বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৩-২৪ বৰ্ষৰ ‘অৰ্থনৈতিক সমীক্ষা’ৰ প্ৰস্তাৱনাত চৰকাৰ, ব্যক্তিগত খণ্ড আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ একাধিক সংহতি আৰু সহমতিৰ জৰিয়তে দেশখন পৰিচালনা কৰাৰ পোষকতা কৰা হৈছে

ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো স্থিতিস্থাপকতা প্ৰদৰ্শন কৰাৰ লগতে ভাৰতীয় অৰ্থনীতিয়ে এক শক্তিশালী স্থিতি আৰু সুস্থিৰ অগ্ৰগতি বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে,: অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪

প্ৰস্তাৱনাটোৱে অতীত আৰু বৰ্তমানৰ এক সমীক্ষা কৰাৰ লগতে ভাৰতীয় অৰ্থনীতিক ভৱিষ্যতৰ দিশে শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে বিভিন্ন ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছে

Posted On: 22 JUL 2024 3:25PM by PIB Guwahati

উদীয়মান অভূতপূৰ্ব গোলকীয় প্ৰত্যাহ্বানৰ মাজত ভাৰতে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ বাবে প্ৰয়োজনীয় ত্ৰিপাক্ষিক সংহতিটো হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডটোক বিশ্বাসত লোৱা আৰু দীৰ্ঘম্যাদী চিন্তা আৰু নিৰপেক্ষ আচৰণেৰে বিশ্বাসৰ প্ৰতিদান দিয়াৰ বাবে সুযোগ প্ৰদান কৰা আৰু জনসাধাৰণে তেওঁলোকৰ বিত্তীয় আৰু তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ দায়িত্ব লোৱাৰ প্ৰয়োজনীয়তা থাকিব বুলি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত এই কথা উল্লেখ কৰে।

অৰ্থনৈতিক সমীক্ষাটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে ঐতিহাসিক জনাদেশৰ সৈতে উভতি অহাটোৱে ৰাজনৈতিক আৰু নীতিগত ধাৰাবাহিকতাৰে সংকেত দিছে।

সমীক্ষাটোত উল্লেখ কৰা হৈছে যে কভিড-১৯ মহামাৰীৰ পৰা পুনৰুদ্ধাৰৰ পিছত ভাৰতীয় অৰ্থনীতিয়ে এক শক্তিশালী স্থিতি লাভ কৰাৰ লগতে সুস্থিৰ পৰ্যায়ত বৰ্তী আছে, যিয়ে ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, পুনৰুদ্ধাৰৰ গতি অব্যাহত ৰখাৰ বাবে ঘৰুৱা ক্ষেত্ৰত যথেষ্ট উথ্থানৰ প্ৰয়োজন হ'ব, কিয়নো বাণিজ্য, বিনিয়োগ আৰু জলবায়ুৰ দৰে গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত ঐকমত্যত উপনীত হোৱাৰ পৰিৱেশ অসাধাৰণ ভাৱে কঠিন হৈ পৰিছে।

শক্তিশালী স্থিতিত ভাৰতীয় অৰ্থনীতি

সমীক্ষাটোত উল্লেখ কৰা হৈছে যে ভাৰতীয় অৰ্থনীতিৰ বাবে বহুতো উৎসাহজনক লক্ষণ আসংকেত লাভ কৰা হৈছে:

• বিত্তীয় বৰ্ষ ২৪-ত আৰু বিত্তীয় বৰ্ষ ২৩-ত ক্ৰমে ৯.৭% আৰু ৭% বৃদ্ধিৰ হাৰত উচ্চ অৰ্থনৈতিক বিকাশ

• শিৰোনাম মুদ্ৰাস্ফীতিৰ হাৰ মুখ্যতঃ নিয়ন্ত্ৰণত আছে, অৱশ্যে কিছুমান নিৰ্দিষ্ট খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি হৈছে

• বিত্তীয় বৰ্ষ ২৪-ত বাণিজ্য ঘাটি বিত্তীয় বৰ্ষ ২৩ তকৈ কম

• বিত্তীয় বৰ্ষ ২৪-ৰ ‘কাৰেণ্ট একাউণ্ট ঘাটি’ জিডিপি-ৰ প্ৰায় ০.৭%, চলিত একাউণ্ট-য়ে বিত্তীয় বৰ্ষ ২৪-ৰ চতুৰ্থটো ত্ৰিমাসিকত ৰাহিৰ তথ্য পঞ্জীয়ন কৰিছে

• পৰ্যাপ্ত বৈদেশিক মুদ্ৰা ভাণ্ডাৰ

• ৰাজহুৱা বিনিয়োগে যোৱা কেবাটাও বছৰত মূলধন নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আনকি ব্যক্তিগত খণ্ডই ইয়াৰ ‘বেলেন্স শ্বীট ব্লুজ’ হ্ৰাস কৰিছে আৰু বিত্তীয় বৰ্ষ ২২ ত বিনিয়োগ আৰম্ভ কৰিছে।

• ৰাষ্ট্ৰীয় উপাৰ্জন তথ্যই দেখুৱাইছে যে বৰ্তমানৰ মূল্যত জোখা অনা-বিত্তীয় ব্যক্তিগত খণ্ডৰ মূলধন নিৰ্মাণ, বিত্তীয় বৰ্ষ ২১-ত হ্ৰাস পোৱাৰ পিছত বিত্তীয় বৰ্ষ ২২ আৰু বিত্তীয় বৰ্ষ ২৩-ত শক্তিশালীভাৱে সম্প্ৰসাৰিত হৈছিল।

• বিত্তীয় বৰ্ষ ২০ আৰু বিত্তীয় বৰ্ষ ২১-ত হ্ৰাস পোৱাৰ পিছত যন্ত্ৰপাতি আৰু সা-সৰঞ্জামলৈ বিনিয়োগ শক্তিশালীভাৱে পুনৰ উভতি আহিছে

বিত্তীয় বৰ্ষ ২৪ৰ বাবে কৰ্পোৰেট খণ্ডৰ প্ৰাৰম্ভিক তথ্যই পৰামৰ্শ দিয়ে যে ব্যক্তিগত খণ্ডত মূলধন নিৰ্মাণ প্ৰক্ৰিয়া সম্প্ৰসাৰিত হৈ আছে যদিও এই গতি লেহেমীয়া হৈছে

বিনিয়োগৰ প্ৰতি বহিৰ্দেশীয় বিনিয়োগকাৰীসকলৰ আগ্ৰহ

ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক-ৰ তথ্য উল্লেখ কৰি সমীক্ষাটোত উল্লেখ কৰা হৈছে যে যদিও ভাৰতৰ পৰিশোধৰ ভাৰসাম্যই আমাক দেখুৱায় যে নতুন মূলধনৰ ক্ষেত্ৰত ডলাৰৰ প্ৰবাহৰ হিচাপত জোখা বহিৰ্দেশীয় বিনিয়োগকাৰীসকলৰ বিনিয়োগৰ আগ্ৰহ বিত্তীয় বৰ্ষ ২৩-ৰ ৪৭.৬ বিলিয়ন ডলাৰৰ তুলনাত বিত্তীয় বৰ্ষ ২৪-ত ৪৫.৮ বিলিয়ন ডলাৰ আছিল, কিন্তু ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ স্থগিত আছে। এই সামান্য হ্ৰাস গোলকীয় প্ৰৱণতাৰ সৈতে সামঞ্জস্যপূৰ্ণ। সমীক্ষাটোত উল্লেখ কৰা হৈছে যে বিত্তীয় বৰ্ষ ২৩-ত বিনিয়োগৰ প্ৰত্যাৱৰ্তন আছিল ২৯.৩ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ২০২৪ বিত্তীয় বৰ্ষত ৪৪.৫ বিলিয়ন মাৰ্কিন ডলাৰ।

সমীক্ষাটোত কোৱা হৈছে যে বহুতো ব্যক্তিগত ইকুইটী বিনিয়োগকাৰীয়ে ভাৰতৰ উচ্ছল ইকুইটী বজাৰখনৰ সুবিধা লৈছিল আৰু লাভজনকভাৱে প্ৰস্থানো কৰিছিল। ই বজাৰৰ এক স্বাস্থ্যকৰ পৰিৱেশৰ লক্ষণ যি বিনিয়োগকাৰীসকলক লাভজনক প্ৰস্থান প্ৰদান কৰে, যিয়ে অনাগত বছৰবোৰত নতুন বিনিয়োগ আকৰ্ষিত কৰে।

জৰীপটোত উল্লেখ কৰা হৈছে যে আগন্তুক বছৰবোৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি হোৱাৰ বাবে বৰ্তমানৰ পৰিৱেশ অত্যাধিক অনুকূল নহয়, কাৰণ:

• উন্নত দেশসমূহত সূতৰ হাৰ কভিড বছৰৰ সময়ৰ আৰু আগৰ হাৰতকৈ বহু বেছি

• উদীয়মান অৰ্থনীতিসমূহে উন্নত অৰ্থনীতিত সক্ৰিয় ঔদ্যোগিক নীতিৰ সৈতে প্ৰতিযোগিতা কৰিব লাগিব য'ত যথেষ্ট ৰাজসাহায্য অন্তৰ্ভুক্ত আছে যি ঘৰুৱা বিনিয়োগক উৎসাহিত কৰে।

• মূল্য, কৰ, আমদানি শুল্ক আৰু কৰ বিহীন নীতি স্থানান্তৰ সম্পৰ্কীয় অনিশ্চয়তা আৰু ব্যাখ্যাবোৰ সমাধান কৰিবলৈ বাকী আছে।

• বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক অনিশ্চয়তাই মূলধনৰ প্ৰবাহৰ ওপৰত এক ডাঙৰ প্ৰভাৱ পেলাব।

নিযুক্তিৰ ওপৰত অনাহুত জোকাৰণিৰ প্ৰভাৱ

নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ‘পৰ্যাবৃত্ত শ্ৰমিক বাহিনী জৰীপ’-ৰ উদ্ধৃতি দি সমীক্ষাটোত উল্লেখ কৰা হৈছে যে কৃষি নিযুক্তিৰ বৃদ্ধি আংশিকভাৱে বিপৰীত প্ৰব্ৰজন আৰু গ্ৰাম্য ভাৰতত শ্ৰমিক বাহিনীত মহিলাৰ প্ৰৱেশৰ দ্বাৰা ব্যাখ্যা কৰা হয়।

আৰু উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ উদ্ধৃতি দি সমীক্ষাটোত উল্লেখ কৰা হৈছে যে ২০১৩-১৪ আৰু ২০২১-২২ বৰ্ষৰ ভিতৰত কাৰখানাৰ মুঠ চাকৰিৰ সংখ্যা বাৰ্ষিক ৩.৬% হাৰে বৃদ্ধি পাইছে, আৰু সৰু কাৰখানা(যিবোৰত এশৰো কম শ্ৰমিক আছে)বোৰতকৈ এশৰো অধিক শ্ৰমিক নিয়োগ কৰা কাৰখানাবোৰত সেই সংখ্যা ৪.০% হাৰেৰে দ্ৰুতগতিত বৃদ্ধি পাইছে। পৰম সংখ্যাত সমীক্ষাটোত কোৱা হৈছে যে এই সময়ছোৱাত ভাৰতীয় কাৰখানাসমূহত নিযুক্তি ১.০৪ কোটিৰ পৰা ১.৩৬ কোটিলৈ বৃদ্ধি হৈছে।

ভাৰতত অ-নিগমিত অনা-কৃষি উদ্যোগ(নিৰ্মাণৰ বাহিৰে)ৰ মুখ্য সূচক এনএছএছ ৭৩ সংখ্যক খেপৰ ফলাফলৰ তুলনাত ২০২২-২৩ বৰ্ষৰ বাবে অনিগমিত উদ্যোগ(Unincorporated Enterprises)ৰ বাৰ্ষিক জৰীপৰ উদ্ধৃতি দি জৰীপটোৱে লক্ষ্য কৰে যে এই উদ্যোগবোৰত সামগ্ৰিক নিযুক্তি ২০১৫-১৬ বৰ্ষত ১১.১ কোটিৰ পৰা ১০.৯৬ কোটিলৈ হ্ৰাস পাইছে। উৎপাদনক্ষেত্ৰত ৫৪ লাখ শ্ৰমিক হ্ৰাস পাইছিল কিন্তু চাকৰি লাভ কৰা বাণিজ্য আৰু সেৱাৰ কৰ্মবাহিনীৰ সম্প্ৰসাৰণে এই দুটা সময়ৰ ভিতৰত অনিগমিত উদ্যোগসমূহত শ্ৰমিকৰ সংখ্যা সামগ্ৰিকভাৱে হ্ৰাস কৰি প্ৰায় ১৬.৪৫ লাখলৈ সীমিত কৰিছিল। এই তুলনাত উৎপাদন খণ্ডৰ নিয়োগত এটা ডাঙৰ উথ্থান দেখিবলৈ পোৱা গৈছিল, যিটো ২০২১-২২ বৰ্ষ (এপ্ৰিল ২০২১ ৰ পৰা মাৰ্চ ২০২২)ৰ আৰু ২০২২-২৩ (অক্টোবৰ ২০২২ ৰ পৰা ছেপ্টেম্বৰ ২০২৩)ৰ মাজত হোৱা যেন লাগিছে বুলি জৰীপটোত যুক্তি দাঙি ধৰা হৈছে।

 

উচ্চ কৰ্পোৰেট ঋণগ্ৰস্ততাৰ সৈতে বেঙ্কিং খণ্ডৰ নন-পাৰফৰ্মিং এছেটছ (এনপিএ), আৰু কভিড-১৯ মহামাৰী-ৰ দৰে ক্ৰমাগতভাবে দুটা ডাঙৰ অৰ্থনৈতিক আঘাতৰ সমীক্ষা কৰি জৰীপটোৱে লক্ষ্য কৰিছে যে ২০৪৭ চনত বিকশিত ভাৰত অভিমুখে আৰম্ভ কৰা ভাৰতৰ যাত্ৰাৰ গোলকীয় পটভূমি ১৯৮০ আৰু ২০১৫ চনৰ ভিতৰত চীনৰ উত্থানৰ সময়ত হোৱাতকৈ অধিক পৃথক হ'ব নোৱাৰে।

সমীক্ষাটোত উল্লেখ কৰা হৈছে যে আধুনিক পৃথিৱীত বিশ্বায়নমুক্ত, ভূ-ৰাজনীতি, জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি, আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ আগমনে নিম্ন, অৰ্ধ-উচ্চ আৰু উচ্চ দক্ষতাৰ সকলো স্তৰৰ শ্ৰমিকসকলৰ ওপৰত পেলাব পৰা ইয়াৰ প্ৰভাৱে ভাৰতৰ বাবে এক বৃহৎ অনিশ্চয়তাৰ সৃষ্টি কৰিব। এইবোৰ কাৰকে অনাগত বছৰ আৰু দশকবোৰত ভাৰতৰ বাবে উচ্চ বিকাশৰ হাৰ বৰ্তাই ৰখাত বাধা আৰু সমস্যাৰ সৃষ্টি কৰিব। জৰীপটোত কোৱা হৈছে যে এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ এক মহাজোটৰ প্ৰয়োজন হব।

নিযুক্তি সৃষ্টি: ব্যক্তিগত খণ্ডৰ বাবে প্ৰকৃত আধাৰ-ৰেখা

সমীক্ষাটোৱে ভাৰতীয়সকলৰ উচ্চ আৰু বৰ্ধিত আকাংক্ষা পূৰণ কৰিবলৈ আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতলৈ যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে ব্যক্তিগত খণ্ড, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত এক ত্ৰিপাক্ষিক সংহতিৰ সমৰ্থন কৰিছে, কিয়নো নিয়োগ সৃষ্টি মুখ্যতঃ ব্যক্তিগত খণ্ডত ঘটে, আৰু অৰ্থনৈতিক বিকাশ, নিয়োগ সৃষ্টি আৰু উৎপাদনশীলতা প্ৰভাৱিত কৰা বহুতো বিষয় আৰু তাত গ্ৰহণ কৰিব লগা পদক্ষেপবোৰ ৰাজ্য চৰকাৰৰ আওতাত থাকে।

৩৩,০০০ৰো অধিক কোম্পানীৰ নমুনাৰ ফলাফল উল্লেখ কৰি সমীক্ষাটোত কোৱা হৈছে যে বিত্তীয় বৰ্ষ ২০ আৰু বিত্তীয় বৰ্ষ ২৩-ৰ মাজৰ তিনিটা বছৰত ভাৰতীয় কৰ্পোৰেট খণ্ডৰ কৰৰ আগৰ লাভ প্ৰায় চাৰিগুণে বৃদ্ধি পাইছে আৰু সেয়েহে বিত্তীয় প্ৰদৰ্শনৰ ক্ষেত্ৰত পদক্ষেপটো ব্যক্তিগত খণ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে।

ভাৰতীয় কৰ্পোৰেট খণ্ডৰ আলোকিত স্বাৰ্থ, অতিৰিক্ত লাভত সাঁতুৰিবলৈকে নিয়োগ সৃষ্টিৰ দায়িত্ব গুৰুত্বসহকাৰে লোৱাৰ লগতে সঠিক মনোভাৱ আৰু দক্ষতা থকা লোক বিচাৰি উলিওৱাৰ পক্ষত যুক্তি দাঙি ধৰা হৈছে সমীক্ষাটোত।

ব্যক্তিগত খণ্ড, চৰকাৰ আৰু বৌদ্ধিক জগতৰ মাজত সংহতি

সমীক্ষাটোত চৰকাৰ, ব্যক্তিগত খণ্ড আৰু শিক্ষাৰ মাজত আন এক ত্ৰিপাক্ষিক সংহতিৰ ধাৰণাও অন্বেষণ কৰা হৈছে। এই সংহতিটো হ'ল ভাৰতীয়সকলক প্ৰযুক্তিগত বিৱৰ্তনৰ সৈতে জড়িত হ'বলৈ আৰু আগুৱাই যাবলৈ দক্ষতা বৰ্দ্ধন আৰু সজ্জিত কৰাৰ অভিযানটো পুনৰ আৰম্ভ কৰা। এই অভিযানত সফল হ'বলৈ চৰকাৰে সেই বিশাল কামটোত তেওঁলোকৰ নিজ নিজ ভূমিকা পালন কৰিবলৈ উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানমূহক বন্ধনমুক্ত কৰিব লাগিব।

কৰ্পোৰেটৰ প্ৰকৃত সামাজিক দায়বদ্ধতা

সমীক্ষাটোৱে দীৰ্ঘম্যাদী বিনিয়োগৰ সংস্কৃতি প্ৰতিপালন কৰাৰ লগতে ইয়াক বাহাল ৰাখি কৰ্পোৰেট খণ্ডৰ বাবে এক বৃহত্তৰ ভূমিকাৰো পোষকতা কৰিছে। দ্বিতীয়তে, যিদৰে কৰ্পোৰেটৰ লাভ বৃদ্ধি পাইছে, ভাৰতীয় বেংকসমূহৰ মুঠ সূতৰ সীমাও বহু বছৰৰ সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি পাইছে। এইটো এটা ভাল কথা। লাভ অৰ্জন কৰা বেঙ্কসমূহে অধিক ঋণ দিয়ে।

ভাল সময়বোৰ বৰ্তাই ৰাখিবলৈ সমীক্ষাটোত উল্লেখ কৰা হৈছে যে যোৱা বিত্তীয় চক্ৰৰ মন্দাৱস্থাৰ পাঠবোৰ পাহৰি নোযোৱাটো হব গুৰুত্বপূৰ্ণ। বেংকিং উদ্যোগটোৱে দুটা এনপিএ চক্ৰৰ মাজৰ ব্যৱধান দীঘল কৰাৰ লক্ষ্য গ্ৰহণ কৰিব লাগিব। সমীক্ষাটোৱে আৰু উল্লেখ কৰিছে যে নিযুক্তি আৰু উপাৰ্জন বৃদ্ধিৰ দ্বাৰা উৎপন্ন হোৱা উচ্চ চাহিদাৰ পৰা কৰ্পোৰেটখণ্ড লাভান্বিত হয়। বিত্তীয় খণ্ডই বিনিয়োগৰ উদ্দেশ্যে ঘৰুৱা সঞ্চয় বঢ়োৱাৰ পৰা লাভান্বিত হয়। সমীক্ষাটোত কোৱা হৈছে যে আগন্তুক দশকবোৰত আন্তঃগাঁথনি আৰু শক্তি পৰিৱৰ্তন বিনিয়োগৰ মোকাবিলা কৰিবলৈ এই সংযোগবোৰ শক্তিশালী হ'ব লাগিব আৰু দীঘলীয়া সময় ধৰি চলা থাকিব লাগিব।

সমীক্ষাটোত ভাৰতৰ কৰ্মক্ষম বয়সৰ লোকসকলক লাভজনক ভাৱে নিযুক্তি দিয়াৰ বিষয়েও কোৱা হৈছে, যাৰ বাবে তেওঁলোকক দক্ষতা আৰু সুস্বাস্থ্যৰ প্ৰয়োজন। সমীক্ষাটোত কোৱা হৈছে যে সামাজিক মাধ্যম, স্ক্ৰীন টাইম, গতিৰহিত কৰ্ম-অভ্যাস, আৰু অস্বাস্থ্যকৰ খাদ্য হৈছে এক মাৰাত্মক মিশ্ৰণ যি জনস্বাস্থ্য আৰু উৎপাদনশীলতা হ্ৰাস কৰিব পাৰে আৰু ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

সমীক্ষাটোৱে ভাৰতৰ পৰম্পৰাগত জীৱনশৈলী, খাদ্য আৰু ৰন্ধনশৈলীৰ পক্ষত যুক্তি দাঙি ধৰিছে, যিটো শৈলীয়ে কেনেদৰে স্বাস্থ্যকৰভাৱে আৰু প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে শতিকা ধৰি সামঞ্জস্য ৰাখি বসবাস কৰিব লাগে সেই কথা দেখুৱাই আহিছে। ভাৰতীয় ব্যৱসায়ীসকলে তেওঁলোকক শিকা আৰু আঁকোৱালি লোৱাটোৱে বাণিজ্যিক অৰ্থ বহন কৰে, কিয়নো তেওঁলোকৰ এক গোলকীয় বজাৰ আছে যিয়ে কেৱল সুবিধা গ্ৰহণেই নহয় বৰঞ্চ নেতৃত্ব দিয়াৰ বাবে অপেক্ষা কৰি আছে।

জৰীপটোৱে এইটোও যুক্তি দিয়ে যে নিৰ্বাচিত বা নিযুক্ত নীতি নিৰ্ধাৰকসকলেও প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগিব। মন্ত্ৰালয়, ৰাজ্য তথা কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বাৰ্তালাপ, সহযোগিতা, সহভাগিতা আৰু সমন্বয় থাকিব লাগিব। এই প্ৰত্যাহ্বানটো কৰাতকৈ সহজ বুলি উল্লেখ কৰি আৰু এই টোকাত আগতে কৰা হোৱা নাই, সময়সীমাত নহয় আৰু এক অশান্ত গোলকীয় পৰিৱেশৰ মাজত নহয়, এই প্ৰচেষ্টাত সফল হ'বলৈ চৰকাৰ, ব্যৱসায় আৰু সামাজিক খণ্ডসমূহৰ মাজত সহমত গঢ়ি তোলা আৰু ইয়াক অব্যাহত ৰখাটো প্ৰয়োজনীয় বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে।

কৃষি এক বিকাশ ইঞ্জিন'ব পাৰে যদি...

সমীক্ষাটোৱে বিদ্যমান আৰু নতুন নীতিসমূহৰ কিছু পুনৰ-অভিমুখীকৰণৰ সৈতে কৃষি খণ্ডটোক উন্নতসেৱা আগবঢ়োৱাৰ পোষকতা কৰিছে আৰু ইয়াক সমগ্ৰ ভাৰত জুৰি কৰিবলগীয়া আলোচনাৰ এক প্ৰয়োজনীয় ক্ষেত্ৰ বুলি উল্লেখ কৰা হৈছে। সমীক্ষাটোত কোৱা হৈছে যে যদি ভাৰতে কৃষি খণ্ডৰ নীতিবোৰ কঠোৰ কৰি তোলে তেন্তে পৰিশোধ অপৰিসীম হ'ব। সমীক্ষাটোত কোৱা হৈছে, আন যিকোনো বস্তুতকৈ, ই আৰ্থ-সামাজিক লাভালাভ প্ৰদান কৰাৰ উপৰিও ৰাষ্ট্ৰক এক উন্নত ভৱিষ্যতলৈ লৈ যোৱাৰ বাবে ৰাজ্যসমূহৰ আত্মবিশ্বাস আৰু সামৰ্থ্যৰ ওপৰত আস্থা ঘূৰাই আনিব।

প্ৰযুক্তিগত উন্নতি আৰু ভূ-ৰাজনীতিয়ে পৰম্পৰাগত জ্ঞানক প্ৰত্যাহ্বান জনাইছে। বাণিজ্য সুৰক্ষাবাদ, সম্পদ-হৰলুকি, অতিৰিক্ত সামৰ্থ্য আৰু বিচ্ছিন্নকৰণ, উৎপাদনৰ আভ্যন্তৰীণ প্ৰবাহ আৰু এআই-ৰ আগমনে দেশবোৰৰ উৎপাদন আৰু সেৱাৰ পৰা বিকাশৰ সুযোগ হ্ৰাস কৰিছে।

সমীক্ষাটোৱে কৃষি পদ্ধতি আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত মূললৈ ঘূৰি অহাৰ বাবে আহ্বান জনাইছে, কৃষিৰ পৰা উচ্চ মূল্য সংযোজন সৃষ্টি কৰিব পাৰে, কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব পাৰে আৰু ভাৰতৰ নগৰীয়া যুৱক-যুৱতীসকলৰ বাবে কৃষি খণ্ডক ফেশ্বনেবল আৰু উৎপাদনশীল কৰি তুলিব পাৰে। এই সমাধানটো ভাৰতৰ শক্তিৰ উৎস আৰু বিকাশশীল আৰু বিকশিত বিশ্বৰ বাবে এক আৰ্হি হ'ব পাৰে।

সফল শক্তি পৰিৱৰ্তন হৈছে এক সমলয়

অন্যান্য প্ৰাথমিকতাসমূহ, যেনে- শক্তি পৰিৱৰ্তন আৰু গতিশীলতা, কৃষি খণ্ডৰ নীতিবোৰ সঠিক কৰাৰ জটিলতাৰ তুলনাত নিষ্প্ৰভ হ'ব পাৰে। তথাপিও, ইয়াৰ সৈতে তেওঁলোকৰ এটা কথাত মিল আছে।

শক্তি পৰিৱৰ্তন আৰু গতিশীলতা খণ্ডত, সমীক্ষাটোত কোৱা হৈছে যে তেওঁলোকক কেবাটাও মন্ত্ৰালয় আৰু ৰাজ্যত বহুতো বস্তু একত্ৰিত কৰাৰ প্ৰয়োজন আৰু এই খণ্ডত নিম্নোল্লিখিত ক্ষেত্ৰবোৰত মনোযোগ দিয়াৰ প্ৰয়োজন আছে:

 

ক. শত্ৰু ৰাষ্ট্ৰসমূহৰ ওপৰত সম্পদ নিৰ্ভৰশীলতা;

খ. প্ৰযুক্তিগত প্ৰত্যাহ্বান যেনে বিদ্যুৎ উৎপাদনৰ অন্তৰ্নিহিততা, নৱীকৰণযোগ্য শক্তিৰ উৎস আৰু বেটাৰী সংৰক্ষণৰ পৰা উৎপাদন বৃদ্ধি আৰু হ্ৰাসৰ মাজত গ্ৰিডৰ স্থিৰতা নিশ্চিত কৰা

গ. ভূমি-দুৰ্লভ দেশ এখনত ভূমি আবদ্ধ ৰখাৰ সুযোগ ব্যয়ৰ স্বীকৃতি;

ঘ. নৱীকৰণযোগ্য শক্তি উৎপাদনত ৰাজসাহায্য দিয়াৰ বাবে অতিৰিক্ত ব্যয় আৰু ই-গতিশীলতা সমাধান, জীৱাশ্ম ইন্ধনৰ বিক্ৰী আৰু পৰিবহনৰ পৰা বৰ্তমানৰ পৰা প্ৰাপ্ত কৰ আৰু মালবাহী ৰাজহৰ ক্ষতি দুয়োটা অন্তৰ্ভুক্ত থকা বিত্তীয় প্ৰভাৱ;

অৰ্থাৎ তথাকথিত 'আৱদ্ধ সম্পদ'ৰ পৰা বেঙ্ক বেলেন্স শ্বীটৰ ক্ষতি আৰু

চ. ৰাজহুৱা পৰিবহন আৰ্হি আৰু অধিকৰৰ দৰে বৈকল্পিক গতিশীলতা সমাধানৰ গুণাগুণৰ পৰীক্ষা।

