বিত্ত মন্ত্ৰালয়
চৰকাৰে নতুন কৰ ব্যৱস্থাক অধিক আকৰ্ষণীয় কৰি তুলিছে
মানক কৰ্তনৰ সীমা ৫০,০০০ ৰ পৰা ৭৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে
বেতনভোগী কৰ্মচাৰীয়ে ১৭,৫০০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব
Posted On:
23 JUL 2024 1:14PM by PIB Guwahati
বেতনভোগী ব্যক্তি আৰু পেঞ্চনাৰসকলক কৰ ৰেহাই প্ৰদান কৰিব পৰাকৈ নতুন কৰ ব্যৱস্থাৰ বাবে বাছনি কৰা কেবাটাও আকৰ্ষণীয় লাভ সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত ঘোষণা কৰে।
বিত্ত মন্ত্ৰীয়ে বেতনভোগী কৰ্মচাৰীসকলৰ বাবে মানক কৰ্তনৰ সীমা ৫০,০০০ টকাৰ পৰা ৭৫,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। তদুপৰি, নতুন কৰ ব্যৱস্থাৰ অধীনত পেঞ্চনাৰসকলৰ বাবে পাৰিবাৰিক পেঞ্চনৰ ক্ষেত্ৰত কৰ্তনৰ সীমা ১৫,০০০টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ই প্ৰায় চাৰি কোটি বেতনভোগী ব্যক্তি আৰু পেঞ্চনাৰক সকাহ প্ৰদান কৰিব।
শ্ৰীমতী সীতাৰমণে নতুন কৰ ব্যৱস্থাত কৰ হাৰৰ গাঁথনি নিম্নোল্লিখিত ধৰণে সংশোধন কৰাৰ প্ৰস্তাৱ দিছে:
এই পৰিৱৰ্তনসমূহৰ ফলস্বৰূপে নতুন কৰ ব্যৱস্থাত একোগৰাকী বেতনভোগী কৰ্মচাৰীয়ে আয়কৰত বাৰ্ষিক ১৭,৫০০টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব।
******
NB/KSY/ST/RK/AS/KB
(Release ID: 2037001)
Visitor Counter : 42
Read this release in:
English
,
Urdu
,
Hindi
,
Hindi_MP
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam