পোষ্ট কৰা হৈছে:
02 AUG 2024 2:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিঙ্গলী ভেংকায়াৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দেশবাসীক ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত তেওঁ কৰা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে নাগৰিকসকলক ৯ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত ত্ৰিৰংগা উত্তোলন কৰি আৰু harghartiranga.com ত চেলফি শ্বেয়াৰ কৰি হৰ ঘৰ তিৰঙ্গা আন্দোলনক সমৰ্থন কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"পিঙ্গলী ভেঙ্কায়াজীৰ জয়ন্তীত তেওঁক স্মৰণ কৰিছো। আমাক ত্ৰিৰংগা দিয়াৰ তেওঁৰ প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।
হৰ ঘৰ তিৰঙ্গা আন্দোলনক সমৰ্থন কৰক আৰু ৯ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত ত্ৰিৰংগা উত্তোলন কৰক! harghartiranga.com আপোনাৰ চেলফি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব"
***
DS/TS/MK/ID