সমীক্ষাটোৱে আন ৰাষ্ট্ৰসমূহক অনুকৰণ কৰাৰ পৰিৱৰ্তে মূল নীতি আৰু পদ্ধতি প্ৰস্তুত কৰাৰ পক্ষত যুক্তি দাঙি ধৰিছে, কিয়নো সেয়া অসম্ভৱ বা আকাংক্ষিত নহ'ব পাৰে।

ক্ষুদ্ৰ উদ্যোগলৈ অধিক সকাহ

সমীক্ষাটোৱে ক্ষুদ্ৰ উদ্যোগসমূহক তেওঁলোকে সন্মুখীন হোৱা অনুপালনৰ বোজাৰ পৰা সৰ্বাধিক সকাহ দিয়াৰ বাবেও যুক্তি দিছে। আইন, বিধি আৰু নিয়মাৱলীয়ে তেওঁলোকৰ বিত্তীয়কৰণ, সামৰ্থ্য আৰু পৰিসৰ সংকোচিত কৰে, সম্ভৱতঃ তেওঁলোকৰ বিকাশৰ ইচ্ছা লুণ্ঠিত কৰে।

মুক্ত কৰাটো হৈছে সুশাসনৰ অংশ

সাম্ভাব্য প্ৰত্যাহ্বানসমূহৰ বিষয়ে চিন্তা কৰি থাকোতে, সমীক্ষাটোৱে উল্লেখ কৰিছে যে কাৰোবাক হতোত্সাহিত  কৰা উচিত নহয়, কিয়নো গণতান্ত্ৰিক ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন হৈছে এক উল্লেখযোগ্য সফলতাৰ কাহিনী। ভাৰতে বহুদূৰ আগবাঢ়িছে। অৰ্থনীতি বিত্তীয় বৰ্ষ ৯৩-ৰ ২৮৮ বিলিয়নৰ পৰা বিত্তীয় বৰ্ষ ২৩-ত ৩.৬ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে আৰু ভাৰতে অন্যান্য তুলনামূলক ৰাষ্ট্ৰসমূহতকৈ প্ৰতি ডলাৰ ঋণ বিপৰীতে অধিক আহৰণ কৰিছে।

সমীক্ষাটোৱে ভাৰতীয় ৰাজ্যসমূহক ইয়াৰ সামৰ্থ্যক বাধা মুক্ত কৰিবলৈ আৰু ক্ষেত্ৰসমূহত গুৰুত্ব দিয়াৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে যুক্তি দৰ্শাইছে আৰু য'ত ই এনে কৰাৰ প্ৰয়োজন নাই তেনেবোৰ ক্ষেত্ৰত ইয়াৰ খামোচ এৰি দিয়াৰ পোষকতা কৰিছে। চৰকাৰৰ সকলো পৰ্যায়ৰ ব্যৱসায়ৰ ওপৰত আৰোপ কৰি থকা অনুজ্ঞাপত্ৰ, পৰিদৰ্শন আৰু অনুপালনৰ প্ৰয়োজনীয়তাবোৰ এক কঠিন বোজা। সমীক্ষাটোত উল্লেখ কৰা হৈছে যে ইতিহাসৰ তুলনাত এই বোজা পাতল হৈছে। অৱশ্যে, তুলনামূলক ভাবে ই এতিয়াও যথেষ্ট গধুৰ হৈয়ে আছে। এই বোজাটো বহন কৰিবলৈ যাওতে আটাইতকৈ কম সাধন থকা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ লোকসকলে অধিক তীব্ৰভাৱে অনুভৱ কৰে। সমীক্ষাটোত ঈছোপানিষদৰ উদ্ধৃতি দিয়া হৈছে যিয়ে আমাৰ সকলোকে আমাৰ সম্পত্তি এৰি দিবলৈ(ত্যাগ) কৰিবলৈ, মুক্ত হ'বলৈ আৰু সেই স্বাধীনতা উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে:

 

ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥

ক্ষমতা হৈছে চৰকাৰৰ এক মূল্যৱান অধিকাৰ। তেওঁলোকে কমেও ইয়াৰ কিছু অংশ এৰি দিব পাৰে আৰু শাসন আৰু শাসিত দুয়োটা ক্ষেত্ৰতে সৃষ্টি কৰা শিথিলতা উপভোগ কৰিব পাৰে।

****

NB/KMN/KB


(Release ID: 2041471) Visitor Counter : 69