ব

বিএলচি আৰু এএইচপি

এআৰএইচ

আইএছএছ

১৷

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰ, পুডুচেৰী আৰু দিল্লীৰ কেন্দ্ৰীয় শাসিত অঞ্চল (কেন্দ্ৰীয় শাসিত অঞ্চল)।

কেন্দ্ৰীয় চৰকাৰ-প্ৰতি ইউনিটত ২.২৫লাখ টকা

ৰাজ্য চৰকাৰ-প্ৰতি ইউনিটত ০.২৫লাখ টকা

প্ৰযুক্তি উদ্ভাৱনত অনুমোদন

 

ভাৰত চৰকাৰঃ ৩,০০০ টকা প্ৰতি ইউনিট বৰ্গমিটাৰত

 

ৰাজ্য চৰকাৰৰ শ্বেয়াৰ- প্ৰতিবৰ্গ মিটাৰত ইউনিটত ২০০০ টকা ইউনিট

গৃহ ঋণ ৰাজসাহায্য – কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে ভাৰত চৰকাৰে প্ৰতি ইউনিটত ১.৮০ লাখ কোটি (প্ৰকৃত মুক্তি) পৰ্যন্ত

 ২.

অন্য সকলো কেন্দ্ৰীয় শাসিত অঞ্চলত

কেন্দ্ৰীয় চৰকাৰৰ শ্বেয়াৰ- প্ৰতি ইউনিটত ২.৫০লাখ ইউনিট

৩.

বাকী ৰাজ্যসমূহ

কেন্দ্ৰীয় চৰকাৰৰ শ্বেয়াৰ- প্ৰতি ইউনিটত ১.৫০লাখ ইউনিট

 

ৰাজ্য চৰকাৰৰ শ্বেয়াৰ- প্ৰতি ইউনিটত ১.০০লাখ ইউনিট

টোকাঃ

ক৷ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশীদাৰিত্ব পিএমএৱাই-ইউ ২.০ৰ অধীনত বাধ্যতামূলক হ’ব। ন্যূনতম ৰাজ্যিক অংশীদাৰিত্বৰ উপৰি ৰাজ্য চৰকাৰসমূহে ব্যয়সাধ্যতা বৃদ্ধিৰ বাবে অতিৰিক্ত টপ-আপ অংশীদাৰিত্বও প্ৰদান কৰিব পাৰে।

    খ৷ কেন্দ্ৰীয় সহায়ৰ উপৰি, গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ে কেৱল উদ্ভাৱনীমূলক নিৰ্মাণ সামগ্ৰী, প্ৰযুক্তি আৰু প্ৰক্ৰিয়া ব্যৱহাৰ কৰা এএইচপি প্ৰকল্পসমূহক প্ৰযুক্তি উদ্ভাৱন অনুদান (টিআইজি) প্ৰদান কৰিব৷ @১,০০০ টকাকৈ প্ৰতি বৰ্গমিটাৰত ৩০ বৰ্গমিটাৰলৈকে প্ৰতিটো বাসস্থান ইউনিটলৈ কাৰ্যকৰী সংস্থাসমূহক যিকোনো অতিৰিক্তৰ প্ৰভাৱ ক্ষতিপূৰণ কৰিবলৈ এএইচপি প্ৰকল্পৰ অধীনত খৰচৰ প্ৰভাৱ পৰিব।

 

 

 

প্ৰযুক্তি আৰু উদ্ভাৱন উপ-মিছন (টিআইএছএম)

ঘৰৰ দ্ৰুত আৰু মানসম্পন্ন নিৰ্মাণৰ বাবে আধুনিক, উদ্ভাৱনীমূলক আৰু সেউজ প্ৰযুক্তি আৰু নিৰ্মাণ সামগ্ৰী গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অন্যান্য অংশীদাৰসকলক পথ প্ৰদৰ্শন আৰু সুবিধা প্ৰদান কৰিবলৈ পিএমএৱাই-ইউ ২.০ৰ অধীনত টিআইএছএম স্থাপন কৰা হ’ব। টিআইএছএমৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/নগৰসমূহক জলবায়ু স্মাৰ্ট বিল্ডিং আৰু স্থিতিস্থাপক গৃহ নিৰ্মাণৰ বাবে দুৰ্যোগ প্ৰতিৰোধী আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যাহ্বানমূলক পদ্ধতিত উদ্ভাৱনীমূলক পদ্ধতি আৰু প্ৰকল্পৰ জৰিয়তে সহায় কৰা হ’ব।

সুলভ মূল্যৰ গৃহ নিৰ্মাণ নীতি

পিএমএৱাই-ইউ ২.০ৰ অধীনত সুবিধা পাবলৈ হ’লে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৰাজহুৱা/ব্যক্তিগত সত্তাসমূহৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে আৰু সুলভ মূল্যৰ গৃহ নিৰ্মাণ পৰিস্থিতিতন্ত্ৰক প্ৰসাৰিত কৰাৰ বাবে বিভিন্ন সংস্কাৰ আৰু প্ৰৰোচনা সন্নিবিষ্ট “সুলভ মূল্যৰ গৃহ নিৰ্মাণ নীতি” প্ৰণয়ন কৰিব লাগিব। ‘সুলভ মূল্যৰ গৃহ নিৰ্মাণ নীতি’ত এনে সংস্কাৰ অন্তৰ্ভুক্ত কৰা হ’ব যিয়ে ‘সলভ মূল্যৰ গৃহ নিৰ্মাণ’ৰ সুলভ মূল্যৰ উন্নতি সাধন কৰিব।

প্ৰভাৱঃ

পিএমএৱাই-ইউ ২.০-এ ইডব্লিউএছ/এলআইজি আৰু এমআইজি ছেগমেণ্টৰ গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰি ‘সকলোৰে বাবে গৃহ নিৰ্মাণ’ৰ দৃষ্টিভংগী পুৰণ কৰিব। এই আঁচনিখনে বস্তিবাসী, অনুসূচিত জাতি, জনজাতি, সংখ্যালঘু, বিধৱা, বিশেষভাৱে সক্ষম ব্যক্তি আৰু সমাজৰ অন্যান্য অসুবিধাগ্ৰস্ত শ্ৰেণীৰ প্ৰয়োজনীয়তাক সম্বোধন কৰি জনসংখ্যাৰ বিভিন্ন শ্ৰেণীৰ মাজত সমতা নিশ্চিত কৰিব। ছাফাই কৰ্মী, পিএম-স্বনিধি আঁচনিৰ অধীনত চিনাক্ত কৰা পদপথৰ বিক্ৰেতা আৰু প্ৰধানমন্ত্ৰী-বিশ্বকৰ্মা আঁচনিৰ অধীনত বিভিন্ন শিপিনী, অংগনবাড়ী কৰ্মী, নিৰ্মাণ আৰু অন্যান্য শ্ৰমিক, বস্তিৰ বাসিন্দা আৰু পিএমএৱাই-ইউ ২.০ পৰিচালনাৰ সময়ত চিনাক্ত কৰা অন্যান্য গোটসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব৷

 

*****

MJPS/DS/BM/SKS/DB



(Release ID: 2043993) Visitor Counter : 53