বিত্ত মন্ত্ৰালয়

২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটৰ মুখ্য প্ৰসংগসমূহ

Posted On: 23 JUL 2024 1:17PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে। বাজেটৰ মুখ্য প্ৰসংগসমূহ নিম্নল্লিখিত ধৰণৰ:

অংশ-ক

বাজেট প্ৰাককলন ২০২৪-২৫:

  • ঋণৰ বাহিৰে মুঠ সংগ্ৰহ: ৩২.০৭ লাখ কোটি।
  • মুঠ ব্যয়: '৪৮.২১ লাখ কোটি।
  • মুঠ কৰ সংগ্ৰহ: '২৫.৮৩ লাখ কোটি।
  • বিত্তীয় ঘাটি: জিডিপিৰ ৪.৯ শতাংশ।
  •  
  • চৰকাৰে অহাটো বছৰত ঘাটিৰ হাৰ ৪.৫ শতাংশৰ তললৈ নিয়াৰ লক্ষ্য গ্ৰহণ কৰিছে।
  • মুদ্ৰাস্ফীতি নিম্ন, স্থিৰ হৈ থকাৰ লগতে ৪% লক্ষ্যৰ দিশে আগবাঢ়ি আছে; মূল মুদ্ৰাস্ফীতি হাৰ হছে(অনা-খাদ্য, অনা-ইন্ধন) ৩.১%।
  • বাজেটত নিযুক্তি, দক্ষতা বৰ্দ্ধন, এমএছএমই আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

নিযুক্তি আৰু দক্ষতাৰ বাবে প্ৰধানমন্ত্ৰীৰ পাঁচটা আঁচনিৰ পেকেজ

  • ৫ বছৰৰ ভিতৰত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিযুক্তি, দক্ষতা বৰ্দ্ধন আৰু অন্যান্য সুযোগ সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীৰ ৫ টা আঁচনি আৰু পদক্ষেপৰ পেকেজ।
    1. আঁচনি ক- প্ৰথমবাৰৰ কৰ্মী: ইপিএফঅ'ত পঞ্জীয়ন কৰা অনুসৰি প্ৰথমবাৰৰ কৰ্মচাৰীসকলক ৩ টা কিস্তিত ১৫,০০০ লৈকে এক মাহৰ দৰমহা প্ৰদান কৰিব লাগিব।
    2. আঁচনি খ- উৎপাদনী খণ্ডত নিয়োগ সৃষ্টি: নিযুক্তিৰ প্ৰথম ৪ বছৰত তেওঁলোকৰ ইপিএফঅ' অৱদান সন্দৰ্ভত কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োৰে বাবে নিৰ্দিষ্ট পৰিমাণত পোনপটীয়াকৈ প্ৰেৰণা-ৰাশি প্ৰদান কৰিব লাগিব।
    3. আঁচনি গ- নিয়োগকৰ্তাসকললৈ সহযোগিতা: প্ৰতিগৰাকী অতিৰিক্ত কৰ্মচাৰীৰ বাবে নিয়োগকৰ্তাৰ ইপিএফঅ' অৱদানৰ বাবে ২ বছৰৰ বাবে প্ৰতি মাহে ৩,০০০ লৈকে পৰিশোধ কৰিব।
    4. দক্ষতা বৰ্দ্ধনৰ বাবে নতুন কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি
  • ২০ লাখ যুৱক-যুৱতীক ৫ বছৰৰ ভিতৰত দক্ষ কৰা হ'ব।
  • ১,০০০ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক কেন্দ্ৰ আৰু স্পোক ব্যৱস্থাত উন্নীত কৰা হ'ব।
    1. ৫ বছৰত ১ কোটি যুৱক-যুৱতীলৈ ৫০০টা শীৰ্ষ প্ৰতিষ্ঠানত ইণ্টাৰ্নশ্বিপ-ৰ বাবে নতুন আঁচনি

'বিকশিত ভাৰত'ৰ অনুসৰণ-যাত্ৰাত বাজেটত ৯টা প্ৰাথমিকতা:

  1. কৃষিখণ্ডত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা
  2. নিযুক্তি আৰু দক্ষতা
  3. মানৱ সম্পদৰ সামগ্ৰিক বিকাশ আৰু সামাজিক ন্যায়
  4. উৎপাদন আৰু সেৱাসমূহ
  5. নগৰ উন্নয়ন 
  6. শক্তি সুৰক্ষা
  7. আন্তঃগাঁথনি
  8. উদ্ভাৱন, গৱেষণা আৰু বিকাশ আৰু
  9. পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন

প্ৰাথমিকতা : কৃষিত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা

  • • কৃষি আৰু সহযোগী খণ্ডসমূহৰ বাবে '১.৫২ লাখ কোটি টকাৰ আৱণ্টন।
  • • কৃষকসকলৰ খেতিৰ বাবে ৩২টা ক্ষেত্ৰ আৰু উদ্যানশস্যৰ নতুন ১০৯টা উচ্চ-উৎপাদনশীল আৰু জলবায়ু-সহনশীল প্ৰকাৰ মুকলি কৰা হ'ব।
  • • সমগ্ৰ দেশৰ ১ কোটি কৃষকৰ জৰিয়তে অহা ২ বছৰত প্ৰমাণীকৰণ আৰু ব্ৰেণ্ডিং-ৰ সৈতে প্ৰাকৃতিক কৃষি আৰম্ভ কৰা হ'ব।
  • প্ৰাকৃতিক কৃষিৰ বাবে ১০,০০০ প্ৰয়োজনীয়তা-ভিত্তিক জৈৱ-নিৱেশ সম্পদ কেন্দ্ৰ স্থাপন কৰা হব।
  • • ৩ বছৰত কৃষক আৰু তেওঁলোকৰ ভূমিক সামৰি কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) কাৰ্যকৰী কৰা হ'ব।

প্ৰাথমিকতা : নিযুক্তি আৰু দক্ষতা বৰ্দ্ধন

  • ০  প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশ হিচাপে, 'নিয়োগ সংযোজিত উদগণি(এমপ্লয়মেণ্ট লিংকড ইনচেণ্টিভ)'ৰ বাবে ৩ খন আঁচনি ৰূপায়ণ কৰা হ'ব - আঁচনি ক - প্ৰথম বাৰৰ কৰ্মী; আঁচনি খ - উৎপাদনীখণ্ডত নিয়োগ সৃষ্টি;  আঁচনি গ - নিয়োগকৰ্তাসকললৈ সহযোগিতা।
  • ০   কৰ্মশক্তিত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা,
  • ০   ঔদ্যোগিক সহযোগিতাৰে কৰ্মৰত মহিলাৰ বাবে হোষ্টেল আৰু ক্ৰেছে স্থাপন কৰিব লাগিব
  • ০   মহিলাকেন্দ্ৰীক দক্ষতা বৰ্দ্ধন কাৰ্যসূচী আয়োজন কৰিব লাগিব
  • ০   মহিলা আত্ম সহায়ক গোটসমূহৰ উদ্যোগবোৰৰ বাবে বজাৰৰ প্ৰৱেশানুকূলতাক উত্সাহিত কৰা হ'ব
  •  

দক্ষতা বৰ্দ্ধন

  • ৫ বছৰৰ ভিতৰত ২০ লাখ যুৱক-যুৱতীৰ বাবে প্ৰধানমন্ত্ৰীৰ পেকেজৰ অধীনত দক্ষতা বৰ্দ্ধনৰ বাবে নতুন কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি।
  • ৭.৫ লাখ পৰ্যন্ত ঋণৰ সুবিধা হব পৰাকৈ আদৰ্শ দক্ষতা ঋণ আঁচনি-ৰ সংশোধন কৰা হ'ব
  • চৰকাৰী আঁচনি আৰু নীতিৰ অধীনত কোনো লাভালাভৰ বাবে যোগ্য নোহোৱা যুৱক-যুৱতীসকলক ঘৰুৱা প্ৰতিষ্ঠানসমূহত উচ্চ শিক্ষাৰ বাবে '১০ লাখ টকালৈকে ঋণৰ বাবে বিত্তীয় সমৰ্থন প্ৰদান কৰা হ'ব।

 

প্ৰাথমিকতা : মানৱ সম্পদৰ সামগ্ৰিক বিকাশ আৰু সামাজিক ন্যায়

পূৰ্বোদয়া

  • অমৃতসৰ-কলকাতা ঔদ্যোগিক কৰিডৰত গয়াত ঔদ্যোগিক ক্ষেত্ৰ বিকশিত কৰা হ'ব।
  • পিৰপেইণ্টিত নতুন ২৪০০ মেগাৱাট বিদ্যুৎ প্ৰকল্পকে ধৰি 21,400 কোটি টকা ব্যয়েৰে এলানি শক্তি প্ৰকল্প আৰম্ভ কৰা হ'ব।

অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইন

  •  চলিত বিত্তীয় বৰ্ষত বহুপাক্ষিক উন্নয়ন সংস্থা-ৰ জৰিয়তে ১৫,০০০ কোটি টকাৰ বিশেষ বিত্তীয় সহযোগিতা আগবঢ়োৱা হব।
  •  বিশাখাপত্তনম-চেন্নাই ঔদ্যোগিক কৰিডৰৰ কাষৰ কোপ্পাৰ্থিত আৰু হায়দৰাবাদ-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ সৈতে অৰ্ভাকালত ঔদ্যোগিক ক্ষেত্ৰ বিকশিত কৰা হব।
    •  

মহিলা নেতৃত্বাধীন বিকাশ

  • • মহিলা আৰু ছোৱালীসকলক লাভান্বিত কৰা আঁচনিসমূহৰ বাবে মুঠ ৩ লাখ কোটিতকৈয়ো অধিক পুঁজিৰ আৱণ্টন দিয়া হব।

প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান

  • জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁও আৰু উচ্চাকাংক্ষী জিলাসমূহত জনজাতীয় পৰিয়ালৰ আৰ্থ-সামাজিক বিকাশৰ দিহা কৰা হৈছে, যাৰ ভিতৰত আছে ৬৩,০০০খন গাঁও। ইয়াৰ ফলত ৫ কোটি জনজাতীয় লোক উপকৃত হৈছে।

উত্তৰ-পূব অঞ্চলত বেংকৰ শাখা

  • উত্তৰ-পূৰ্বাঞ্চলত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক-ৰ ১০০টা শাখা স্থাপন কৰা হ'ব।

প্ৰাথমিকতা 4: উৎপাদন আৰু সেৱা

উৎপাদন খণ্ডত এমএছএমই-খণ্ডৰ বাবে ক্ৰেডিট গেৰাণ্টি আঁচনি

  • • যন্ত্ৰপাতি আৰু সা-সঁজুলি ক্ৰয়ৰ বাবে এমএছএমই-ক ম্যাদী ঋণত জামানত বা তৃতীয় পক্ষৰ গেৰাণ্টী অবিহনেই নিশ্চিত ঋণ আঁচনি।

সংকটৰ কালত এমএছএমই-লৈ ঋণ সহযোগিতা

  • • এমএছএমইসমূহক তেওঁলোকৰ সংকটৰ সময়ত বেংক ঋণ অব্যাহত ৰখাৰ বাবে নতুন প্ৰণালী।

মুদ্ৰা ঋণ

  • • যিসকলে পূৰ্বৰ ঋণ সফলতাৰে পৰিশোধ কৰিছে তেওঁলোকৰ বাবে 'তৰুণ' শ্ৰেণীৰ অধীনত মুদ্ৰা ঋণৰ সীমা '১০ লাখৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হ'ব।

টিআৰইডিএছ-ত বাধ্যতামূলক অনবোৰ্ডিঙ-ৰ বাবে বৰ্ধিত সুযোগ

  • টিআৰইডিএছ প্লেটফৰ্মত বাধ্যতামূলক অনবৰ্ডিঙ-ৰ বাবে ক্ৰেতাৰ ব্যৱসায়িক সীমা '৫০০ কোটিৰ পৰা '২৫০ কোটি টকালৈ হ্ৰাস কৰা হ'ব।

খাদ্য বিকিৰণ, মান আৰু সুৰক্ষা পৰীক্ষাৰ বাবে এমএছএমই গোট

এমএছএমই খণ্ডত ৫০ টা মাল্টি-প্ৰডাক্ট খাদ্য বিকিৰণ গোট স্থাপন কৰিবলৈ বিত্তীয় সমৰ্থন আগবঢ়োৱা হব

 

ই-কমাৰ্চ এক্সপোৰ্ট হাব

এমএছএমই আৰু পৰম্পৰাগত শিল্পীসকলে আন্তৰ্জাতিক বজাৰত তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবে ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰিত্ব (পিপিপি) পদ্ধতিৰ অধীনত ই-কমাৰ্চ এক্সপোৰ্ট হাব স্থাপন কৰা হ'ব।

গুৰুত্বপূৰ্ণ খনিজ অভিযান

  • • ঘৰুৱা উৎপাদন, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ পুনৰ্ব্যৱহাৰ, আৰু গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ বিদেশী অধিগ্ৰহণৰ বাবে গুৰুত্বপূৰ্ণ খনিজ অভিযান-ৰ দিহা কৰা হ'ব।

খনিজ পদাৰ্থৰ অপ-উপকূলীয় খনন

  • • খননৰ বাবে অপ-উপকূলীয় ব্লকসমূহৰ প্ৰথম খণ্ডৰ নিলাম, ইতিমধ্যে সম্পন্ন কৰা অন্বেষণৰ ওপৰত নিৰ্মাণ সম্পন্ন কৰা হৈছে।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) এপ্লিকেশ্যনসমূহ

  • • ঋণ, ই-কমাৰ্চ, শিক্ষা, স্বাস্থ্য, আইন আৰু ন্যায়, লজিষ্টিক, এমএছএমই, সেৱা প্ৰদান, আৰু নগৰ শাসনৰ ক্ষেত্ৰত ডিপিআই এপ্লিকেশ্যনৰ বিকাশ কৰা হব।

প্ৰাথমিকতা : নগৰ উন্নয়ন

যাতায়াতী ভিত্তিক বিকাশ

৩০ লাখ জনসংখ্যাৰ ওপৰৰ ১৪ খন ডাঙৰ চহৰ ৰূপায়ণ আৰু বিত্তীয় যোগান ধৰাৰ বাবে যাতায়াতী ভিত্তিক উন্নয়ণ পৰিকল্পনা আৰু ৰণনীতি প্ৰস্তুত কৰা।

চহৰীয়া গৃহ নিৰ্মাণ

  • • প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ ২.০-ৰ অধীনত অহা ৫ বছৰত ১ কোটি নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে ২.২ লাখ কোটি টকাৰ কেন্দ্ৰীয় সাহায্যসহ ১০ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ।

পথৰ দাঁতিৰ বজাৰ

  • • নিৰ্বাচিত চহৰসমূহত পৰৱৰ্তী ৫ বছৰৰ বাবে প্ৰতি বছৰে ১০০ খন সাপ্তাহিক 'হাট' বা ষ্ট্ৰীট ফুড হাব-ৰ বিকাশত সহায় কৰিবলৈ নতুন আঁচনি।

প্ৰাথমিকতা : শক্তি সুৰক্ষা

শক্তি ৰূপান্তৰণ

  • নিযুক্তি, বিকাশ আৰু পাৰিপাৰ্শ্বিক স্থিৰতাৰ প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰখাৰ বাবে 'শক্তি ৰূপান্তৰণ পথ'ৰ সন্দৰ্ভত নীতি দস্তাবেজ।

পাম্পড ভড়াল পৰিযোজনা

  • • বিদ্যুৎ সংৰক্ষণৰ বাবে পাম্পড সংৰক্ষণ প্ৰকল্পৰ উত্সাহ প্ৰদানৰ বাবে নীতি প্ৰস্তুত কৰিব লাগিব।
  •  

সৰু আৰু মডুলাৰ পাৰমাণৱিক চুল্লি-ৰ গৱেষণা আৰু বিকাশ

  • • চৰকাৰে ভাৰত ক্ষুদ্ৰ মডুলাৰ চুল্লিৰ গৱেষণা তথা বিকাশ আৰু পাৰমাণৱিক শক্তিৰ বাবে নতুন প্ৰযুক্তিৰ বাবে ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰিত্ব ত্বৰান্বিত কৰিব আৰু ভাৰত ক্ষুদ্ৰ চুল্লি স্থাপন কৰিব।

উন্নত আল্ট্ৰা চুপাৰ ক্ৰিটিকেল থাৰ্মাল পাৱাৰ প্ৰকল্প

  • • এডভান্সড আল্ট্ৰা চুপাৰ ক্ৰিটিকেল (এইউএছচি) প্ৰযুক্তি ব্যৱহাৰ কৰি এনটিপিচি আৰু বিএইচইএল-ৰ মাজত ৮০০ মেগাৱাট উত্পাদনক্ষম বাণিজ্যিক প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

'হাৰ্ড টু এবেট' উদ্যোগৰ বাবে পথ-পৰিকল্পনা

  • • বৰ্তমানৰ 'পাৰফৰ্ম, এচিভ এণ্ড ট্ৰেড' মোডৰ পৰা 'ইণ্ডিয়ান কাৰ্বন মাৰ্কেট' মোডলৈ 'হাৰ্ড টু এবেট' উদ্যোগৰ পৰিৱৰ্তনৰ বাবে উপযুক্ত নিয়মাৱলী প্ৰস্তুত কৰা হ'ব।

প্ৰাথমিকতা : আন্তঃগাঁথনি

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আন্তঃগাঁথনি বিনিয়োগ

  • `মূলধনী ব্যয়ৰ বাবে ১১,১১,১১১ কোটি টকা (জিডিপিৰ ৩.৪%) প্ৰদান কৰা হ'ব।

ৰাজ্য চৰকাৰৰ দ্বাৰা আন্তঃগাঁথনি বিনিয়োগ

  • • আন্তঃগাঁথনি বিনিয়োগত ৰাজ্যসমূহক সমৰ্থন কৰিবলৈ দীৰ্ঘম্যাদী সূতমুক্ত ঋণৰ বাবে ১.৫ লাখ কোটি টকাৰ ব্যৱস্থা।
  •  

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)

  • • ২৫,০০০ গ্ৰাম্য বসতিস্থানলৈ সকলো বতৰীয়া সংযোগ প্ৰদান কৰাৰ বাবে পিএমজিএছৱাই-ৰ চতুৰ্থ পৰ্যায়ৰ শুভাৰম্ভ কৰা হব।
  •  

জলসিঞ্চন আৰু বান প্ৰশমন

  • • বিহাৰৰ কোচি-মেচি আন্তঃৰাজ্যিক সংযোগ আৰু অন্যান্য আঁচনিৰ দৰে প্ৰকল্পসমূহলৈ ১১,৫০০ কোটি টকাৰ বিত্তীয় সমৰ্থন প্ৰস্তাৱ।
  • • চৰকাৰে বান, ভূমিস্খলন আৰু অন্যান্য আনুষংগিক প্ৰকল্পৰ বাবে অসম, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমক সহায় আগবঢ়াব।

পৰ্যটন

  • • বিষ্ণুপদ মন্দিৰ কৰিডৰ, মহাবোধি মন্দিৰ কৰিডৰ আৰু ৰাজগীৰৰ ব্যাপক বিকাশ।
  • • মন্দিৰ, স্মাৰক, কাৰুশিল্প, বন্যপ্ৰাণী অভয়াৰণ্য, প্ৰাকৃতিক দৃশ্য আৰু উৰিষ্যাৰ প্ৰাচীন সমুদ্ৰতীৰৰ বিকাশৰ বাবে সহায় আগবঢ়োৱা হব।

প্ৰাথমিকতা : উদ্ভাৱন, গৱেষণা আৰু বিকাশ

  • • মৌলিক গৱেষণা আৰু প্ৰটোটাইপ বিকাশৰ বাবে অনুসান্ধন ৰাষ্ট্ৰীয় গৱেষণা পুঁজি কাৰ্যকৰী হ'ব।
  • • ব্যক্তিগত খণ্ড-চালিত গৱেষণা আৰু উদ্ভাৱনক বাণিজ্যিক স্তৰত উৎসাহিত কৰাৰ বাবে '১ লাখ কোটি টকাৰ বিত্তীয় নিধি গঠন কৰা হব।

মহাকাশ অৰ্থনীতি

  • • অহা ১০ বছৰত মহাকাশ অৰ্থনীতি ৫ গুণ বৃদ্ধি কৰাৰ বাবে ১,০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ড গঠন কৰা হ'ব।

প্ৰাথমিকতা ৯: পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ

গ্ৰাম্য ভূমি সম্পৰ্কীয় কাৰ্যকলাপ

  • সকলো ভূমিৰ বাবে ইউনিক লেণ্ড পাৰ্চেল চিনাক্তকৰণ নম্বৰ (ইউএলপিআইএন) বা ভূ-আধাৰ
  • ভূমি-তথ্যৰ ডিজিটাইজেশ্যন
  • বৰ্তমানৰ মালিকানা অনুসৰি মানচিত্ৰ উপ-বিভাগসমূহৰ জৰীপ
  • ভূমি পঞ্জীয়নব্যৱস্থাৰ স্থাপন
  • কৃষকৰ পঞ্জীয়নৰ সৈতে সংযোগ কৰাৰ দিহা

নগৰভূমি সম্পৰ্কীয় কাৰ্যকলাপ

  • • নগৰঅঞ্চলত ভূমিতথ্যৰ জিআইএছ মেপিং-ৰ দ্বাৰা ডিজিটাইজ কৰা হব।

শ্ৰমিকৰ সেৱাসমূহ

  • • একেটা স্থানতে সমাধানৰ সুবিধা আগবঢ়োৱাৰ বাবে অন্যান্য পৰ্টেলৰ সৈতে ই-শ্ৰম পৰ্টেল-ৰ একত্ৰীকৰণ।
  • • দ্ৰুত পৰিৱৰ্তনশীল শ্ৰমিক বজাৰ, দক্ষতাৰ প্ৰয়োজনীয়তা আৰু উপলব্ধ চাকৰিৰ ভূমিকাৰ বাবে স্থাপত্য ডাটাবেছ মুকলি কৰা হব।
  • • চাকৰি-প্ৰাৰ্থীসকলক সাম্ভাব্য নিয়োগকৰ্তা আৰু দক্ষতা প্ৰদানকাৰীৰ সৈতে সংযোগ কৰাৰ প্ৰণালীৰ ব্যৱস্থা।

এনপিএছ বাত্সল্য

  • নাবালকসকলৰ বাবে পিতৃ-মাতৃ আৰু অভিভাৱকৰ অৱদানৰে এনপিএছ-বাৎসল্যৰ পৰিকল্পনা কৰা হৈছে।

 

অংশ-খ

পৰোক্ষ কৰ

জিএছটি

  • জিএছটিৰ সফলতাত উচ্ছ্বসিত বাকীখণ্ডসমূহলৈ জিএছটি সম্প্ৰসাৰিত কৰাৰ বাবে কৰ গাঁথনি সৰল আৰু যুক্তিসঙ্গত কৰা হব।

খণ্ড নিৰ্দিষ্ট শুল্ক প্ৰস্তাৱ

ঔষধ আৰু চিকিৎসা সঁজুলি

 

  • ট্ৰাষ্টুজুমাব ডেৰুক্সটেকান, অচিমাৰ্টিনিব আৰু ডুৰভালুমাব নামৰ কৰ্কট ৰোগৰ তিনিটা ঔষধক কাষ্টম শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে।
  • পৰ্যায়ক্ৰমে নিৰ্মাণ কাৰ্যসূচীৰ অধীনত চিকিৎসা এক্স-ৰে মেচিনত ব্যৱহাৰৰ বাবে এক্স-ৰে টিউব আৰু ফ্লেট পেনেল ডিটেক্টৰ-ত মৌলিক শুল্ক (বিচিডি)ৰ পৰিৱৰ্তন কৰা হৈছে।

'বাইল ফোন আৰু সম্পৰ্কিত অংশসমূহ

  • মোবাইল ফোন, ম'বাইল প্ৰিণ্টেড চাৰ্কিট ব'ৰ্ড এচেম্বলী (পিচিবিএ) আৰু ম'বাইল চাৰ্জাৰত বিচিডি ১৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

মূল্যৱান ধাতু

  • সোণ আৰু ৰূপৰ ওপৰত শুল্ক ৬ শতাংশলৈ আৰু প্লেটিনামৰ ওপৰত শুল্ক ৬.৪ শতাংশলৈ হ্ৰাস পাইছে।

 

 

 অন্যান্য ধাতু

  • ফেৰো নিকেল আৰু ফোস্কা তামৰ বিচিডি আঁতৰোৱা হৈছে।
  • ফেৰছ স্ক্ৰেপ আৰু নিকেল কেথ'ডৰ বিচিডি আঁতৰোৱা হৈছে।
  • তামৰ স্ক্ৰেপৰ ওপৰত ২.৫ শতাংশ ৰেহাইমূলক বিচিডি ধাৰ্য কৰা হৈছে।

ইলেক্ট্ৰনিক্স

প্ৰতিৰোধক নিৰ্মাণৰ বাবে অক্সিজেনমুক্ত তামৰ ওপৰত চৰ্ত সাপেক্ষে বিচিডি আঁতৰোৱা হৈছে।

ৰাসায়নিক পদাৰ্থ আৰু পেট্ৰ'কেমিকেল

  • এমোনিয়াম নাইট্ৰেটৰ ওপৰত বিচিডি ৭.৫ ৰ পৰা ১০ শতাংশলৈ বৃদ্ধি পাইছে।

প্লাষ্টিক

  • পিভিচি ফ্লেক্স বেনাৰৰ ওপৰত বিচিডি ১০ ৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে।

 

দূৰসংযোগ সা-সঁজুলি

  • নিৰ্দিষ্ট কেতবোৰ টেলিকম সঁজুলিৰ পিচিবিএ-ত বিচিডি ১০ ৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি পাইছে।

বাণিজ্য সুবিধা

  • ঘৰুৱা বিমান আৰু নাও আৰু জাহাজ এমআৰঅ-ৰ প্ৰচাৰৰ বাবে, মেৰামতিৰ বাবে আমদানি কৰা সামগ্ৰীৰ ৰপ্তানিৰ সময়সীমা ছমাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰা হৈছে।
  • ৱাৰেণ্টীৰ অধীনত মেৰামতিৰ বাবে সামগ্ৰী পুনৰ আমদানি কৰাৰ বাবে সময়-সীমা তিনিৰ পৰা পাঁচ বছৰলৈ বৃদ্ধি কৰা হৈছে।

গুৰুত্বপূৰ্ণ খনিজ

  • ২৫ টা গুৰুত্বপূৰ্ণ খনিজক শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে।
  • দুটা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ওপৰত আৰোপিত বিচিডি হ্ৰাস কৰা হৈছে।

সৌৰ শক্তি

  • সৌৰ কোষ আৰু পেনেল নিৰ্মাণত ব্যৱহাৰৰ বাবে মূলধনী সামগ্ৰীসমূহক শুল্কৰ পৰা ৰেহাই দিয়া হৈছে।

 

সামুদ্ৰিক সামগ্ৰী

  • কিছুমান ব্ৰুডষ্টক, পলিচাইট কীট, মিছা মাছ আৰু মাছৰ খাদ্যৰ ওপৰত আৰোপিতবিচিডি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।
  • মিছামাছ আৰু মাছৰ খাদ্য প্ৰস্তুতৰ বাবে লগা বিভিন্ন দ্ৰব্য শুল্কৰ পৰা ৰেহাই দিয়া হৈছে।

 

চামৰা আৰু বস্ত্ৰ

  • হাঁহ বা ৰাজহাঁহৰ পৰা আহৰিত ৰিয়েল ডাউন ফিলিং সামগ্ৰীত বিচিডি হ্ৰাস কৰা হৈছে।
  • স্পেণ্ডেক্স সূতা প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত মিথাইলিন ডিফেনাইল ডাইচ'চাইনেট (এমডিআই)ৰ ওপৰত চৰ্ত সাপেক্ষে বিচিডি হ্ৰাস কৰা হৈছে।

প্ৰত্যক্ষ কৰ

  • কৰ সৰল কৰা, কৰ দাতা সেৱা উন্নত কৰা, কৰ নিশ্চিয়তা প্ৰদান কৰা আৰু মোকৰ্দমা অব্যাহত ৰখা পৰিমাণ হ্ৰাস কৰাৰ প্ৰচেষ্টা।
  • চৰকাৰৰ উন্নয়ন আৰু কল্যাণমূলক আঁচনিৰ বাবে পুঁজি যোগানৰ বাবে ৰাজহ বৃদ্ধি কৰাৰ দিহা।
  • বিত্তীয় বৰ্ষ ২৩-ত সৰলীকৃত কৰ ব্যৱস্থাৰ পৰা ৫৮ শতাংশ কৰ্পোৰেট কৰ বিত্তীয় বৰ্ষ-২৪ ত দুই-তৃতীয়াংশতকৈয়ো অধিক কৰদাতাই ব্যক্তিগত আয়কৰৰ বাবে সৰলীকৃত কৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

 

দাতব্য সংস্থা আৰু টিডিএছ-ৰ বাবে সৰলীকৰণ

  • দাতব্য সংস্থাসমূহৰ বাবে দুটা কৰ ৰেহাই ব্যৱস্থা এটাত একত্ৰিত কৰা হ'ব।
  • বহুতো পৰিশোধৰ ওপৰত ৫ শতাংশ টিডিএছ হাৰ ২ শতাংশ টিডিএছ হাৰত একত্ৰিত হৈছে।
  • মিউচুৱেল ফাণ্ড বা ইউটিআইৰ দ্বাৰা ইউনিটপুনৰ ক্ৰয়ৰ ওপৰত ২০ শতাংশ টিডিএছ হাৰ প্ৰত্যাহাৰ কৰা হৈছে।
  • ই-কমাৰ্চ অপাৰেটৰৰ ওপৰত টিডিএছ হাৰ একৰ পৰা ০.১ শতাংশলৈ হ্ৰাস পাইছে।
  • বিবৃতি দাখিলৰ নিৰ্দিষ্ট তাৰিখলৈকে টিডিএছ পৰিশোধৰ বাবে হোৱা বিলম্বক অপৰাধমুক্ত ঘোষণা কৰা হৈছে।

পুনৰ্মূল্যায়নৰ সৰলীকৰণ

  • মূল্যায়ন বৰ্ষৰ শেষৰ পৰা পাঁচ বছৰলৈকে তিনি বছৰৰ পিছত মূল্যায়ন পুনৰ মুকলি কৰিব পাৰি যদিহে আয়ৰ পৰা বাচি যোৱা উপাৰ্জন ৫০ লাখ টকা বা অধিক  হয়।
  • অনুসন্ধানৰ ক্ষেত্ৰত, অনুসন্ধানৰ বছৰৰ আগতে সময়সীমা দহৰ পৰা ছয় বছৰলৈ হ্ৰাস কৰা হয়।

মূলধনী লাভৰ সৰলীকৰণ আৰু যৌক্তিকীকৰণ

  • ২০ শতাংশ কৰ হাৰ আকৰ্ষিত কৰিবলৈ কিছুমান বিত্তীয় সম্পদৰ ওপৰত হ্ৰস্বম্যাদী লাভৰ দিহা।
  • ১২.৫ শতাংশ কৰ হাৰ আকৰ্ষিত কৰিবলৈ সকলো বিত্তীয় আৰু অ-বিত্তীয় সম্পদৰ ওপৰত দীৰ্ঘম্যাদী লাভৰ দিহা।
  • কিছুমান বিত্তীয় সম্পত্তিৰ মূলধনী লাভৰ ৰেহাইৰ সীমা প্ৰতি বছৰে ১.২৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

 

কৰ দাতা সেৱাসমূহ

  • আপীল আদেশবোৰ কাৰ্যকৰী কৰা আৰু সংশোধন কৰা আৰু আদেশ সহ শুল্ক আৰু আয়কৰৰ বাকী থকা সকলো সেৱা পৰৱৰ্তী দুবছৰত ডিজিটেল কৰাৰ প্ৰস্তাৱ ।

মোকৰ্দমা আৰু আপীল

  • আপীলত স্থগিত থকা আয়কৰ বিবাদৰ সমাধানৰ বাবে ‘বিবাদ চে বিশ্বাস ২০২৪'।
  • কৰ ন্যায়াধিকৰণ, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত প্ৰত্যক্ষ কৰ, আবকাৰী আৰু সেৱা কৰ সম্পৰ্কীয় আপীল দাখিলৰ বাবে মুদ্ৰাৰ সীমা ক্ৰমান্বয়ে ৬০ লাখ, ২ কোটি আৰু ৫ কোটি টকালৈ বৃদ্ধি পাইছে।
  • মোকৰ্দমা হ্ৰাস কৰিবলৈ আৰু আন্তৰ্জাতিক কৰৰ ক্ষেত্ৰত নিশ্চিয়তা প্ৰদান কৰিবলৈ সুৰক্ষিত বন্দৰৰ নিয়মবোৰ সম্প্ৰসাৰিত কৰা হৈছে

 

নিযুক্তি আৰু বিনিয়োগ

  • ষ্টাৰ্ট-আপ পৰিৱেশ-প্ৰণালীক শক্তিশালী কৰাৰ বাবে সকলো শ্ৰেণীৰ বিনিয়োগকাৰীৰ বাবে এঞ্জেল কৰ বাতিল কৰা হৈছে,।
  • ভাৰতত ক্ৰুজ পৰ্যটনৰ প্ৰচাৰৰ বাবে ঘৰুৱা পৰিভ্ৰমণ পৰিচালনা কৰা বিদেশী জাহাজ কোম্পানীবোৰৰ বাবে সৰল কৰ ব্যৱস্থাৰ প্ৰস্তাৱ।
  • দেশত কেঁচা হীৰা বিক্ৰী কৰা বিদেশী খনন কোম্পানীসমূহৰ বাবে সুৰক্ষিত বন্দৰৰ হাৰ।
  • বিদেশী কোম্পানীৰ ওপৰত কৰ্পোৰেট কৰৰ হাৰ ৪০ৰ পৰা ৩৫ শতাংশলৈ হ্ৰাস পাইছে।

কৰাধাৰৰ সুদৃঢ়কৰণ

  • চিকিউৰিটি ট্ৰেনজেকশ্যন কৰ চিকিউৰিটিৰ ভৱিষ্যত আৰু বিকল্পৰ ওপৰত কৰ ক্ৰমান্বয়ে ০.০২ শতাংশ আৰু ০.১ শতাংশলৈ বৃদ্ধি পাইছে।
  • প্ৰাপ্তকৰ্তাৰ হাতত থকা শ্বেয়াৰ ঘূৰাই ক্ৰয় কৰাৰ পিছত প্ৰাপ্ত কৰা উপাৰ্জনৰ ওপৰত কৰ আৰোপ কৰা হব।

সামাজিক সুৰক্ষা লাভালাভ

  • এনপিএছৰ বাবে নিয়োগকৰ্তাই কৰ্মচাৰীৰ দৰমহাৰ কৰিবলগীয়া ব্যয় কৰ্তনৰ সীমা ১০ৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি কৰা হ'ব।
  • ২০ লাখলৈকে সৰু চলনশীল বিদেশী সম্পত্তিৰ প্ৰতিবেদন নিদিয়াৰটোক দণ্ডহীন কৰা হৈছে।

 

বিত্ত বিধেয়কৰ অন্যান্য মুখ্য প্ৰস্তাৱ

 

  • ২ শতাংশ সমানীকৰণ উপকৰাৰোপন প্ৰত্যাহাৰ কৰা হৈছে।

নতুন কৰ ব্যৱস্থাৰ অধীনত ব্যক্তিগত আয়কৰৰ পৰিৱৰ্তন

  • বেতনভোগী কৰ্মচাৰীসকলৰ বাবে মানক কৰ্তনৰ সীমা ৫০,০০০ ৰ পৰা ৭৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে।
  • পেঞ্চনাৰসকলৰ বাবে পাৰিবাৰিক পেঞ্চনৰ ওপৰত কৰ্তনৰ সীমা ১৫,০০০ৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে।
  • সংশোধিত কৰ হাৰৰ গাঁথনি:

০ – ৩ লাখ টকা

নাই

৩ – ৭ লাখ টকা

৫ শতাংশ

৭ – ১০ লাখ টকা

১০ শতাংশ

১০ – ১২ লাখ টকা

১৫ শতাংশ

১২ – ১৫ লাখ টকা

২০ শতাংশ

১৫ লাখ টকাৰ ওপৰত

৩০ শতাংশ

  • • নতুন কৰ ব্যৱস্থাত বেতনভোগী কৰ্মচাৰীয়ে আয়কৰত ১৭,৫০০/- টকা পৰ্যন্ত ৰাহি কৰিব।

*****

NB/SNC/VV/VN/PD/CNAN/KSS/LPS/RK/KB



(Release ID: 2036066) Visitor Counter : 19