প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অসমৰ চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে
পোষ্ট কৰা হৈছে:
26 JUL 2024 2:50PM by PIB Guwahati
অসমৰ চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়।
শ্ৰী মোদীয়ে লগতে কয়, চৰাইদেউৰ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰে।
ইউনেস্কো বিশ্ব ঐতিহ্য তালিকা সন্দৰ্ভত ইউনেস্কোৰ পূৰ্বে উল্লেখিত ’এক্স’ৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“ভাৰতৰ বাবে এক অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়!
চৰাইদেউৰ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰে। মই আশা কৰোঁ মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে অধিক লোকে জানিব পাৰিব।
মৈদামবোৰ #WorldHeritage তালিকাত অন্তৰ্ভুক্ত হোৱাত আনন্দিত হৈছো।”
***
DS/ST/KD
(ৰিলিজ আই ডি : 2037460)
অতিথি কক্ষ : 93
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam