প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভৰ বাবে ৰাষ্ট্ৰপতিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
06 AUG 2024 5:29PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুক ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ ফিজি প্ৰদান কৰা হৈছে।
সেয়েহে ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক্সত এইদৰে প’ষ্ট কৰেঃ
"ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ ফিজি লাভৰ বাবে অভিনন্দন জনালোঁ। এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত। ইয়াৰ উপৰিও এয়া ৰাষ্ট্ৰপতি ডাঙৰীয়াণীৰ নেতৃত্বৰ লগতে ভাৰত আৰু ফিজিৰ জনসাধাৰণৰ ঐতিহাসিক সম্পৰ্কৰো স্বীকৃতিস্বৰূপ।"
***
DS/SB
(रिलीज़ आईडी: 2042478)
आगंतुक पटल : 90
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam